Union Bank SO Recruitment 2025: ইউনিয়ন বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন
Union Bank SO Recruitment 2025: ইউনিয়ন বেংকত চাকৰি কৰিব বিচাৰে নেকি? শীঘ্ৰে কৰক আবেদন আপোনাৰ অভিজ্ঞতা অনুসৰি পদত। প্ৰাৰ্থীসকলে বেংকৰ অফিচিয়েল ৱেবচাইট unionbankofindia.co.in ত গৈ আবেদন কৰিব পাৰে।

যদি আপুনি চৰকাৰী বেংকত কাম কৰিবলৈ আগ্ৰহী তেন্তে আপোনাৰ বাবে ভাল খবৰ। ইউনিয়ন বেংকে Specialist Officer ৰ কেইবাটাও পদত নিযুক্তিৰ কথা ঘোষণা কৰিছে। যাৰ বাবে উপযুক্ত প্ৰাৰ্থিয়ে আবেদন কৰিব পাৰে। যোগ্য আৰু আগ্ৰহী প্ৰাৰ্থীসকলে বেংক unionbankofindia.co.in ৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে অনলাইনযোগে আবেদন কৰিব পাৰিব। ৩০ এপ্ৰিলৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ইয়াৰ অন্তিম তাৰিখ ২০ মে’ ২০২৫ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। এই নিযুক্তি অভিযানৰ অধীনত ইউনিয়ন বেংকত মুঠ ৫০০ টা Specialist Officer ৰ পদ পূৰণ কৰা হ’ব।
Union Bank SO Recruitment 2025: খালী পদৰ সবিশেষ
সহকাৰী পৰিচালক (ক্ৰেডিট): ২৫০ টা পদ
সহকাৰী পৰিচালক (আই টি): ২৫০টা পদ
Union Bank SO Recruitment 2025 Eligibility Criteria: যোগ্যতাৰ মানদণ্ড কি?
শিক্ষাগত অৰ্হতাঃ চৰকাৰে স্বীকৃতিপ্ৰাপ্ত/চৰকাৰী নিয়ন্ত্ৰক সংস্থাৰ অনুমোদন পোৱা বিশ্ববিদ্যালয়/প্ৰতিষ্ঠানৰ পৰা যিকোনো শাখাত স্নাতক আৰু CA/CMA/CS প্ৰাৰ্থীয়ে সহকাৰী প্ৰবন্ধক (ক্ৰেডিট) পদৰ বাবে আবেদন কৰিব পাৰিব। ইয়াৰ উপৰিও চৰকাৰে স্বীকৃতিপ্ৰাপ্ত/চৰকাৰী নিয়ন্ত্ৰক সংস্থাৰ অনুমোদন পোৱা বিশ্ববিদ্যালয়/প্ৰতিষ্ঠানৰ পৰা কমেও ৬০% নম্বৰ লাভ কৰি বিত্তত বিশেষজ্ঞতা থকা পূৰ্ণকালীন নিয়মীয়া এম বি এ/এম এম এছ/পি জি ডি এম/পি জি ডি বি এম থকা প্ৰাৰ্থীসকলেও আবেদন কৰিব পাৰিব।
একে সময়তে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়/প্ৰতিষ্ঠানৰ পৰা কম্পিউটাৰ বিজ্ঞান অভিযান্ত্ৰিক/আই টি/ইলেক্ট্ৰনিক্স/ইলেক্ট্ৰনিকছ আৰু কম্পিউটাৰ বিজ্ঞান/ইলেক্ট্ৰনিক্স আৰু টেলিকমিউনিকেচন/ডাটা বিজ্ঞান/মেচিন লাৰ্নিং আৰু এআই/চাইবাৰ ছিকিউৰিটিত পূৰ্ণকালীন বি.ই./বি.টেক/এমচিএ/এম.এছচি (আইটি)/এম.এছ./এম.টেক/৫ বছৰীয়া এম.টেক ডিগ্ৰী থকা প্ৰাৰ্থী সহকাৰী পৰিচালক (আই টি) পদৰ বাবে আবেদন কৰিব পাৰিব।
বয়সৰ সীমাঃ নূন্যতম ২২ বছৰ আৰু সৰ্বাধিক ৩০ বছৰ বয়সৰ প্ৰাৰ্থীয়ে সহকাৰী প্ৰবন্ধক (ক্ৰেডিট) আৰু সহকাৰী প্ৰবন্ধক (আই টি) দুয়োটা পদতে আবেদন কৰিব পাৰিব।
Union Bank SO Recruitment 2025 Application Fee: আবেদন মাচুল কিমান?
অনুসূচিত জাতি/জনজাতি/পিডব্লিউবিডি প্ৰাৰ্থীৰ বাবে আবেদন মাচুল ১৭৭ টকা, আনহাতে অন্য শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে আবেদন মাচুল ১১৮০ টকা।ডেবিট কাৰ্ড (RuPay/Visa/Mastercard/Maestro), Credit Card, Internet Banking, IMPS, Cash Cards/Mobile Wallets/UPI ব্যৱহাৰ কৰি মাচুল পৰিশোধ কৰিব পাৰিব।
Union Bank SO Recruitment 2025 Selection process: বাছনি প্ৰক্ৰিয়া কি?
এই পদসমূহৰ বাছনি প্ৰক্ৰিয়াত আবেদনকাৰী/যোগ্য প্ৰাৰ্থীৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি অনলাইন পৰীক্ষা/গোট আলোচনা (যদি কৰা হয়)/আবেদন পৰীক্ষণ আৰু/বা ব্যক্তিগত সাক্ষাৎকাৰ অন্তৰ্ভুক্ত হ’ব পাৰে। পদসমূহত নিৰ্বাচনৰ বাবে ওপৰৰ কোনো এটা বা সকলো পদ্ধতি ব্যৱহাৰ কৰিব পাৰি নেকি সেইটো সিদ্ধান্ত লোৱাৰ অধিকাৰ বেংকে সংৰক্ষণ কৰে।