শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভাল খবৰ! ২৯৬৪ টা পদৰ বাবে ওলাইছে চাকৰিঃ ক’ত, কেনেকৈ আবেদন কৰিব জানক…

আপুনিও চাকৰি বিচাৰি আছে নেকি? তেন্তে আছে এক ভাল খবৰ। এছ বি আইত ওলাইছে চাকৰি। গতিকে আপুনি যদি যোগ্য আৰু ইচ্ছুক তেন্তে কৰিব পাৰে আবেদন।

ভাল খবৰ! ২৯৬৪ টা পদৰ বাবে ওলাইছে চাকৰিঃ ক’ত, কেনেকৈ আবেদন কৰিব জানক…
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 28 May 2025 14:04 PM

চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ। ষ্টেট বেংক অৱ ইণ্ডিয়া (SBI) ত ওলাইছে চাকৰি। এই নিযুক্তি প্ৰক্ৰিয়াৰ দ্বাৰা বেংকটোৱে ২৯৬৪ টা চাৰ্কল বেছড অফিচাৰ (চি বি অ’)ৰ খালী পদ পূৰণ কৰিব। গতিকে যোগ্য আৰু ইচ্ছুক প্ৰাৰ্থীসকলে ২৯ মে’, ২০২৫ ৰ পূৰ্বে ইয়াৰ বাবে অনলাইন আবেদন কৰিব পাৰে।

  • পদৰ নামঃ Circle Based Officer
  • পদৰ সংখ্যাঃ ২৯৬৪ টা
  • নৰ্থ ইষ্টাৰ্ণ চাৰ্কলত পদৰ সংখ্যাঃ ১৩০ টা

অৰ্হতা

স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাত স্নাতক হ’ব লাগিব। মেডিকেল, ইঞ্জিনিয়াৰিং, চাৰ্টাৰ্ড একাউণ্টেণ্ট, কষ্ট একাউণ্টেণ্টৰ দৰে অৰ্হতা থকা প্ৰাৰ্থীসকলেও যোগ্য হ’ব। স্থানীয় ভাষা জানিব লাগিব। অধিক জানিবলৈ আপুনি বেংকৰ অফিচিয়েল ৱেবচাইট চাব পাৰে।

দৰমহা

এই পদৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীয়ে প্ৰথম অৱস্থাত ৪৮,৪৮০ টা দৰমহা লাভ কৰিব। ৪৮৪৮০-২০০০/৭-৬২৪৮০-২৩৪০/২-৬৭১৬০-২৬৮০/৭-৮৫৯২০ স্কেলত ৪৮,৪৮০/- যিটো জুনিয়ৰ মেনেজমেণ্ট গ্ৰেড স্কেল-I ৰ বাবে প্ৰযোজ্য আৰু ২টা অগ্ৰিম বৃদ্ধি।

বয়স

প্ৰাৰ্থীৰ বয়স ২১ ৰ তলত আৰু ৩০ বছৰৰ ওপৰত হ’ব নোৱাৰিব। অৰ্থাৎ প্ৰাৰ্থীৰ জন্ম ৩০.০৪.২০০৪ ৰ পাছত আৰু ০১.০৫.১৯৯৫ৰ আগত হ’ব নোৱাৰিব।

ৰেহাই

  • SC: ৫ বছৰ
  • ST: ৫ বছৰ
  • OBC: ৩ বছৰ
  • PwBD/ UR-EWS: ১০ বছৰ
  • PwBD/ OBC: ১৩ বছৰ
  • PwBD/ SC-ST: ১৫ বছৰ

মাচুল

UR/ OBC/ EWS- ৭৫০ টকা
SC/ ST/ PwBD- মাচুল দিব নালাগে।

 

কেনেকৈ আবেদন কৰিব

  • প্ৰথমে আপুনি এছ বি আইৰ অফিচিয়েল ৱেবচাইটত যাওক।
  • পাছত Important Web-Links ত ক্লিক কৰক।
  • পাছত Online Application Form ত ক্লিক কৰক ।
  • নিজৰ তথ্য আৰু শিক্ষাগত অৰ্হতা দিয়।
  • পাছপোৰ্ট ফটো আৰু স্বাক্ষৰ দিয়ক।
  • আবেদন মাচুল জমা কৰি চাবমিট কৰক।