শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আধাৰ কাৰ্ডত মোবাইল নম্বৰ ভুল হৈ আছে নেকি? ডাঙৰ বিপদত পৰিব পাৰে আপুনি!

Aadhaar Card, Mobile Number: আধাৰ কাৰ্ডৰ সৈতে লিংক কৰা মোবাইল নম্বৰৰ সহায়ত তৎক্ষণাতে যিকোনো অনলাইন KYC  কৰিব পাৰিব। প্ৰয়োজন হ’লে ব্যক্তিজনৰ যিকোনো গুৰুত্বপূৰ্ণ তথ্য সলনি কৰিব পাৰি। কিন্তু কিবা কাৰণত যদি সেই নম্বৰটো বন্ধ হৈ থাকে বা আধাৰ কাৰ্ড ব্যৱহাৰ কৰা ব্যক্তিজনে আন এটা নম্বৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে, তেন্তে আধাৰ ডাটাবেছত নতুন নম্বৰটো আপডেট কৰাটো প্ৰয়োজন।

আধাৰ কাৰ্ডত মোবাইল নম্বৰ ভুল হৈ আছে নেকি? ডাঙৰ বিপদত পৰিব পাৰে আপুনি!
আধাৰ কাৰ্ড
trishna-kalita
Trishna Kalita | Published: 30 Jun 2025 13:20 PM

আধাৰ কাৰ্ড আজিৰ ভাৰতৰ অন্যতম গুৰুত্বপূৰ্ণ নথি। বেংক একাউণ্ট খোলাৰ পৰা ৰে’লৰ টিকট কিনালৈকে, যিকোনো কেৱাইচি কৰাৰ পৰা মোবাইল চিম লোৱালৈকে সকলো ক্ষেত্ৰতে আধাৰ কাৰ্ড অপৰিহাৰ্য হৈ পৰিছে। কোনো ব্যক্তিৰ নাম, ঠিকনা, জন্ম তাৰিখৰ উপৰিও সেই ব্যক্তিজনৰ বায়’মেট্ৰিক তথ্যও আধাৰ কাৰ্ডৰ সৈতে সংযুক্ত হৈ থাকে। ইয়াৰ উপৰিও আধাৰ কাৰ্ডৰ সৈতে এটা মোবাইল নম্বৰ লিংক কৰা হয়।

আধাৰ কাৰ্ডৰ সৈতে লিংক কৰা মোবাইল নম্বৰৰ সহায়ত তৎক্ষণাতে যিকোনো অনলাইন KYC  কৰিব পাৰিব। প্ৰয়োজন হ’লে ব্যক্তিজনৰ যিকোনো গুৰুত্বপূৰ্ণ তথ্য সলনি কৰিব পাৰি। কিন্তু কিবা কাৰণত যদি সেই নম্বৰটো বন্ধ হৈ থাকে বা আধাৰ কাৰ্ড ব্যৱহাৰ কৰা ব্যক্তিজনে আন এটা নম্বৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে, তেন্তে আধাৰ ডাটাবেছত নতুন নম্বৰটো আপডেট কৰাটো প্ৰয়োজন। কাৰণটো হ’ল পুৰণি নম্বৰটো আপডেট নহ’লে যিজন ব্যক্তিৰ ওচৰত সেই নম্বৰটো থাকিব তেওঁ সেই আধাৰ কাৰ্ডখনৰ যিকোনো তথ্য সালসলনি কৰিব পাৰে।

মোবাইল নম্বৰটো কেনেকৈ আপডেট কৰিব?

অনলাইনযোগে মোবাইল নম্বৰ আপডেট কৰা সম্ভৱ নহয়। এই আপডেট কৰিবলৈ আপুনি আধাৰ সেৱা কেন্দ্ৰলৈ যাব লাগিব। অৱশ্যে আধাৰ সেৱা কেন্দ্ৰৰ বাবে অনলাইনযোগে এপইণ্টমেণ্ট বুকিং কৰিব পাৰিব।

লগতে পঢ়ক: ৱেইটিং টিকটৰ যাত্ৰীসকলৰ বাবে ডাঙৰ সকাহ! ৰে’লৱেই সলনি কৰিলে চাৰ্টিং ব্যৱস্থা