শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ ঘটনা পৰিঘটনা…

আজিৰ দিনটোতে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ মৃত্যু হয়। স্বাধীনতা সংগ্ৰামত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে জৱাহৰলাল নেহৰুৰ সাফল্যৰে ইতিহাস ভৰপূৰ। ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক দিনটোৰ কেইটামান পৰিঘটনা ।

ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ ঘটনা পৰিঘটনা…
manas-borah
Manas Borah | Published: 27 May 2025 09:59 AM

বিভিন্ন পৰিঘটনাৰ বাবে ২৭ মে’ৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে । আজিৰ দিনটোতে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ মৃত্যু হয়। স্বাধীনতা সংগ্ৰামত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে জৱাহৰলাল নেহৰুৰ সাফল্যৰে ইতিহাস ভৰপূৰ। ইফালে আজিৰ দিনটোতে চীনৰ গৃহযুদ্ধত জাপানী সেনাই হস্তক্ষেপ কৰে। আজিৰ দিনটোতে ৪ বছৰ ব্ৰিটিছৰ নিয়ন্ত্ৰণৰ অন্তত আফগানিস্তানে সাৰ্বভৌমত্ব লাভ কৰে। ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক দিনটোৰ কেইটামান পৰিঘটনা ।

দিনটোৰ ইতিহাস

  1. ১৭০৩ চনৰ আজিৰ দিনটোতে চেণ্ট পিটাৰ্ছবাৰ্গ প্ৰতিষ্ঠা হয়। এই চহৰখনৰ ৰাছিয়াৰ ইতিহাসত বিশেষ তাৎপৰ্য আছে আৰু ১৯১৭ চনৰ মহান ৰাছিয়ান বিপ্লৱৰ সাক্ষী হিচাপে ই বিশেষ স্বীকৃতি লাভ কৰিছিল।
  2. ১৮১৩ চনৰ আজিৰ দিনটোতে আমেৰিকাই কানাডাৰ ফ’ৰ্ট জৰ্জ দখল কৰে।
  3. ১৯২১ চনৰ আজিৰ দিনটোতে ৮৪ বছৰ ব্ৰিটিছৰ নিয়ন্ত্ৰণৰ অন্তত আফগানিস্তানে সাৰ্বভৌমত্ব লাভ কৰে।
  4. ১৯২৭ চনৰ আজিৰ দিনটোতে চীনৰ গৃহযুদ্ধত জাপানী সেনাই হস্তক্ষেপ কৰে।
  5. ১৯৪৮ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীৰ হত্যাকাণ্ডৰ বিচাৰ আৰম্ভ হয়।
  6. ১৯৫৭ চনৰ আজিৰ দিনটোতে কপিৰাইট বিল গৃহীত হয়। ১৯৫৮ চনৰ ২১ জানুৱাৰীত ইয়াক কাৰ্যকৰী কৰা হয়।
  7. ১৯৬৪ চনৰ আজিৰ দিনটোতে স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ মৃত্যু হয়।
  8. ১৯৯৭ চনৰ আজিৰ দিনটোতে প্ৰথমটো কেৱল মহিলাৰ দলে উত্তৰ মেৰুত উপস্থিত হয়। দলটোত ২০ গৰাকী ব্ৰিটিছ মহিলা আছিল।