শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ ঘটনা পৰিঘটনা…

৪ মে’ৰ দিনটো বহু ঘটনাৰ বাবে ইতিহাসত পাতত লিপিবদ্ধ হৈ আছে। কেৱল ব্ৰিটেইনৰ নহয়, সমগ্ৰ ইউৰোপৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী মাৰ্গাৰেট থেচাৰক বিশ্বত আইৰন লেডী বুলি জনা যায়। ৪ মে’ৰ দিনটোতে তেওঁ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা ।

ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ ঘটনা পৰিঘটনা…
Image Credit source: GettyImage
manas-borah
Manas Borah | Updated On: 04 May 2025 09:42 AM

বছৰৰ আন আন দিনৰ দৰে ৪ মে’ৰ দিনটো বহু ঘটনাৰ বাবে ইতিহাসত পাতত লিপিবদ্ধ হৈ আছে। কেৱল ব্ৰিটেইনৰ নহয়, সমগ্ৰ ইউৰোপৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী মাৰ্গাৰেট থেচাৰক বিশ্বত আইৰন লেডী বুলি জনা যায়। ৪ মে’ৰ দিনটোতে তেওঁ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। আজিৰ দিনটোতে লণ্ডন ডেইলী মেইলৰ প্ৰথম সংস্কৰণ প্ৰকাশ পায় ।

ইতিহাসৰ ৪ মে’ৰ দিনটোত লিপিবদ্ধ ঘটনা পৰিঘটনা চাওঁ আহক

  1. ১৭৯৯ চনৰ আজিৰ দিনটোতে শ্ৰীৰংগপট্নাৰ যুদ্ধত মহীশূৰৰ টিপু চুলতানৰ মৃত্যু হয়।
  2. ১৮৫৪ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথমটো ডাক টিকট আনুষ্ঠানিকভাৱে জাৰি কৰা হয়।
  3. ১৮৯৬ চনৰ আজিৰ দিনটোতে লণ্ডন ডেইলী মেইলৰ প্ৰথম সংস্কৰণ প্ৰকাশ।
  4. ১৯২৪ চনৰ আজিৰ দিনটোতে পেৰিছত অষ্টম অলিম্পিক গেমছ আৰম্ভ হয়।
  5. ১৯৪৫ চনৰ আজিৰ দিনটোতে নেদাৰলেণ্ড, ডেনমাৰ্ক আৰু নৰৱেত জাৰ্মান বাহিনীয়ে আত্মসমৰ্পণ কৰে।
  6. ১৯৮০ চনৰ আজিৰ দিনটোতে কয়লা খনি দিৱস হিচাপে উদযাপনৰ ঘোষণা।
  7. ১৯২৭ চনৰ আজিৰ দিনটোতে আমেৰিকাত ‘অস্কাৰ’ বঁটা প্ৰদান কৰিবলৈ আৰম্ভ কৰে একাডেমী অৱ মোচন পিকচাৰ আৰ্টছ।
  8. ১৯৫৯ চনৰ আজিৰ দিনটোতে প্ৰথম গ্ৰেমী বঁটা প্ৰদান কৰা হয়।
  9. ১৯৭৯ চনৰ আজিৰ দিনটোতে মাৰ্গাৰেট থেচাৰ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হয়। সমগ্ৰ ইউৰোপতে এই পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী মহিলা।
  10. ১৯৮৩ চনৰ আজিৰ দিনটোতে চীনে পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰে।