শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভাৰতৰ একমাত্ৰ ৰাজ্য, য’ত কোটি টকা উপাৰ্জন কৰা লোকেও দিব নালাগে কৰ…

ভাৰতত এনে এখন ৰাজ্য আছে য’ত আয়ৰ ওপৰত এটকাও কৰ লোৱা নহয়। সেই ৰাজ্যখনৰ কোনো ব্যক্তিয়ে নিজৰ উপাৰ্জনৰ ওপৰত কোনো ধৰণৰ কৰ দিব নালাগে। আপুনি জানেনে সেই ৰাজ্যখনৰ বিশেষ নিয়মৰ বিষয়ে...

ভাৰতৰ একমাত্ৰ ৰাজ্য, য’ত কোটি টকা উপাৰ্জন কৰা লোকেও দিব নালাগে কৰ…
আয়কৰ
trishna-kalita
Trishna Kalita | Published: 29 Jun 2025 18:41 PM

আয়কৰ ৰিটাৰ্ণ দাখিলৰ দিন ১৫ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰিছে আয়কৰ বিভাগে। দিনটো ওচৰ চাপি অহাৰ লগে লগে নিজৰ উপাৰ্জনৰ সবিশেষ তথ্য দাখিল কৰিছে জনসাধাৰণে । কিন্তু আপুনি জানেনে যে ভাৰতত এনে এখন ৰাজ্য আছে য’ত আয়ৰ ওপৰত এটকাও কৰ লোৱা নহয়। সেই ৰাজ্যখনৰ কোনো ব্যক্তিয়ে নিজৰ উপাৰ্জনৰ ওপৰত কোনো ধৰণৰ কৰ দিব নালাগে।

ভাৰতৰ একমাত্ৰ ৰাজ্য ছিকিম, য’ত সংবিধানৰ 371(F)  অনুচ্ছেদ আৰু আয়কৰ আইনৰ 10(26AAA) ধাৰা অনুসৰি স্থায়ী বাসিন্দাসকলক আয়কৰৰ পৰা ৰেহাই দিয়া হৈছে। ১৯৭৫ চনত যেতিয়া ছিকিম ভাৰতৰ অংগ হৈছিল তেতিয়া ইয়াৰ নিজা প্ৰশাসনিক আৰু কৰ নিয়ম আছিল।  ভাৰত চৰকাৰে এই নিয়মসমূহ বজাই ৰখাৰ প্ৰতিশ্ৰুতি দিছিল, যাৰ বাবে সংবিধানত ৩৭১(F) অনুচ্ছেদ সংযোজন কৰা হৈছিল।

এই আয়ৰ ওপৰত ৰেহাই দিয়া হয়

এই অনুচ্ছেদৰ বাবেই ছিকিমৰ স্থায়ী বাসিন্দাই আয়কৰ ৰেহাই লাভ কৰিছিল, যিটো আজিও প্ৰযোজ্য। ধাৰা 10(26AAA) অনুসৰি ছিকিমৰ থলুৱা লোকৰ আয় যেনে দৰমহা, ব্যৱসায়, শ্বেয়াৰৰ পৰা লাভ, সুত বা বিনিয়োগ আদিৰ ওপৰত কোনো কৰ নাই। ভাৰতৰ অন্যান্য ৰাজ্যৰ পৰা পৃথক কৰি তোলা ছিকিমৰ সাংস্কৃতিক আৰু ঐতিহাসিক পৰিচয় সংৰক্ষণৰ বাবে এই বিশেষ ব্যৱস্থা কৰা হৈছে।

এইসকল লোকে কৰ ৰেহাই নাপায়

ছিকিমত আয়ৰ ওপৰত কোনো কৰ নাই যদিও ইয়াৰ বাবেও কিছু নিয়ম আছে। অৰ্থাৎ তাত থকা সকলো লোকে ৰেহাই নাপায়। যিটো ১৯৬১ চনৰ ছিকিম বিষয় নিয়মাৱলীত পঞ্জীয়নভুক্ত কৰা হৈছে। সেই সময়ত পঞ্জীয়নভুক্ত লোকসকলৰ বংশধৰসকলেহে কৰ ৰেহাই পায়। নতুন মানুহ বা বাহিৰৰ পৰা অহা লোক এই ৰেহাইৰ অধিকাৰী নহয়।