ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…
১৮ বছৰৰ পাছত আজিৰ দিনটোতে ব্ৰিটেইনত লেবাৰ পাৰ্টি পুনৰ ক্ষমতালৈ আহে । একেদৰে হিটলাৰে জাৰ্মানীত ট্ৰেড ইউনিয়ন নিষিদ্ধ কৰিছিল আজিৰ দিনটোতে । ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজিৰ দিনটোত ঘটা কেইটামান পৰিঘটনা ।

Image Credit source: GettyImage
২ মে’ৰ দিনটো বিভিন্ন ঘটনা-পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে । ১৮ বছৰৰ পাছত আজিৰ দিনটোতে ব্ৰিটেইনত লেবাৰ পাৰ্টি পুনৰ ক্ষমতালৈ আহে । একেদৰে হিটলাৰে জাৰ্মানীত ট্ৰেড ইউনিয়ন নিষিদ্ধ কৰিছিল আজিৰ দিনটোতে । আজিৰ দিনটোতে ইটালীত থকা জাৰ্মান সৈন্যই আত্মসমৰ্পণ কৰে।
চাওঁ আহক ইতিহাসৰ আজিৰ দিনটোত ঘটা কেইটামান পৰিঘটনা
- ১৯৯৭ চনৰ আজিৰ দিনটোতে ১৮ বছৰৰ পাছত ব্ৰিটেইনত লেবাৰ পাৰ্টি পুনৰ ক্ষমতালৈ আহে আৰু টনি ব্লেয়াৰ ব্ৰিটিছ সংসদীয় ইতিহাসৰ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয়।
- ১৮৮৫ চনৰ আজিৰ দিনটোতে বেলজিয়ামৰ ৰজা দ্বিতীয় লিওপোল্ডে স্বাধীন কংগো ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰে।
- ১৯৯৪ চনৰ আজিৰ দিনটোতে পোলেণ্ডত বাছ দুৰ্ঘটনাত ৩২ জন লোকৰ মৃত্যু হয়।
- ১৯৩৩ চনৰ আজিৰ দিনটোতে হিটলাৰে জাৰ্মানীত ট্ৰেড ইউনিয়ন নিষিদ্ধ কৰে।
- ১৯৪৯ চনৰ আজিৰ দিনটোৰ পৰা মহাত্মা গান্ধীৰ হত্যাকাণ্ডৰ বিচাৰ আৰম্ভ হয়।
- ১৯৪৫ চনৰ আজিৰ দিনটোতে জাৰ্মান সেনাই ইটালীত আত্মসমৰ্পণ কৰে।
- ১৯৯৯ চনৰ আজিৰ দিনটোতে মিৰেয়া মস্কোছ’ক পানামাৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি হিচাপে নিযুক্তি দিয়া হয়।