শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

যাৰ বাবে সুৰা ত্যাগ কৰিছিল ধৰ্মেন্দ্ৰই, সেইগৰাকী অভিনেত্ৰী আজিও অবিবাহিতা, ৮২ বছৰ বসয়ত অকলশৰীয়া…

এসময়ত বলীউডত ৰাজত্ব কৰা এগৰাকী জনপ্ৰিয় অভিনেতা ধৰ্মেন্দ্ৰ। এইগৰাকী অভিনেতাই দুবাৰকৈ বিয়া পাতিছিল। কিন্তু তেওঁৰ লগতে কাম কৰা এগৰাকী অভিনেত্ৰীয়ে গোটেই জীৱন অবিবাহিতা হৈ থাকে।

যাৰ বাবে সুৰা ত্যাগ কৰিছিল ধৰ্মেন্দ্ৰই, সেইগৰাকী অভিনেত্ৰী আজিও অবিবাহিতা, ৮২ বছৰ বসয়ত অকলশৰীয়া…
ধৰ্মেন্দ্ৰImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 11 Jun 2025 21:09 PM

বলীউডৰ এসময়ৰ এগৰাকী জনপ্ৰিয় অভিনেতা ধৰ্মেন্দ্ৰ।  কিছু বছৰ পূৰ্বলৈকে ছবিজগতত এক বিশেষ স্থান দখল কৰি ৰাখিছিল তেওঁ। ধৰ্মেন্দ্ৰৰ লগত বহু অভিনেত্ৰীয়ে অভিনয় কৰিছে। কিন্তু এনে এগৰাকী অভিনেত্ৰী আছে যিয়ে গোটেই জীৱন অবিবাহিতা হৈ ৰয়। এইগৰাকী অভিনেত্ৰীয়ে কেতিয়াও বিয়াত নবহিল। বৰ্তমান সময়ত তেওঁৰ বয়স ৮২ বছৰ। আমি কৈছে এসময়ৰ জনপ্ৰিয় অভিনেত্ৰী আশা পাৰেখৰ কথা। আশা পাৰেখ আৰু ধৰ্মেন্দ্ৰই ছবিত একেলগে অভিনয় কৰিছিল। কিন্তু এটা এনে সময় আহি পৰিছিল যেতিয়া আশাৰ অনুৰোধত ধৰ্মেন্দ্ৰই মদ্যপান এৰি দিছিল।

জনপ্ৰিয় তাৰকাৰ ভিতৰত আশা পাৰেখ আৰু ধৰ্মেন্দ্ৰ অন্যতম। দুয়োজনে একেলগে কেইবাখনো ছবিত অভিনয় কৰিছিল। দুয়োৰে যুটি ‘আয়ে দিন বাহাৰ কে’ নামৰ ছবিখনৰ পৰা জনপ্ৰিয় হৈ পৰিছিল। কোৱা হয়, সেই ছবিখনৰ পাছত ধৰ্মেন্দ্ৰই সুৰাপান কৰা এৰি দিছিল। এই ক্ষেত্ৰত ধৰ্মেন্দ্ৰক সহায় কৰিছিল আশা পাৰেখে।

এবাৰ টিভিৰ ৰিয়েলিটি শ্ব’ৰ সময়ত ধৰ্মেন্দ্ৰই কৈছিল যে, আমি দাৰ্জিলিঙৰ ‘আয়ে দিন বাহাৰ’ৰ শ্বুটিং কৰি আছিলো। শ্বুটিঙৰ পাছত আমি আটায়ে গভীৰ নিশালৈ সুৰাপান কৰিছিলো। ধৰ্মেন্দ্ৰই কয় যে, সেই সময়ত তেওঁ বহুত মদ খাইছিল। ইয়াৰ পৰিমাণ ইমানেই বেছি আছিল যে তেওঁৰ মুখৰ পৰা গোন্ধ ওলাই আছিল। ইয়াৰ পৰা হাত সাৰিবলৈ অভিনেতাজনে এক অদ্ভুত পথ বিচাৰি লৈছিল যদিও সহায় হোৱা নাছিল।

ধৰ্মেন্দ্ৰই কয় যে,তেওঁৰ মুখৰ পৰা মদৰ গোন্ধ ওলাইছিল যাৰ বাবে চেটলৈ যোৱাৰ পূৰ্বে পিঁয়াজ খাই গৈছিল। অৱশ্যে তাৰ পাছতো আশাই ধৰ্মেন্দ্ৰৰ মুখৰ পৰা গোন্ধ পাইছিল। তেতিয়া ধৰ্মেন্দ্ৰই অভিনেত্ৰীগৰাকীক কৈছিল যে, এয়া গোন্ধ পিঁয়াজৰ নহয় মদৰহে। ইয়াৰ পিছত অভিনেত্ৰীগৰাকীয়ে অভিনেতাজনক মদ্যপান এৰিবলৈ কয়। ধৰ্মেন্দ্ৰই লগে লগে তেওঁৰ কথাত সন্মতি প্ৰদান কৰিছিল আৰু সুৰা ত্যাগ কৰে।

 

Asha Parekh

আশা পাৰেখ

উল্লেখ্য যে, ধৰ্মেন্দ্ৰই ২ বাৰকৈ বিয়া পাতিছিল আৰু তেওঁৰ ৬টাকৈ সন্তান আছে। ইয়াৰ বিপৰীতে আশা পাৰেখে গোটেই জীৱন অকলশৰীয়াকৈ কটায়। এইগৰাকী অভিনেত্ৰীয়ে কেতিয়াও বিয়াত নবহিলে। অভিনেত্ৰীগৰাকীয়ে তেওঁৰ আত্মজীৱনী ‘দ্য হিট গাৰ্ল’ত কয় যে, “মই বিশ্বাস কৰোঁ যে বিবাহ ওপৰৰ পৰা ঠিক হৈ আহে। হয়তো ভগৱানে মোৰ যোৰা বনাব পাহৰি গ’ল। মোৰ বিয়াৰ সংযোগ নাছিল। সেইবাবে মোৰ বিয়া নহ’ল।কিন্তু মোৰ মায়ে বিচাৰিছিল বিয়া হোৱাতো”।

 

অন্য খবৰ পঢ়কঃ ৪ মাহৰ গৰ্ভৱতী ঐশ্বৰ্য ৰায়! সৰগ ভাঙি পৰিল এইগৰাকী পৰিচালকৰ ওপৰত…