শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ইতিহাসৰ পাতত লিপিবদ্ধ আজি দিনটোৰ ঘটনা পৰিঘটনা…

আজিৰ দিনটোতে পাৰমাণৱিক পৰীক্ষণৰ বাবে জি-৮ দেশসমূহে ভাৰত আৰু পাকিস্তানক ঋণ নিদিয়াৰ সিদ্ধান্ত লয়। ইয়াৰ লগতে চাওঁ আহক ইতিহাসৰ পাতত লিপিবদ্ধ আজি দিনটোৰ ঘটনা পৰিঘটনা ।

ইতিহাসৰ পাতত লিপিবদ্ধ আজি দিনটোৰ ঘটনা পৰিঘটনা…
Image Credit source: GettyImage
manas-borah
Manas Borah | Published: 12 Jun 2025 08:55 AM

বহু ঘটনা পৰিঘটনাৰ বাবে আজি ১২ জুনৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে । আজিৰ দিনটোতে নাজী অত্যাচাৰৰ বলি হোৱা ইহুদী মহিলা এন্নে ফ্ৰেংকৰ জন্ম। ১৯৬২ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ ছান ফ্ৰান্সিস্কো উপসাগৰত অৱস্থিত উচ্চ নিৰাপত্তাসম্পন্ন কাৰাগাৰ আলকাট্ৰাজৰ পৰা তিনিজন কয়দী পলায়ন কৰে। আজিৰ দিনটোতে পাৰমাণৱিক পৰীক্ষণৰ বাবে জি-৮ দেশসমূহে ভাৰত আৰু পাকিস্তানক ঋণ নিদিয়াৰ সিদ্ধান্ত লয়। ইয়াৰ লগতে চাওঁ আহক ইতিহাসৰ পাতত লিপিবদ্ধ আজি দিনটোৰ ঘটনা পৰিঘটনা ।

দিনটোৰ ইতিহাস

  1. ১৯২৯ চনৰ আজিৰ দিনটোতে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নাজী অত্যাচাৰৰ বলি হোৱা ইহুদী মহিলা এন্নে ফ্ৰেংকৰ জন্ম। নাজীয়ে কাৰাগাৰত ৰখাৰ সময়ত লিখা এন্নেৰ ডায়েৰীখন পিছলৈ এখন গ্ৰন্থ হিচাপে প্ৰকাশ পায়, যিয়ে বিশ্বজুৰি খ্যাতি অৰ্জন কৰে।
  2. ১৯৬২ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ ছান ফ্ৰান্সিস্কো উপসাগৰত অৱস্থিত উচ্চ নিৰাপত্তাসম্পন্ন কাৰাগাৰ আলকাট্ৰাজৰ পৰা তিনিজন কয়দী পলায়ন কৰে।
  3. ১৯৬৪ চনত আফ্ৰিকাত বৰ্ণবৈষম্যৰ বিৰুদ্ধে আন্দোলনৰ নেতৃত্ব দিয়া কৃষ্ণাংগ নেতা নেলছন মেণ্ডেলাক চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়।
  4. ১৯৭৫ চনত এলাহাবাদ উচ্চ ন্যায়ালয়ে তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক নিৰ্বাচনত চৰকাৰী যন্ত্ৰৰ অপব্যৱহাৰৰ দোষী সাব্যস্ত কৰি তেওঁৰ নিৰ্বাচন অবৈধ বুলি ঘোষণা কৰে।
  5. ১৯৯৮ চনৰ আজিৰ দিনটোতে পাৰমাণৱিক পৰীক্ষণৰ বাবে জি-৮ দেশসমূহে ভাৰত আৰু পাকিস্তানক ঋণ নিদিয়াৰ সিদ্ধান্ত লয়।
  6. ২০০১ চনৰ আজিৰ দিনটোতে সীমান্ত সমস্যাক লৈ ভাৰত-বাংলাদেশৰ আলোচনা আৰম্ভ হয়।
  7. ২০১৮ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ছিংগাপুৰত উত্তৰ কোৰিয়াৰ শাসক কিম জং উনক সাক্ষাৎ কৰে। ইজনে সিজনৰ তীক্ষ্ণ প্ৰতিদ্বন্দ্বী বুলি গণ্য কৰা এই দুয়োখন দেশৰ মুৰব্বীৰ মাজত এইখনেই আছিল প্ৰথম সাক্ষাৎ।