৪ মাহৰ গৰ্ভৱতী ঐশ্বৰ্য ৰায়! সৰগ ভাঙি পৰিল এইগৰাকী পৰিচালকৰ ওপৰত…
বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চন। বিভিন্ন কাৰণত চৰ্চাত থকা দেখা যায় অভিনেত্ৰীগৰাকী। সেয়া লাগিলে ব্যক্তিগত বা কৰ্মজীৱনৰ সৈতে জড়িত কাৰণ নহওক কিয়।

ঐশ্বৰ্য ৰায় বচ্চন। বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। বিভিন্ন কাৰণত অভিনেত্ৰীগৰাকী চৰ্চাত থকা দেখা যায়। সেই লাগিলে ব্যক্তিগত জীৱন বা কৰ্মজীৱনে নহওক কিয়। মুঠতে বিভিন্ন কাৰণত ঐশ্বৰ্য সামাজিক মাধ্যমত চৰ্চাৰ বিষয় হৈ পৰে। বিভিন্ন সময়ত বিতৰ্কৰো সন্মুখীন হয় অভিনেত্ৰীগৰাকী। একাংশই তেওঁ প্ৰশংসা কৰাৰ বিপৰীতে একাংশই কৰে সমালোচনা। তেওঁক সমালোচনা কৰা লোকসকলৰ তালিকাত নাম আছে পৰিচালক মধুৰ ভণ্ডৰকাৰৰ নামো।
এবাৰ তেওঁ অভিনেত্ৰী ঐশ্বৰ্য ৰায়ৰ সৈতে চিনেমা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সকলো ঠিকমতে আগবাঢ়িছিল যদিও সেই সময়ত ঐশ্বৰ্য ৰায় বিবাহ পাশত আৱদ্ধ হৈছিল। বৰ্তমান সময়তকৈ সেই সময়ত অভিনেত্ৰীগৰাকীৰ জনপ্ৰিয়তা অধিক বেছি আছিল। তেওঁৰ ছবি বক্স অফিচত হিট আছিল। গতিকে ঐশ্বৰ্য ৰায়ৰ সৈতে কাম কৰা মানে আছিল ডাঙৰ প্ৰজেক্ট। এই সকলো দিশ ভাবি চিন্তা পৰিচালকগৰাকীয়ে ঐশ্বৰ্য ৰায়ক ছবিৰ বাবে বাচনি কৰিছিল।
কিন্তু হঠাতে পৰিচালক মধুৰ ভণ্ডৰকাৰৰ ওপৰত সৰগ ভাগি পৰে। কিয়নো বিভিন্ন সংবাদ মাধ্যমৰ পৰা তেওঁ জানিব পাৰে যে ঐশ্বৰ্য ৰায় ৪ মাহৰ গৰ্ভৱতী। এই কথা শুনি ছবি পৰিচালকগৰাকী আচৰিত হৈ পৰে। তেওঁ বিমোৰত পৰিছিল আৰু কি কৰিব ভাবি পোৱা নাছিল। ইয়াৰ মাজতে ঐশ্বৰ্য ৰায় সন্দৰ্ভত বিভিন্ন উৰাবাতৰিও পোহৰলৈ আহিছিল। বহু সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল অভিনেত্ৰীগৰাকী। পৰিচালকগৰাকীয়ে দাবী কৰিছিল যে এয়া এক প্ৰৱঞ্চনা।
কিন্তু সেই সময়তে ঐশ্বৰ্য ৰায়ৰ সমৰ্থন মাত মাতিছিল শহুৰেক অমিতাভ বচ্চন। তেওঁ ঐশ্বৰ্যক সমৰ্থন কৰি কয়, “ঐশ্বৰ্য ৰায় বচ্চন যে বিয়া হৈছে সেই কথা সকলোৱে জানে। ছবিখনত চহী কৰাৰ সময়ত পৰিচালকে জানিছিল বিবাহিতা বুলি।অভিনেত্ৰীসকলে বিয়া নহ’ব, সন্তান জন্ম দিব নোৱাৰে বুলি কোনে কৈছে? মই নাভাবো যে এইটো কোনো চুক্তিৰ অংশ হ’ব পাৰে। যদি আপুনি কোনো প্ৰজেক্টৰ সৈতে জড়িত তেন্তে সন্তান জন্ম দিব নোৱাৰে নেকি?”
মধুৰ ভণ্ডাৰকাৰে কয় যে, তেওঁ সময়ত ডাঙৰ বিপদত পৰিছিল। তেওঁ বুজি পোৱা নাছিল যে এই সকলোবোৰ কেনেকৈ ঠিক কৰিব লাগে। অভিনেত্ৰী বিচাৰি নাপাই তেওঁলোকে সাহস হেৰুৱাই পেলাইছিল। তেওঁ অনুভৱ কৰিছিল যে ইমানবোৰ মানুহৰ জীৱিকা ইয়াৰ লগত জড়িত, তেওঁ নিজেই এই ছবিখনৰ বাবে ৩ বছৰৰ অধিক সময় কাম কৰিছিল। আনকি তেওঁ হতাশাত ভুগিছিল। বহু প্ৰচেষ্টাৰ অন্তত তেওঁ ছবিখন নিৰ্মাণ কৰিছিল। এই ছবিখনৰ নাম আছিল ‘হিৰোইন’। পৰৱৰ্তী সময়ত ছবিখনত কৰিণা কাপুৰে অভিনয় কৰিছিল। ছবিখন ২০১২ চনত মুক্তি লাভ কৰিছিল।
অন্য খবৰ পঢ়কঃ গুৰুৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক, বলীউডৰ এইগৰাকী কণ্ঠশিল্পীৰ অৱস্থা কি হ’ল জানেনে?