আদানীৰ সতৰ্কবাণী! অন্ধকাৰত ডুব যোৱাৰ ভয়ত ঋণ পৰিশোধৰ চেষ্টা বাংলাদেশৰ…
আদানী গ্ৰুপৰ সতৰ্কবাণীৰ পাছতে বিপথে পৰিচালিত বাংলাদেশ আহিছে সঠিক পথলৈ। উল্লেখ কৰা প্ৰয়োজন যে, বাংলাদেশ চৰকাৰে আদানী গ্ৰুপক বিদ্যুতৰ নামত কোটি কোটি টকা দিব আছে।

আদানীৰ সতৰ্কবাণীৰ পাছতে গা লৰিছে বাংলাদেশৰ। শ্বেখ হাছিনাৰ চৰকাৰ পতনৰ পাছৰে পৰা ভাৰত-বাংলাদেশৰ সম্পৰ্কৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰিছে। কিন্তু ভাৰতীয় উদ্যোগতিৰ কৃপাত পোহৰ হৈ আছে চুবুৰীয়া ৰাষ্ট্ৰখন। কিয়নো আদানী পাৱাৰৰ সৈতে কৰা চুক্তিৰ ফলত বাংলাদেশ বিদ্যুত সেৱা লাভ কৰে। পিছে এই বিদ্যুতৰ নামত বাংলাদেশে কোটি কোটি টকা পৰিশোধ কৰিব আছে আদানী পাৱাৰক। ইয়াৰ বাবে আদানীয়ে চুবুৰীয়া ৰাষ্ট্ৰখনক সতৰ্কবাণীও প্ৰদান কৰিছিল। সেই সতৰ্কবাণীৰ পাছতে এতিয়া চুবুৰীয়া ৰাষ্ট্ৰখনে লাহে লাহে টকা দিবলৈ আৰম্ভ কৰিছে আদানী গ্ৰুপক।
এই সন্দৰ্ভত আদানী পাৱাৰৰ চিএফঅ’ দিলীপ ঝানে কয় যে, বাংলাদেশে লাহে লাহে টকা দি আছে। বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয় যে, আমি বাংলাদেশৰ বিদ্যুৎ সেৱা সম্পূৰ্ণৰূপে কাৰ্যক্ষম কৰি ৰাখিছো। মাহেকীয়া বিদ্যুতৰ বিলত কিছু অতিৰিক্ত ধন যোগ কৰি দেশখনে ঋণৰ বোজা কমাবলৈ আৰম্ভ কৰিছে। তেওঁ লগতে কয় যে আমি আশাবাদী যে বাংলাদেশে হয়তো এইদৰেই সমগ্ৰ দিবলগীয়া ধন নিষ্পত্তি কৰিব পাৰিব। কোম্পানীৰ সূত্ৰ অনুসৰি আদানীৰ বাংলাদেশৰ সৈতে হোৱা ২ বিলিয়ন মাৰ্কিন ডলাৰৰ চুক্তিৰ ১২০ কোটি টকা নিষ্পত্তি কৰিছে বাংলাদেশে।
উল্লেখ্য যে, যোৱা বছৰ গৌতম আদানীৰ কোম্পানীয়ে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰক ধন পৰিশোধ কৰাৰ ক্ষেত্ৰত চূড়ান্ত সতৰ্কবাণী দিছিল। তেওঁলোকে স্পষ্টকৈ কৈছিল যে বাংলাদেশে আদানী পাৱাৰক বহু টকা দিব আছে। যদি এই ধন তেওঁলোকে পৰিশোধ নকৰে তেন্তে বিদ্যুৎ সেৱাও কৰ্তন হ’ব পাৰে। এই সন্দৰ্ভত বাংলাদেশ চৰকাৰৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰি দিছিল আদানী গ্ৰুপে। কিন্তু বিদ্যুৎ সেৱা কৰ্তনৰ পৰিস্থিতি আহি নপৰিল, কিয়নো লাহে লাহে ঋণ পৰিশোধ কৰা আৰম্ভ কৰিছে চুবুৰীয়া ৰাষ্ট্ৰখনে।
বিদ্যুৎ সেৱাৰ চুক্তি কি?
উল্লেখ কৰা প্ৰয়োজন যে, শ্বেখ হাছিনা চৰকাৰৰ কাৰ্যতালত, ২০১৭ চনত ভাৰতৰ আদানি ইণ্ডাষ্ট্ৰীজ গ্ৰুপে বাংলাদেশৰ সৈতে বিদ্যুৎ সেৱা প্ৰদানৰ চুক্তিত স্বাক্ষৰ কৰিছিল। যাৰ অধীনত আদানী পাৱাৰে ঝাৰখণ্ডৰ গোড্ডা থাৰ্মেল পাৱাৰ প্লাণ্টৰ পৰা ২৫ বছৰলৈ এই সেৱা আগবঢ়াব।
অন্য খবৰ পঢ়কঃ ভাৰতৰ সামুদ্ৰিক শক্তি বৃদ্ধি! ১৩১ মাৰ্কিন ডলাৰৰ প্ৰযুক্তি বিক্ৰীত অনুমোদন আমেৰিকাৰ…