ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ ঘটনা পৰিঘটনা…
আজিৰ দিনটোতে নাইজেৰিয়াত অসামৰিক শাসন প্ৰতিষ্ঠা হয়। আজিৰ দিনটোতে বৰিছ য়েলচিন ছোভিয়েট ইউনিয়নৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়। ইয়াৰ লগতে ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক দিনটোৰ কেইটামান পৰিঘটনা ।

Image Credit source: GettyImage
বহু ঘটনা পৰিঘটনাৰ বাবে ২৯ মে’ৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে । আজিৰ দিনটোতে নাইজেৰিয়াত অসামৰিক শাসন প্ৰতিষ্ঠা হয়। আজিৰ দিনটোতে বৰিছ য়েলচিন ছোভিয়েট ইউনিয়নৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়। ইয়াৰ লগতে ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক দিনটোৰ কেইটামান পৰিঘটনা ।
দিনটোৰ ইতিহাস
- ১৯৯০ চনৰ আজিৰ দিনটোতে বৰিছ য়েলচিন ছোভিয়েট ইউনিয়নৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়।
- ১৯৯৯ চনৰ আজিৰ দিনটোতে নাইজেৰিয়াত অসামৰিক শাসন স্থাপন।
- ১৯২২ চনৰ আজিৰ দিনটোতে ইকুৱেডৰে স্বাধীনতা লাভ কৰে।
- ১৯৫৩ চনৰ আজিৰ দিনটোতে পৰ্বতাৰোহী শ্বেৰ্পা টেনজিং নৰ্গে আৰু এডমাণ্ড হিলাৰীয়ে ইতিহাসত প্ৰথমবাৰৰ বাবে মাউণ্ট এভাৰেষ্টৰ শিখৰত উপনীত হ’বলৈ সক্ষম হয়।
- ১৯৭০ চনৰ আজিৰ দিনটোতে ছোভিয়েট ইউনিয়নে ভূগৰ্ভস্থ পাৰমাণৱিক পৰীক্ষা চলায়।
- ১৯৭২ চনৰ আজিৰ দিনটোতে বিখ্যাত নাট্যশিল্পী তথা ভাৰতীয় চিনেমাৰ মহান শিল্পী পৃথ্বীৰাজ কাপুৰৰ দেহাৱসান।
- ১৯৮৫ চনৰ আজিৰ দিনটোতে ইউৰোপীয় ফুটবল কাপৰ সময়ত দুটা দলৰ অনুৰাগীৰ মাজত সংঘৰ্ষত ৩৯ জন লোকৰ মৃত্যু হয়।
- ১৯৮৮ চনৰ আজিৰ দিনটোতে পাকিস্তানৰ ৰাষ্ট্ৰপতি জিয়া উল হকে চৰকাৰক বৰ্খাস্ত কৰি সংসদ ভংগ কৰে।
- ২০০৭ চনৰ আজিৰ দিনটোতে জাপানৰ ৰিয়ো মৰি মিছ ইউনিভাৰ্ছ হয়।