TV9 ASSAM
বহুলোকে ভাত বা ৰুটিৰ লগত কেঁচা পিঁয়াজ খায়। পিঁয়াজত এণ্টিঅক্সিডেণ্ট, এণ্টি-ইনফ্লেমেটৰী আৰু ৰোগ প্ৰতিৰোধী উপাদান থাকে।
পিছে কেঁচা পিঁয়াজ খোৱাটো আমাৰ শৰীৰৰ বাবে ভাল নে বেয়া? এই প্ৰশ্নৰ উত্তৰ বহুলোকেই নাজানে। জানো আহক এই বিষয়ে।
পুষ্টিবিদসকলৰ মতে কেঁচা পিঁয়াজ শৰীৰৰ বাবে উপকাৰী। পিঁয়াজত থকা এণ্টিঅক্সিডেণ্ট আৰু চালফাৰ যৌগবোৰে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।
কেঁচা পিঁয়াজত ফাইবাৰ থাকে, যি পাচন প্ৰক্ৰিয়া উন্নত কৰে আৰু পেট পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে। পিঁয়াজৰ এই গুণ শৰীৰৰ বাবে যথেষ্ট উপকাৰী।
কেঁচা পিঁয়াজ স্বাস্থ্যৰ লগতে ছালৰ বাবেও উপকাৰী। পিঁয়াজত থকা ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্ট ছালৰ কোষ মেৰামতি কৰাত ফলপ্ৰসূ। কেঁচা পিঁয়াজৰ ৰস চুলিৰ বাবে উপকাৰী।
ইয়াৰ উপৰিও কেঁচা পিঁয়াজে হৃদযন্ত্ৰৰ স্বাস্থ্যও উন্নত কৰিব পাৰে। সেয়েহে প্ৰতিদিনে সামান্য পৰিমাণৰ কেঁচা পিঁয়াজ খালে ভাল ফল পোৱা যায়।
কেঁচা পিঁয়াজত থকা বহুতো উপাদানে তেজ পৰিষ্কাৰ কৰে আৰু বিষাক্ত পদাৰ্থ আঁতৰাই পেলায়। ফলত ছালৰো বহু সমস্যা দূৰ হয়।
অত্যধিক সকলোৰে বেয়া, কেঁচা পিঁয়াজৰ ক্ষেত্ৰতো এয়া প্রযোজ্য। বেছিকৈ কেঁচা পিয়াঁজ খালে অম্লৰ সমস্যা, বদহজম, পেট ফুলা, এলাৰ্জীৰ সম্ভাৱনা বৃদ্ধি পায়।
পঢ়িবলৈ ক্লিক কৰক
বাৰে বাৰে উতলাই থকা চাহ খোৱাৰ ক্ষতি