শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
শূন্য হ'ব নেকি ভাণ্ডাৰ? মধ্য প্ৰাচ্যৰ সংকটৰ বাবে বৃদ্ধি পাব পাৰে LPG চিলিণ্ডাৰৰ মূল্য...

শূন্য হ’ব নেকি ভাণ্ডাৰ? মধ্য প্ৰাচ্যৰ সংকটৰ বাবে বৃদ্ধি পাব পাৰে LPG চিলিণ্ডাৰৰ মূল্য…

barasha-sarma
Barasha Sarma | Updated On: 24 Jun 2025 22:38 PM

মধ্য প্ৰাচ্যৰ সংকটৰ বাবে পশ্চিম এছিয়াৰ পৰা ইন্ধন যোগানত বাধা আহিব পাৰে।  যোৱা ১০ বছৰত ভাৰতত এল পি জিৰ ব্যৱহাৰ দুগুণতকৈও অধিক হৈছে, এতিয়া এল পি জি ৩৩ কোটি ঘৰত উপনীত হৈছে।

ইৰাণ-ইজৰাইলৰ যুদ্ধৰ প্ৰভাৱ পৰিব পাৰে আপোনাৰ পাকঘৰত। আগন্তুক সময়ত দেশত বৃদ্ধি পাব পাৰে এল পি জি চিলিণ্ডাৰৰ মূল্য। মধ্যপ্ৰাচ্যত উত্তেজনা বৃদ্ধিৰ প্ৰভাৱ চিলিণ্ডাৰৰ হাৰৰ ওপৰত দেখা যাব পাৰে। কাৰণ দেশৰ প্ৰতি ৩ টা এল পি জি চিলিণ্ডাৰৰ ভিতৰত ২ টা পশ্চিম এছিয়াৰ পৰা আহে।

ইকনমিক টাইমছৰ প্ৰতিবেদন অনুসৰি মধ্য প্ৰাচ্যৰ সংকটৰ বাবে পশ্চিম এছিয়াৰ পৰা ইন্ধন যোগানত বাধা আহিব পাৰে।  যোৱা ১০ বছৰত ভাৰতত এল পি জিৰ ব্যৱহাৰ দুগুণতকৈও অধিক হৈছে, এতিয়া এল পি জি ৩৩ কোটি ঘৰত উপনীত হৈছে।

ইয়াৰ ফলত ভাৰতৰ আমদানি নিৰ্ভৰশীলতাও বৃদ্ধি পাইছে। প্ৰায় ৬৬% এল পি জি বিদেশৰ পৰা আমদানি হয়, ইয়াৰে ৯৫% পশ্চিম এছিয়াৰ দেশ যেনে চৌদি আৰব, ইউ এ ই আৰু কাটাৰৰ পৰা আহে। পেট্ৰলিয়াম মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতত এল পি জি মজুতকৰণ মাত্ৰ ১৬ দিনৰ ব্যৱহাৰৰ বাবেহে আমদানি টাৰ্মিনেল, শোধনাগাৰ আৰু বটলিং প্লাণ্টত আছে।

অৱশ্যে পেট্ৰ’ল-ডিজেলৰ ক্ষেত্ৰত ভাৰতে চিন্তা কৰাৰ প্ৰয়োজন নাই। ভাৰত এই দুয়োটাৰে নিকা ৰপ্তানিকাৰক, অৰ্থাৎ আমাৰ উৎপাদিত পেট্ৰ’লৰ ৪০% আৰু ডিজেলৰ ৩০% ৰপ্তানি হয়। প্ৰয়োজন হ’লে এই ৰপ্তানিৰ পৰিমাণ ঘৰুৱা বজাৰলৈ ওভতাব কৰিব পাৰি।

তথ্য অনুসৰি শোধনাগাৰ, পাইপলাইন, জাহাজ আৰু নেশ্যনেল ষ্ট্ৰেটেজিক পেট্ৰলিয়াম ৰিজাৰ্ভ (এছ পি আৰ)ত খাৰুৱা তেল ২৫ দিনৰ বাবে মজুত আছে।

তেলৰ মূল্যবৃদ্ধিয়ে হ্ৰস্বম্যাদীভাৱে শোধনাগাৰৰ মাৰ্জিনত প্ৰভাৱ পেলাব পাৰে, কিন্তু পেট্ৰ’ল-ডিজেলৰ খুচুৰা মূল্যত পৰিৱৰ্তন হোৱাৰ আশা নাই। চৰকাৰী তেল বিপণন কোম্পানীসমূহে যোৱা ৩ বছৰ ধৰি পাম্পৰ মূল্য নিৰ্দিষ্ট কৰি ৰাখিছে আৰু বিশ্বৰ বজাৰত উঠা-নমা হোৱাৰ পিছতো তেনে কৰিব।