প্ৰিয়ংকা চোপ্ৰাৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল অক্ষয় কুমাৰৰ পত্নীয়ে! কাৰণ…
বৰছাত নামৰ ছবিখনৰ বিষয়ে হয়তো বহুতে জানে। প্ৰথম অৱস্থাত এই ছবিখনত অক্ষয় কুমাৰে অভিনয় কৰাৰ কথা আছিল । কিন্তু পাছত তেওঁ বিশেষ কাৰণত ছবিখন নকৰাৰ সিদ্ধান্ত লৈছিল।

২০০৫ চনত মুক্তি লাভ কৰা ‘বৰছাত’ নামৰ ছবিখনৰ বিষয়ে আপুনি জানেনে? এই ছবিখনত ববী দেউল, বিপাশা বসু আৰু প্ৰিয়ংকা চোপ্ৰাই একেলগে অভিনয় কৰিছিল। ত্ৰিকোণ প্ৰেমৰ এই ছবিখন সেই সময়ত বক্স অফিচত হিট হৈছিল। কিন্তু আপুনি জানেনে, এই ছবিত প্ৰথমে ববী দেউল নহয়, অক্ষয় কুমাৰে অভিনয় কৰাৰ কথা আছিল। কিন্তু শেষ মূহুৰ্তত এই ছবিখনৰ পৰা ওলাই যায় অক্ষয় কুমাৰ। ইয়াৰ আঁৰত আছিল অভিনেত্ৰী প্ৰিয়ংকা আৰু অক্ষয়ৰ পত্নী টুইংকল খান্না।
এই ছবিখন মুক্তি লাভৰ প্ৰায় ১৯ বছৰত পাছত ছবি পৰিচালক সুনীল দৰ্শনে ছবিখনৰ পৰ্দাৰ আঁৰৰ ৰহস্যৰ কথা কয়। তেওঁ কোৱা অনুসৰি, ছবিখনত প্ৰথমে ববী দেউলে কাম কৰাৰ কথা নাছিল। প্ৰথম অৱস্থাত অক্ষয় কুমাৰে শ্বুটিং কৰি আছিল আৰু শেষ মূহুৰ্তত কাম নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । সেই সময়ত এইটো এটা ডাঙৰ সমস্যা আছিল।
এটা সাক্ষাৎকাৰত সুনীলে কয়, “অক্ষয় আৰু প্ৰিয়ংকাই সেই ছবিখনত অভিনয় কৰাৰ কথা আছিল। কিন্তু পাঁচ দিন শ্বুটিং কৰাৰ পাছত অক্ষয়ে মোক এখন মিটিঙলৈ মাতে। তেতিয়াই মই সমস্যাটোৰ বিষয়ে জানিব পাৰিছিলো।” পৰিচালকগৰাকীয়ে কয় যে সমস্যাৰ বিষয়ে জানিব পাৰি মই ববী দেউলক যোগাযোগ কৰিছিলো। ববীৰ মেনেজাৰেও তেওঁক এখন ছবিখনত অভিনয় কৰিবলৈ অনুৰোধ কৰিছিল। পৰিচালকগৰাকীয়ে কয় যে, অক্ষয়ে গোলমাল কৰিলে, যাৰ বাবে তেওঁ ছবিখনৰ পৰা ওলাই গৈছিল।
পৰিচালকগৰাকীয়ে লগতে কয়, “সেই সময়ত অক্ষয় কুমাৰ আৰু প্ৰিয়ংকা চোপ্ৰাৰ সম্পৰ্কক লৈ বিভিন্ন ধৰণৰ চৰ্চা হৈছিল। যাৰ বাবে অক্ষয়ৰ পত্নী টুইংকলে ঘৰ এৰি গুচি গৈছিল। এজন অভিনেতা হিচাপে সকলো ক্ষেত্ৰতে সাৱধান হ’ব লাগে। ইয়াৰোপৰি অক্ষয়ৰ পত্নীৰ বলীউডৰ সৈতে ভাল চিনা পৰিচয় আছে, গতিকে তেওঁ ভিতৰৰ সকলো খবৰ লাভ কৰিছিল। ইয়াকে লৈ দুয়োৰে মাজত কাজিয়া হৈছিল আৰু অক্ষয়ে ছবিখন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল”।
লগতে কয়, “এই কামৰ বাবে অক্ষয়ে কেতিয়াও প্ৰিয়ংকাক দোষাৰোপ কৰা নাছিল। অক্ষয়ে সকলো দোষ নিজৰ ওপৰত লৈছিল আৰু কৈছিল যে তেওঁ পৰৱৰ্তী ছবিখন মোৰ লগত কৰিব। ইয়াৰ পাছতে আমাৰ টীমৰ পৰা ববী দেউলক যোগাযোগ কৰা হয় আৰু তেওঁ ছবিখনৰ বাবে স্বাক্ষৰ কৰে”।
অন্য খবৰ পঢ়কঃ মোৰ মাহেকীয়া চলি আছিল, তেতিয়া অক্ষয়ে টানি নিছিল আৰু…উচুপি উঠিল ৰবিনা টেণ্ডন