Make in India Weapons: কানপুৰৰ ৰাইফলৰ পৰা বেংগালুৰুৰ যুদ্ধ বিমানলৈকে, সকলোতে সমাদৰ লাভ ভাৰতত নিৰ্মিত অস্ত্ৰৰ!
Indigenous Weapon: ভাৰতে আমেৰিকা আৰু ফ্ৰান্সৰ দৰে দেশৰ পৰা বিভিন্ন অস্ত্ৰ-শস্ত্ৰ আমদানি কৰে। ইয়াৰ ভিতৰত বন্দুকৰ লগতে যুদ্ধ বিমানো আছে।

বিদেশৰ পৰা আমদানিকৃত অস্ত্ৰ-শস্ত্ৰৰ ওপৰত পূৰ্বে যথেষ্ট নিৰ্ভৰশীল আছিল ভাৰত। AK-47, AK-74, AK-203 বন্দুকৰ বাবে ৰাছিয়া, SIG Sauer 716 বন্দুকৰ বাবে আমেৰিকা আৰু Tavor বন্দুকৰ বাবে ইজৰাইলৰ ওপৰত নিৰ্ভৰ কৰিছিল ভাৰতে। কিন্তু এতিয়া ভাৰতীয় সেনাই বহু ক্ষেত্ৰত ভাৰতত নিৰ্মিত ৰাইফল ব্যৱহাৰ কৰে।
ইয়াৰ বাহিৰেও ভাৰতে আমেৰিকা আৰু ফ্ৰান্সৰ দৰে দেশৰ পৰা বিভিন্ন অস্ত্ৰ-শস্ত্ৰ আমদানি কৰে। ইয়াৰ ভিতৰত বন্দুকৰ লগতে যুঁজাৰু বিমানো আছে। কিন্তু ‘আত্মনিৰ্ভৰ ভাৰত’ আৰু ‘মেক ইন ইণ্ডিয়া’ৰ অধীনত ভাৰতে বৰ্তমান যুদ্ধ টেংক, মিছাইল, আৰ্টিলাৰী গান, যুঁজাৰু বিমান আৰু চাবমেৰিন দেশতেই নিৰ্মাণ কৰি আছে।
হায়দৰাবাদ, পুনে, জবলপুৰ, বেংগালুৰু, নাগপুৰ, কোচিৰ দৰে চহৰসমূহ কেৱল তথ্য প্রযুক্তি কেন্দ্র হিচাপেই নহয়, অস্ত্ৰ নিৰ্মাণৰ হাব হিচাপেও গঢ়ি উঠিছে। ডি আৰ ডি অ’, Hindustan Aeronautics Limited আৰু Bharat Electronics Limited ৰ দৰে সংস্থাই দেশৰ বিভিন্ন ব্যক্তিগত খণ্ডৰ সংস্থাৰ সৈতে অস্ত্ৰ নিৰ্মাণৰ কাম কৰি আছে।
হিন্দুস্তান এৰ’নটিক্স লিমিটেডৰ দ্বাৰা বেংগালুৰুত নিৰ্মাণ কৰা হৈছে তেজছ যুদ্ধ বিমান। বৰ্তমান ভাৰতীয় বায়ুসেনাৰ সৈতে সেৱাত আছে তেজছ। বৰ্তমান তেজছ মাৰ্ক ২ নিৰ্মাণ কৰি আছে এই সংস্থাটোৱে।
ইয়াৰ বাহিৰেও তামিলনাডুত নিৰ্মিত অৰ্জুন টেংক স্থল যুদ্ধত শত্ৰুক পৰাস্ত কৰিবলৈ ব্যৱহাৰ কৰা হয়। জবলপুৰৰ গান কেৰেজ ফেক্টৰীয়ে নিৰ্মাণ কৰিছে ধনুষ ক্ষেপণাস্ত্ৰ। ইয়াক থলুৱা বফোৰ্চ বুলিও কোৱা হয়। এই কামানে পাহাৰীয়া যুদ্ধত যিকোনো লক্ষ্যত নিখুঁতভাৱে আঘাত কৰিব পাৰে।