শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

এখন-দুখন নহয়, ২২ খনকৈ ছবি! বিজয়ে সলালে অভিতাভৰ ভাগ্যৰ পথ, বক্স অফিচত চলিল ‘বিজয় ৰথ’

ভাৰতীয় চিনেমা জগতৰ চিৰসেউজ অভিনেতা ৰূপে দৰ্শকৰ মনত সদায়েই স্থান দখল কৰি আহিছে অমিতাভ বচ্চনে। পিছে কেৰিয়াৰৰ প্ৰাথমিক অৱস্থাত সফল হোৱা নাছিল আজিৰ এই মহাতাৰকাগৰাকী। ইয়াৰ পিছতে তেওঁ বিজয় নাম গ্ৰহণ কৰি ইখনৰ পিছত সিখন সফল ছবিৰে বক্স অফিচত খলকনি তোলে।

monjit-dutta
Monjit Dutta | Published: 10 Jun 2025 16:04 PM
সম্প্ৰতি ৮২ বছৰ বয়সীয়া বলীউডৰ ‘চিৰ তৰুণ’ অমিতাভ বচ্চন। পিছে এই বয়সতো ছবিত অবিৰতভাৱে কাম কৰি আছে অভিনেতাগৰাকীয়ে। প্ৰকাশিত তথ্য অনুসৰি, বৰ্তমান অমিতাভ বচ্চন কেইখনমান ছবিৰ কামত জড়িত হৈ আছে। তেওঁৰ আগন্তুক এনে ছবিৰ ভিতৰত অন্যতম বৃহৎ প্ৰজেক্ট হিচাপে চৰ্চিত হৈছে কল্কি ২।

1 / 6
বলীউডত বৰ্তমান নিজকে মহাতাৰকা হিচাপে প্ৰতিষ্ঠা কৰিলেও প্ৰাৰম্ভিক পৰ্যায়ত অমিতাভ বচ্চন অভিনীত ১২খন ছবি একেৰাহে ফ্লপ হৈছিল। কিন্তু ধাৰাবাহিকভাৱে ফ্লপ ছবিৰ পিছতো তেওঁ হাৰ মনা নাছিল। এই ধৈৰ্য, একাগ্ৰতাৰ বলতে পিছলৈ ‘এংগ্ৰী ইয়ং মেন’ ৰূপে এক সফলতাৰ মুখ হৈ পৰে অমিতাভ।

2 / 6
১৯৭৩ চনত মুক্তিপ্ৰাপ্ত ‘জঞ্জীৰ’ ছবিয়ে সলনি কৰিছিল অমিতাভ বচ্চনৰ ভাগ্য। এই ছবিখনত তেওঁৰ চৰিত্ৰটোৰ নাম আছিল বিজয়। ‘জঞ্জীৰ’ত অমিতাভ বচ্চনে পৰিদৰ্শক ‘বিজয় খান্না’ৰ চৰিত্ৰত অভিনয় কৰিছিল। এই ছবিখন ব্লকবাষ্টাৰ হিচাপে পৰিগণিত হৈছিল, লাভ কৰিছিল দৰ্শকৰ ব্যাপক সমাদৰ।

3 / 6
‘জঞ্জীৰ’ৰ এই সফলতাৰ পিছত প্ৰায় ২২খন ছবিত অমিতাভ বচ্চনে বিজয় নামত চৰিত্ৰত অভিনয় কৰিছিল। পূৰ্বে ছবি উদ্যোগত এক বিশেষ পৰম্পৰা দেখা গৈছিল আৰু সেই পৰম্পৰাৰ বাবেই এগৰাকী অভিনেতাৰ ছবি যি নামেৰেই ছুপাৰহিট হৈছিল, পৰৱৰ্তী ছবিসমূহতো তেওঁৰ চৰিত্ৰৰ নাম একে ৰখা হৈছিল।

4 / 6
এইদৰে অমিতাভে ২২ খনকৈ ছবিত বিজয় নামৰ চৰিত্ৰত অভিনয় কৰিছিল। ১৯৭৩ চনত ‘জঞ্জীৰ’ৰ পৰা আৰম্ভ হোৱা এই ধাৰা ২০১০ চনৰ ‘ৰান’ ছবিলৈকে দেখা গৈছিল। জাভেদ আখতাৰেও এবাৰ অমিতাভক প্ৰশংসা কৰি ‘তেওঁ সকলোতে জয়ী হয় বাবেই তেওঁৰ নাম বিজয় ৰখা হৈছে’ বুলি মন্তব্য কৰিছিল।

5 / 6
তথ্য অনুসৰি, প্ৰথম অৱস্থাত অমিতাভ বচ্চনে যি স্থানত কাম কৰিছিল, সেই কৰ্মক্ষেত্ৰত তেওঁৰ বছৰ নাম আছিল বিজয় চৌহান। এই নাম অমিতাভৰ পছন্দ হৈছিল। এই কাৰণতে অমিতাভে নিজৰ চিনেমাত বিজয় নামটো অধিক পছন্দ কৰিছিল।

6 / 6