এতিয়াৰে পৰা ব্যয়বহুল হ’ব ৰে’ল যাত্ৰা! জুলাইৰ পৰা ইমানলৈ বৃদ্ধি পাব পাৰে টিকটৰ দাম…
ৰে’লৱেই কয় যে, ৰে’ল সেৱাৰ উন্নতিৰ বাবে এই পৰিৱৰ্তন প্ৰয়োজনীয়। দৈনিক বা ওচৰতে যাত্ৰা কৰা যাত্ৰীসকলৰ ওপৰত ইয়াৰ কোনো প্ৰভাৱ নপৰে। ৫০০ কিলোমিটাৰ পৰ্যন্ত যাত্ৰা কৰাসকলে কোনো ধৰণৰ বৃদ্ধিৰ সন্মুখীন হ’ব নালাগে।

বহু বছৰৰ মূৰত ৰে’লৰ টিকটৰ মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে ভাৰতীয় ৰে’লৱেই। ১ জুলাই, ২০২৫ৰ পৰা কাৰ্যকৰী হ’ব এই নতুন মূল্য। লগতে তৎকাল টিকট বুকিঙৰ ক্ষেত্ৰতো নতুন নিয়ম প্ৰণয়ন কৰা হৈছে, য’ত বাধ্যতামূলক কৰা হৈছে আধাৰ প্ৰমাণীকৰণ । ৰে’ল মন্ত্ৰালয়ে কয় যে সাধাৰণ যাত্ৰীসকলৰ সুবিধাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
টিকটৰ দাম কিমান বৃদ্ধি হ’ব?
ৰে’লৰ টিকটৰ মূল্য সামান্য বৃদ্ধিৰ কথা ঘোষণা কৰিছে ৰে’লৱেই। তথ্য অনুসৰি নন-এচি মেইল আৰু এক্সপ্ৰেছ ৰে’লৰ ভাড়া এতিয়া প্ৰতি কিলোমিটাৰত ১ পইচা বৃদ্ধি হ’ব, আনহাতে এচি ক্লাছত এই বৃদ্ধি হ’ব প্ৰতি কিলোমিটাৰত ২ পইচা। এই বৃদ্ধি সামান্য যেন লাগিব পাৰে, কিন্তু ইয়াৰ সামান্য প্ৰভাৱ পৰিব পাৰে বহু দূৰ যাত্ৰা কৰা যাত্ৰীৰ পকেটত। উদাহৰণস্বৰূপে, যদি কোনো যাত্ৰী মুম্বাইৰ পৰা দিল্লীলৈ (১৪০০ কিলোমিটাৰ) নন-এচি ৰে’লযোগে যাত্ৰা কৰে তেন্তে তেওঁ ১৪ টকা বেছি দিব লাগিব, আনহাতে এচি ক্লাছত এই বৃদ্ধি হ’ব ২৮ টকা।
ৰে’লৱেই কয় যে, ৰে’ল সেৱাৰ উন্নতিৰ বাবে এই পৰিৱৰ্তন প্ৰয়োজনীয়। দৈনিক বা ওচৰতে যাত্ৰা কৰা যাত্ৰীসকলৰ ওপৰত ইয়াৰ কোনো প্ৰভাৱ নপৰে। ৫০০ কিলোমিটাৰ পৰ্যন্ত যাত্ৰা কৰাসকলে কোনো ধৰণৰ বৃদ্ধিৰ সন্মুখীন হ’ব নালাগে। অৱশ্যে ৫০০ কিলোমিটাৰতকৈ অধিক যাত্ৰাৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব বৃদ্ধি কৰা ভাড়া। দ্বিতীয় শ্ৰেণীত যাত্ৰা কৰা যাত্ৰীসকলেও ৫০০ কিলোমিটাৰতকৈ অধিক দূৰত্বৰ বাবে প্ৰতি কিলোমিটাৰত অতিৰিক্ত আধা পইচা ব্যায় কৰিব লাগিব।
তৎকাল বুকিঙত আধাৰ বাধ্যতামূলক
ইফালে ৰে’লৱেই তৎকাল টিকট বুকিঙৰ নিয়মতো ডাঙৰ পৰিৱৰ্তন কৰিছে। ২০২৫ চনৰ ১ জুলাইৰ পৰা তৎকাল টিকট বুকিং কৰিবলৈ আধাৰ প্ৰমাণীকৰণৰ প্ৰয়োজন হ’ব।২০২৫ চনৰ ১০ জুনত ৰে’ল মন্ত্ৰালয়ে এক নিৰ্দেশ জাৰি কৰি সকলো ৰে’ল মণ্ডলক এই বিষয়ে অৱগত কৰে। মন্ত্ৰালয়ে কয় যে এই নিয়ম এনেদৰে অনা হৈছে যাতে তৎকাল আঁচনিৰ সুবিধা দালাল বা অকৰ্তৃত্বশীল এজেণ্টৰ বাবে নহয়, প্ৰকৃত যাত্ৰীৰ বাবেহে উপলব্ধ হয়।
এতিয়া ভাৰতীয় ৰে’লৱে কেটাৰিং এণ্ড টুৰিজিম নিগমৰ ৱেবছাইট বা এপৰ জৰিয়তেহে তৎকাল টিকট বুকিং কৰিব পাৰিব আৰু ইয়াৰ বাবে আধাৰ পৰীক্ষণৰ প্ৰয়োজন হ’ব। কেৱল এয়াই নহয় ২০২৫ চনৰ ১৫ জুলাইৰ পৰা তৎকাল টিকট বুকিঙৰ সময়ত এটা অতিৰিক্ত পদক্ষেপ সংযোজন কৰা হ’ব য’ত আধাৰ ভিত্তিক অ’টিপি পৰীক্ষণ কৰিব লাগিব। অৰ্থাৎ এতিয়া টিকট বুকিং কৰাৰ আগতে আধাৰ নম্বৰৰ জৰিয়তে অ’টিপি ভেৰিফাই কৰিব লাগিব।
তৎকাল বুকিঙৰ বাবে এজেণ্টৰ ওপৰত নিষেধাজ্ঞা
তৎকাল টিকট বুকিঙৰ ক্ষেত্ৰত অকৰ্তৃত্বশীল এজেণ্টৰ হস্তক্ষেপ ৰোধৰ বাবেও কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ৰে’ল মন্ত্ৰালয়ে। নতুন নিয়ম অনুসৰি ৰে’লৱেৰ অনুমোদিত বুকিং এজেণ্টক প্ৰথম দিনাই তৎকাল টিকট বুকিং কৰাৰ বাবে প্ৰাৰম্ভিক আধা ঘণ্টাৰ সময়সীমাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
এচি ক্লাছ বুকিং: পুৱা ১০ বজাৰ পৰা ১০:৩০ বজালৈ এজেণ্টে তৎকাল টিকট বুকিং কৰিব নোৱাৰিব।
নন-এচি ক্লাছ বুকিং: পুৱা ১১:০০ বজাৰ পৰা ১১:৩০ বজালৈ এজেণ্টৰ বাবে বুকিং বন্ধ থাকিব ।
ৰে’ল মন্ত্ৰালয়ে কয় যে এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে যাতে সাধাৰণ যাত্ৰীসকলে সহজে তৎকাল টিকট বুকিং কৰিব পাৰে।
ৰে’ল ব্যৱস্থাতো পৰিৱৰ্তন হ’ব
এই নতুন নিয়মসমূহ কাৰ্যকৰী কৰিবলৈ ৰে’ল মন্ত্ৰালয়ে চেণ্টাৰ ফৰ ৰে’লৱে ইনফৰ্মেশ্যন চিষ্টেমছ (CRIS) আৰু আই আৰচিটিচিক প্ৰয়োজনীয় কাৰিকৰী পৰিৱৰ্তন কৰিবলৈ নিৰ্দেশ দিছে। ৰে’লৱেই সকলো জ’নেল ৰে’ল বিভাগকো এই পৰিৱৰ্তনৰ বিষয়ে অৱগত কৰিবলৈ কৈছে। ইয়াৰ উদ্দেশ্য হৈছে তৎকাল বুকিং প্ৰক্ৰিয়াক অধিক স্বচ্ছ আৰু মসৃণ কৰি তোলা।