শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Navaratri Wishes: কেতিয়া শাৰদীয় নৱৰাত্ৰি? এই নৱৰাত্ৰিত সকলোকে দিয়ক শুভকামনা

পঞ্চাঙৰ তথ্য অনুসৰি শাৰদীয় নৱৰাত্ৰি এই বছৰৰ ২২ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব আৰু দশেৰা ২ অক্টোবৰত উদযাপন কৰা হ’ব। শাৰদীয় নৱৰাত্ৰি হিন্দু ধৰ্মৰ এক গুৰুত্বপূৰ্ণ উৎসৱ, যিটো দেৱী দুৰ্গাক উৎসৰ্গিত কৰা হয়। এই নৱৰাত্ৰিত ৯ দিনে দেৱীৰ ৯ টা বিভিন্ন ৰূপৰ পূজা কৰা হয়।

Navaratri Wishes: কেতিয়া শাৰদীয় নৱৰাত্ৰি? এই নৱৰাত্ৰিত সকলোকে দিয়ক শুভকামনা
Maa Durga News
barasha-misra
Barasha Misra | Updated On: 21 Sep 2025 13:58 PM

২২ ছেপ্টেম্বৰ সোমবাৰৰ পৰা আৰম্ভ হৈছে শাৰদীয় নৱৰাত্ৰি ২০২৫ৰ শুভ উৎসৱ। নৱৰাত্ৰিৰ ন দিনত দেৱী দুৰ্গাৰ নটা ৰূপক পূজা কৰা হয়। এইবাৰ অত্যন্ত শুভ কাৰণ হাতীত উঠি আহিব দেৱী আদিশক্তি। বিশ্বাস কৰা হয় যে এই বছৰে সুখ, সমৃদ্ধি, শান্তি কঢ়িয়াই আনিব।

পঞ্চাঙৰ তথ্য অনুসৰি শাৰদীয় নৱৰাত্ৰি এই বছৰৰ ২২ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব আৰু দশেৰা ২ অক্টোবৰত উদযাপন কৰা হ’ব। শাৰদীয় নৱৰাত্ৰি হিন্দু ধৰ্মৰ এক গুৰুত্বপূৰ্ণ উৎসৱ, যিটো দেৱী দুৰ্গাক উৎসৰ্গিত কৰা হয়। এই নৱৰাত্ৰিত ৯ দিনে দেৱীৰ ৯ টা বিভিন্ন ৰূপৰ পূজা কৰা হয়।

এইবছৰ ২২ ছেপ্তেম্বৰৰ পৰা নৱৰাত্ৰি আৰম্ভ হ’ব। পঞ্চমী – ২৭ ছেপ্টেম্বৰ ২০২৫ শনিবাৰ ( সময় ০৩:৪৮ বজাৰ পৰা ০৬:১২ বজালৈ), ষষ্ঠি – দেওবাৰ, ২৮ ছেপ্টেম্বৰ, ২০২৫, সপ্তমী ২৯ ছেপ্টেম্বৰ ২০২৫ সোমবাৰ, অষ্টমী ৩০ ছেপ্টেম্বৰ ২০২৫ মঙলবাৰ ( পূজাৰ সময় ২৯ ছেপ্টেম্বৰৰ বিয়লি ৪:৩১ বজাত আৰু ৩০ ছেপ্টেম্বৰত সন্ধিয়া ৬:০৬ বজাত শেষ হ’ব)। নৱমী ১ অক্টোবৰ ২০২৫ বুধবাৰ (মহানৱমী পূজাৰ সময় ৩০ ছেপ্টেম্বৰৰ সন্ধিয়া ৬:০৬ বজাত আৰু ১ অক্টোবৰৰ সন্ধিয়া ৭:০১ বজাত শেষ হ’ব)। দশমী ২ অক্টোবৰ ২০২৫ বৃহস্পতিবাৰ (দুৰ্গা বিসৰ্জন মুহুৰ্তা – পুৱা ৬:১৫ বজাৰ পৰা ৮:৩৭ বজালৈ)। এই বিশেষ দিনটোৰ পূৰ্বে আপোনজনক দিয়ক শুভেচ্ছা।

শুভেচ্ছা( Navaratri wishes)

    1. মা দুৰ্গাৰ চৰণত সেৱা জনাইছোঁ, আশাৰে ভৰা হওক। নৱৰাত্ৰিৰ শুভেচ্ছা
    2. নৱৰাত্ৰি হৈছে সুখৰ দিন, আপোনাৰ জীৱন সুখেৰে ভৰি থাকক আৰু প্ৰতিটো ইচ্ছা পূৰণ হওঁক।
    3. আপোনাৰ পৰিয়ালৰ সুস্বাস্থ্য, সুখ-সম্পদ কামনা কৰি মা নৱৰাত্ৰিৰ এই পৱিত্ৰ উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
    4. দেৱীৰ কৃপাত জীৱন আলোকিত হওক, নৱৰাত্ৰিৰ উৎসৱে সকলোৰে জীৱনত সুখ কঢ়িয়াই আনক, শাৰদীয় নৱৰাত্ৰিৰ শুভেচ্ছা।
    5. নৱৰাত্ৰিত মাৰ আশীৰ্বাদে আপোনাৰ প্ৰতিটো খোজ সফল কৰক, মাৰ আশীৰ্বাদ সদায় আপোনাৰ জীৱনত ৰৈ যাওক, নৱৰাত্ৰীৰ শুভেচ্ছা থাকিল
    6. জগতৰ ৰক্ষক মাৰ আশীৰ্বাদ সদায় আপোনাৰ লগত থাকক, আপোনাৰ সকলো কাম সম্পূৰ্ণ হওক। নৱৰাত্ৰিৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ।