শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Central বেংকত পদ খালী, ৪৫০০ পদৰ বাবে শীঘ্ৰে কৰক আবেদন

Central Bank of India Apprentice Recruitment 2025: ভাৰতীয় কেন্দ্ৰীয় বেংকত চাকৰি কৰাৰ সুযোগ। ৪৫০০টা পদৰ apprenticeship ৰ বাবে প্ৰাৰ্থী বিচৰা হৈছে। প্ৰাৰ্থীসকলে বেংকৰ অফিচিয়েল ৱেবছাইট centralbankofindia.co.in ত গৈ অনলাইন আবেদন কৰিব পাৰিব।

Central বেংকত পদ খালী, ৪৫০০ পদৰ বাবে শীঘ্ৰে কৰক আবেদন
Central বেংকত পদ খালীImage Credit source: Piotr Swat/SOPA Images/LightRocket via Getty Images
barasha-misra
Barasha Misra | Published: 11 Jun 2025 16:33 PM

CBI Apprentice Recruitment 2025: যদি আপুনিও বেংকত কাম কৰাৰ সপোন দেখিছে, তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। কেন্দ্ৰীয় বেংকে হাজাৰ হাজাৰ এপ্ৰেণ্টিছ পদৰ বাবে নিযুক্তিৰ কথা ঘোষণা কৰিছে। যোগ্য আৰু আগ্ৰহী প্ৰাৰ্থীসকলে বেংকৰ অফিচিয়েল ৱেবছাইট centralbankofindia.co.in ৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰিব। আবেদনৰ অন্তিম তাৰিখ ২৩ জুন, আনহাতে আবেদন মাচুল পৰিশোধৰ অন্তিম তাৰিখ ২৫ জুন নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ বাবে অনলাইন পৰীক্ষা সম্ভৱতঃ জুলাই মাহৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ’ব। এই নিযুক্তি অভিযানৰ অধীনত মুঠ ৪৫০০ পদ পূৰণ কৰা কৰিব বেংকে।

অৰ্হতা

শিক্ষাগত অৰ্হতাঃ এই পদসমূহত আৱেদন কৰিব বিচৰা প্ৰাৰ্থীসকলে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো বিষয়ত স্নাতক ডিগ্ৰীধাৰী বা কেন্দ্ৰীয় চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত যিকোনো সমতুল্য অৰ্হতা থাকিব লাগিব। NATS পৰ্টেলত পঞ্জীয়ন কৰা প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব।

বয়সৰ সীমাঃ আবেদনকাৰীৰ বয়সৰ সীমা ২০ৰ পৰা ২৮ বছৰৰ ভিতৰত হ’ব লাগে। অৱশ্যে চৰকাৰী নিয়ম অনুসৰি সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীক বয়সৰ শিথিলতা দিয়া হ’ব।

আবেদন মাচুল কিমান?

PwBD শিতানৰ প্ৰাৰ্থীৰ বাবে আবেদন মাচুল ৪০০ টকা, আনহাতে অনুসূচিত জাতি/জনজাতি/সকলো মহিলা প্ৰাৰ্থী/EWS শিতানৰ প্ৰাৰ্থীৰ বাবে আবেদন মাচুল ৬০০ টকা আৰু বাকী সকলো প্ৰাৰ্থীৰ বাবে আবেদন মাচুল ৮০০ টকা।অনলাইন মোডৰ জৰিয়তে মাচুল পৰিশোধ কৰিব লাগিব।

বাছনি প্ৰক্ৰিয়া কি?

ভাৰতীয় কেন্দ্ৰীয় বেংকত এপ্ৰেণ্টিছ নিযুক্তিৰ বাবে বাছনি প্ৰক্ৰিয়াত বি এফ এছ আই এছ এছ চিৰ দ্বাৰা পৰিচালিত অনলাইন পৰীক্ষা আৰু ৰাজ্যৰ স্থানীয় ভাষাত পৰীক্ষা। অনলাইন পৰীক্ষাত মুঠ ১০০টা প্ৰশ্ন সোধা হ’ব, যাৰ বাবে সৰ্বাধিক ১০০ নম্বৰ প্ৰদান কৰা হ’ব। ভাল কথাটো হ’ল এই পৰীক্ষাত কোনো ধৰণৰ নেগেটিভ নম্বৰ নাথাকিব।

একে সময়তে কোনো বিশেষ ৰাজ্যৰ প্ৰশিক্ষণ আসনৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলে সেই ৰাজ্যখনৰ কোনো এটা স্থানীয় ভাষাত পাকৈত (পঢ়া, লিখা, কোৱা আৰু বুজা) হ’ব লাগিব। ইয়াৰ পিছত সফল প্ৰাৰ্থীৰ নথি ভেৰিফিকেচন হ’ব, তাৰ পিছত মেৰিট লিষ্টৰ ভিত্তিত নিযুক্তিৰ বাবে চৰকাৰী এপ্ৰেণ্টিছশ্বিপ পৰ্টেলৰ জৰিয়তে প্ৰাৰ্থীসকলক ডিজিটেল এপ্ৰেণ্টিছশ্বিপ চুক্তি প্ৰদান কৰা হ’ব।

অধিক জানিবলৈ প্ৰাৰ্থীসকলে ভাৰতীয় কেন্দ্ৰীয় বেংক centralbankofindia.co.in ৰ অফিচিয়েল ৱেবছাইট চাব পাৰে ।