ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ ঘটনা পৰিঘটনা…
আজিৰ দিনটোতে অন্ত পৰে নেপালত ২৪০ বছৰ ধৰি চলি থকা ৰাজতন্ত্ৰ। তাৰ পাছত নেপালৰ তেতিয়াৰ ৰজা জ্ঞানেন্দ্ৰক পদচ্যুত কৰি দেশখনক গণৰাজ্য ঘোষণা কৰা হয়। ইয়াৰ লগতে ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক দিনটোৰ কেইটামান পৰিঘটনা ।

দেশ আৰু বিশ্বৰ ইতিহাসত ২৮ মে’ৰ দিনটো বহু পৰিঘটনাৰ বাবে লিপিবদ্ধ হৈ আছে । আজিৰ দিনটোতে অন্ত পৰে নেপালত ২৪০ বছৰ ধৰি চলি থকা ৰাজতন্ত্ৰ। ২০০৮ চনৰ ২৮ মে’ত নেপালৰ বাওঁপন্থী দলটোৱে নিৰ্বাচনত জয়লাভ কৰে। তাৰ পাছত নেপালৰ তেতিয়াৰ ৰজা জ্ঞানেন্দ্ৰক পদচ্যুত কৰি দেশখনক গণৰাজ্য ঘোষণা কৰা হয়। ইয়াৰ লগতে ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক দিনটোৰ কেইটামান পৰিঘটনা ।
দিনটোৰ ইতিহাস
- ১৪১৪ চনৰ আজিৰ দিনটোতে খিজৰ খানে দিল্লীৰ চুলতানত্ব দখল কৰি চৈয়দ বংশৰ শাসনৰ ভেটি স্থাপন কৰে
- ১৮৮৩ চনৰ আজিৰ দিনটোতে হিন্দুত্ববাদী নেতা তথা কবি বিনায়ক দামোদৰ সাভাৰকাৰৰ জন্ম হয়।
- ১৯০৮ চনৰ আজিৰ দিনটোতে জেমছ বণ্ড নামৰ চোৰাংচোৱা উপন্যাসৰ লেখক ইয়ান ফ্লেমিংৰ জন্ম হয়।
- ১৯৬৭ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ নাৱিক ছাৰ ফ্ৰান্সিছ চিচেষ্টাৰে নাৱেৰে অকলে বিশ্ব প্ৰদক্ষিণ কৰি ৬৫ বছৰ বয়সত ঘৰলৈ উভতি আহে।
- ১৯৯৬ চনৰ আজিৰ দিনটোতে প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে পদত্যাগ কৰে।
- ১৯৯৮ চনৰ আজিৰ দিনটোতে পাকিস্তানে ৫টা ভূগৰ্ভস্থ পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰে।
- ২০০৮ চনৰ আজিৰ দিনটোতে নেপালৰ ২৪০ বছৰীয়া ৰাজতন্ত্ৰৰ অন্ত পৰে।