শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Assam News: মুখ্যমন্ত্ৰীৰ হাচিলা বিল পৰিদৰ্শনৰ পৰা ইজৰাই-ইৰাণৰ যুদ্ধলৈ দিনটোৰ শীৰ্ষ খবৰ

Assam News: মুখ্যমন্ত্ৰীৰ হাচিলা বিল পৰিদৰ্শনৰ পৰা ইজৰাই-ইৰাণৰ যুদ্ধলৈ দিনটোৰ শীৰ্ষ খবৰ

barasha-misra
Barasha Misra | Updated On: 24 Jun 2025 23:25 PM

অম্বুবাচীৰ আজি তৃতীয় দিন। আজিও কামাখ্যা ধামত দেখা গৈছে ভক্তৰ ব্যাপক ভিৰ। মাৰ আশিস ল'বলৈ দূৰ-দূৰণিৰ পৰা আহিছে অনেক ভক্ত। নীলাচলৰ বুকুত দেখা গৈছে দেশৰ লগতে বিদেশৰ পৰাও অহা বিভিন্ন সাধু-সন্যাসীক।

আজিৰ দিনটোত বহুকেইটা বাতৰিয়ে শীৰ্ষ স্থান দখল কৰিছে। পলকতে চাও আহক অসমৰ লগতে দেশ বিদেশৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ-

A. ঈদৰ সময়ত ধুবুৰীত সংঘটিত বিক্ষিপ্ত ঘটনা সন্দৰ্ভত আজি ধুবুৰীত মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মন্দিৰত গো-মাংস ৰখা দুষ্কৃতিকাৰীক অতি শীঘ্ৰেই আত্মসমৰ্পনৰ নিৰ্দেশ দিয়াৰ লগতে হিন্দু অধ্যুষিত অঞ্চলত কোৰবানি দিব নোৱাৰিব বুলি সকীয়নি দিয়ে। এই ঘটনা সন্দৰ্ভত বৰ্তমানলৈকে ১৫১ জনক গ্ৰেপ্তাৰ কৰা বুলি জনায় মুখ্যমন্ত্ৰীয়ে।

B. আজি গোৱালপাৰাৰ হাচিলা বিলত চলা উচ্ছেদ স্থলী পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হাচিলা বিলক বনাঞ্চললৈ ৰূপান্তৰ কৰাৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ। লগতে উচ্ছেদিতসকলক নিজৰ ঠাইলৈ যোৱাত সহায় কৰা হ’ব বুলিও আশ্বাস দিয়ে ডঃ শৰ্মাই।

C. অম্বুবাচীৰ আজি তৃতীয় দিন। আজিও কামাখ্যা ধামত দেখা গৈছে ভক্তৰ ব্যাপক ভিৰ। মাৰ আশিস ল’বলৈ দূৰ-দূৰণিৰ পৰা আহিছে অনেক ভক্ত। নীলাচলৰ বুকুত দেখা গৈছে দেশৰ লগতে বিদেশৰ পৰাও অহা বিভিন্ন সাধু-সন্যাসীক।

D. ৰাইজৰ দলে কেৱল নিজৰ স্বাৰ্থত মিত্ৰতা বিচৰা নাই। অকলে নিৰ্বাচন খেলিলে ৰাইজৰ দলে যিমান আসন পাব, মিত্ৰশক্তিৰ সৈতে খেলিলে হয়তো কম আসনহে পাব। এই বক্তব্য ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। জাতীয় স্বাৰ্থত তথা জনসাধাৰণৰ স্বাৰ্থতহে মিত্ৰতা বিচাৰিছে ৰাইজৰ দলে।

E. বিজেপি চৰকাৰে সমগ্ৰ দেশৰ সা-সম্পতি বিক্ৰী কৰি অৱস্থা বেয়া কৰিছে। হিন্দু-মুছলমানৰ যুঁজত লাগি থাকিলে মানুহে ভাত খাবলৈ নাপায়। অসমৰ ইতিহাসৰ আটাইতকৈ সাম্প্ৰদায়িক মানুহজন হিমন্ত বিশ্ব শৰ্মা। এই অভিযোগ বিধায়ক অখিল গগৈৰ। তেওঁ মুখ্যমন্ত্ৰী হ’লে হিমন্ত বিশ্ব শৰ্মাক ২৭ বাৰ মান ফাঁচী দিলেহেঁতেন বুলিও কয় গগৈয়ে।

F. অম্বুবাচী মেলা উপলক্ষে আজি পুৱাই দলীয় সতীৰ্থসহ নীলাচল পাহাৰলৈ গৈ শক্তিপীঠ কামাখ্য ধামলৈ অহা ভক্তপ্ৰাণ ৰাইজৰ মাজত বিশুদ্ধ খোৱা পানী আৰু ফলৰ ৰস বিতৰণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। প্ৰদেশ কংগ্ৰেছৰ সাহায্য আৰু পুনৰ সংস্থাপন কোষৰ উদ্যোগত এইদৰে ভক্তপ্ৰাণ ৰাইজৰ মাজত খোৱা পানী আৰু ফলৰ ৰস বিতৰণ কাৰ্যসূচী হাতত লোৱা হয় । লগতে সকলোৰে মংগল কামনা কৰে গৌৰৱ গগৈয়ে।

G. পুনৰ সংঘটিত হৈছে স্বামী হত্যাৰ এক জঘন্য ঘটনা। ছত্তীশগড়ৰ বলৰামপুৰত এগৰাকী নৱবিবাহিতা বোৱাৰীয়ে কুকুৰাৰ মাংসত বিহ মিহলাই খাবলৈ দিয়ে স্বামীক। সেই মাংস খোৱাৰ পাছতেই মৃত্যু হয় বুদনাথ নামৰ যুৱকজনৰ।

H. ইৰাণ আৰু ইজৰাইলে যুদ্ধ বিৰতিত সন্মতি প্ৰকাশ কৰা বুলি ড’নাল্ড ট্ৰাম্পে কৰা ঘোষণা পিছতেই দেখা গৈছে এক বিপৰীত ছবি। ইজৰাইলে পুনৰ আক্ৰমণ কৰিছে ইৰাণৰ ওপৰত। ইৰাণৰ কেবাটাও স্থানত আক্ৰমণ চলাইছে ইজৰাইলী বায়ু সেনাই।

I. ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা পাঁচ খনীয়া টেষ্ট শৃংখলাৰ প্ৰথম টেষ্টৰ আজি অন্তিম দিন। দ্বিতীয় ইনিংছৰ বেটিঙৰ অন্তত ভাৰতে ইংলেণ্ডক জয়ৰ বাবে ৩৭১ ৰাণৰ লক্ষ্য বান্ধি দিয়ে। ঋষভ পন্টে দুয়োটা ইনিংছতে শতক অৰ্জন কৰে।