শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভাৰতৰ বিৰুদ্ধে চীন-পাকিস্তানৰ ভয়ংকৰ ষড়যন্ত্ৰ! দক্ষিণ এছিয়াত নতুন সংস্থা গঠনৰ যো-জা…

ভাৰতৰ বিৰুদ্ধে অহৰহ চীন-পাকিস্তানে ষড়যন্ত্ৰ ৰচনা কৰি আহিছে। শেহতীয়াকৈ খবৰ পোহৰলৈ আহিছে যে দুয়োখন দেশে দক্ষিণ এছিয়াত নতুন সংগঠন গঠন কৰাৰ চিন্তা চৰ্চা কৰি আছে। যাৰ সহায়ত ছাৰ্ক দুৰ্বল হৈ পৰিব। ছাৰ্কৰ এক গুৰুত্বপূৰ্ণ সদস্য আছিল ভাৰত।

ভাৰতৰ বিৰুদ্ধে চীন-পাকিস্তানৰ ভয়ংকৰ ষড়যন্ত্ৰ! দক্ষিণ এছিয়াত নতুন সংস্থা গঠনৰ যো-জা…
চীন-পাকিস্তানImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 30 Jun 2025 17:03 PM

চুবুৰীয়া দেশৰ সৈতে ভাৰতৰ প্ৰত্যাহ্বান দিনক দিনে বৃদ্ধি পাইছে। যোৱা কেইটামান দিনত পাকিস্তান আৰু চীনে মিলি বহু ভাৰত বিৰোধী ষড়যন্ত্ৰ ৰচনা কৰাৰ খবৰ পোহৰলৈ আহিছে। ইয়াৰ মাজতে দেশ দুখনে পুনৰ কৰিছে এক নতুন ষড়যন্ত্ৰ। পাকিস্তানৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে, পাকিস্তান আৰু চীনে এতিয়া ছাৰ্ক (Saarc)ৰ ঠাইত নতুন আঞ্চলিক ব্লক গঠন কৰিব। ভাৰত ছাৰ্কৰ গুৰুত্বপূৰ্ণ সদস্য আছিল যদিও এতিয়া ই এক প্ৰকাৰ নিষ্ক্ৰিয় সংগঠনলৈ পৰিণত হৈছে।

পাকিস্তানৰ দ্য এক্সপ্ৰেছ ট্ৰিবিউনত প্ৰকাশিত এক প্ৰতিবেদনত দাবী কৰা হৈছে যে ইছলামাবাদ আৰু বেইজিঙৰ মাজত আঞ্চলিক সংস্থা গঠন সম্পৰ্কীয় আলোচনা চলি আছে। ইতিমধ্যে এই আলোচনাই যথেষ্ঠ অগ্ৰগতি লাভ কৰিছে। প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, ১৯ জুনত চীনৰ কুনমিংত এখন বৈঠক আহ্বান কৰি নতুন আঞ্চলিক সংস্থা গঠন কৰাৰ ওপৰত আলোচনা কৰা হৈছিল। য’ত বাংলাদেশও অংশগ্ৰহণ কৰিছিল।

১৯ জুনত চীনত ৩ দেশৰ বৈঠক

কৰাচীস্থিত দ্য এক্সপ্ৰেছ ট্ৰিবিউনে প্ৰকাশ কৰা অনুসৰি, ১৯ জুনত কুনমিংত অনুষ্ঠিত হোৱা বৈঠকত চীন, বাংলাদেশ আৰু পাকিস্তানে অংশগ্ৰহণ কৰিছিল। ইয়াৰ লক্ষ্য আছিল ছাৰ্কৰ অংশ হিচাপে থকা দক্ষিণ এছিয়াৰ অন্যান্য দেশসমূহক নতুন সংগঠনত যোগদান কৰিবলৈ আমন্ত্ৰণ জনোৱা। ইয়াৰ পূৰ্বে মে’ মাহত আন এখন বৈঠক অনুষ্ঠিত হৈছিল।

ইয়াৰ মাজতে চীন,পাকিস্তান আৰু আফগানিস্তানৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। য’ত চীন-পাকিস্তানৰ অৰ্থনৈতিক কৰিডৰ সম্প্ৰসাৰণ তথা তালিবান শাসিত ইছলামিক আমিৰশ্বাহীত আঞ্চলিক সহযোগিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

উল্লেখ্য যে,দক্ষিণ এছিয়াৰ আঞ্চলিক সংগঠন (Saarc) ৰ গঠন ১৯৮৫ চনৰ ৮ ডিচেম্বৰত হৈছিল। সেই সময়ত বাংলাদেশৰ ঢাকাত চনদ গ্ৰহণৰ জৰিয়তে ছাৰ্ক গঠন কৰা হৈছিল। ইয়াৰ ৭ জন প্ৰতিষ্ঠাপক সদস্য আছিল। পিছলৈ ২০০৭ চনত আফগানিস্তানে এই সংস্থাটোত যোগদান কৰে।

নিষ্ক্ৰিয় হৈ পৰিল নেকি ছাৰ্ক

২০১৬ চনৰ পৰা ছাৰ্ক নিষ্ক্ৰিয় হৈ পৰিছে। ২০১৪ চনত নেপালৰ কাঠমাণ্ডু সন্মিলনৰ পিছত ছাৰ্কৰ নেতাসকলৰ মাজত কোনো বৈঠক অনুষ্ঠিত হোৱা নাই। অৱশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২০ চনত প্ৰথমবাৰৰ বাবে ছাৰ্কৰ ভিডিঅ’ কনফাৰেন্সৰ উদ্যোগত ক’ভিড-১৯ৰ জৰুৰীকালীন পুঁজিৰ প্ৰস্তাৱ আগবঢ়াইছিল। তেওঁ ভাৰতৰ পৰা ১০ মিলিয়ন ডলাৰ আগবঢ়োৱাৰ কথা উল্লেখ কৰিছিল।

সেই বছৰৰ নৱেম্বৰ মাহত ইছলামবাদত ১৯ সংখ্যক ছাৰ্ক সন্মিলন অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু পাকিস্তানৰ পৃষ্ঠপোষকতাত উৰি সন্ত্ৰাসবাদী আক্ৰমণত ১৭ জন ভাৰতীয় জোৱানৰ মৃত্যুৰ বাবে ভাৰতে এই সন্মিলন বৰ্জন কৰিছিল।
আফগানিস্তান, বাংলাদেশ আৰু ভূটানে সন্ত্ৰাসবাদ আৰু আঞ্চলিক হস্তক্ষেপক লৈ উদ্বেগ প্ৰকাশ কৰি সংগঠনটোৰ পৰা আঁতৰি যায়। এনেবোৰ কাৰণতে শীৰ্ষ সন্মিলন বাতিল কৰিবলগীয়া হৈছিল আৰু তেতিয়াৰ পৰা এই সন্মিলন আয়োজন হোৱা নাই।

এনে পৰিস্থিতি পাকিস্তান আৰু চীনে “আঞ্চলিক সংহতি আৰু সংযোগ”ৰ বাবে এটা নতুন সংস্থাৰ প্ৰয়োজনীয়তা আছে বুলি বিশ্বাস কৰে। পাকিস্তানৰ সংবাদ মাধ্যমত উল্লেখ কৰা অনুসৰি এই নতুন সংস্থাত শ্ৰীলংকা, মালদ্বীপ আৰু আফগানিস্তানৰ দৰে ছাৰ্কৰ অন্যান্য সদস্য দেশসমূহো অন্তৰ্ভুক্ত হ’ব পাৰে। অৱশ্যে এতিয়ালৈকে এই ক্ষেত্ৰত কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ হোৱা নাই।

 

 

অন্য খবৰ পঢ়কঃ খাদ্য সংগ্ৰহৰ বাবে শাৰী পাতি আছিল জনতা! গাজাত ইজৰাইলৰ আক্ৰমণত পুনৰ ১৮ জনৰ মৃত্যু…