ইজৰাইলত 1GB ডাটাৰ দাম কিমান জানেনে? জানিলে চকু কপালত উঠিব আপোনাৰ…
যোৱা কেইটামান দিন ধৰি ইৰাণ-ইজৰাইলৰ যুদ্ধই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। পিছে ইজৰাইলত 1GB ডাটাৰ দাম কিমান জানেনে? দাম শুনিলে হয়তো আচৰিত হ'ব আপুনি।

ইজৰাইল-ইৰাণৰ ১২ দিন ধৰি চলা যুদ্ধৰ অন্তত যুদ্ধবিৰতি ঘোষণা কৰা হয়। দুয়োখন দেশৰ যুদ্ধত আমেৰিকাই ইজৰাইলৰ প্ৰতি নিজৰ বন্ধুত্বপূৰ্ণ মনোভাৱ প্ৰকাশ কৰি ইৰাণত আক্ৰমণ কৰে। কিন্তু আপুনি জানেনে আমেৰিকাৰ বন্ধু দেশ ইজৰাইলত কোন কেইটা টেলিকম কোম্পানীয়ে কাম কৰে? জানেনে ইজৰাইলত 1GB ডাটাৰ দাম কিমান? এই লেখাটোত এই সন্দৰ্ভত উল্লেখ কৰা হ’ল।
কি কি কোম্পানী আছে
ইজৰাইলত ৰিলায়েন্স জিঅ’, এয়াৰটেল বা ভোডাফোন আইডিয়া নচলে। ইজৰাইলত Golan Telecom আৰু TCS Telecom টেলিকম কোম্পানীয়ে আধিপত্য বিস্তাৰ কৰে। এই কোম্পানীসমূহে গ্ৰাহকক ইন্টাৰনেট, কলিং, এছএমএছকে ধৰি বহু সুবিধা প্ৰদান কৰে যদিও দাম ইমানেই বেছি যে ১ জিবি ইন্টাৰনেটৰ দামে আপোনাৰ চকু কপালত তুলিব।
1GB ডাটাৰ দাম
Golan Telecom ৰ অফিচিয়েল ৱেবছাইট অনুসৰি এই কোম্পানীটোৰ ১০ জিবি হাই স্পীড ডাটা প্লেনৰ মূল্য ৩৯ শ্বেকেল (প্ৰায় ৯৮৩ টকা)। গতিকে এনে ক্ষেত্ৰত আমি যদি প্ৰতি জিবি ডাটাৰ খৰচ চাও তেন্তে ইজৰাইলত বাস কৰা লোকসকলে ১ জিবিৰ বাবে প্ৰায় ৯৮.৩০ টকা খৰচ কৰিব লাগে। ইয়াৰোপৰি এই প্লেনৰ বৈধতা ৩০ দিনৰ।
আনহাতে আমি যদি ভাৰতৰ কথা কওঁ, তেন্তে ৰিলায়েন্স জিঅ’ৰ ১০জিবি ডাটা পেকৰ দাম মাত্ৰ ১১ টকা। অৱশ্যে এই প্লেনৰ বৈধতা মাত্ৰ ১ ঘন্টা। তেনেস্থলত বৈধতাৰ কথা উল্লেখ কৰিবলৈ হ’লে ৰিলায়েন্স জিঅ’ৰ ৩০ দিনৰ বৈধতা থকা ডাটা প্লেনৰ মূল্য ২১৯ টকা (৩০ দিন আৰু ৩০ জিবি ডাটা)।

Golan Telecom/Jio
যদি ৰিলায়েন্স জিঅৰ এই প্লেনত প্ৰতি জিবিৰ খৰচ চাওঁ তেন্তে ব্যৱহাৰকাৰীয়ে ১ জিবিৰ বাবে ৭.৩০ টকা খৰচ কৰিব লাগে। ২১৯ টকীয়া প্লেনৰ উপৰিও কোম্পানীটোৰ কিছু সস্তা প্লেন আছে, ১৭৫ টকা (১০ জিবি / ২৮ দিনৰ বৈধতা) আৰু ১০০ টকা (৫ জিবি / ৯০ দিনৰ বৈধতা)।
গতিকে ইয়াৰ দ্বাৰা ইজৰাইল আৰু ভাৰত দুয়োখন দেশতে ১ জিবি ইণ্টাৰনেট খৰচৰ উমান পাব পাৰি। এফালে ভাৰতত ৩০ দিনৰ বৈধতা থকা পৰিকল্পনাত প্ৰতি জিবিৰ খৰচ ৭.৩০ টকা খৰচ হয়, আনফালে ইজৰাইলত খৰচ প্ৰায় ৯৮.৩০ টকা, অৰ্থাৎ ভাৰততকৈ ৯১ টকা বেছি।
অন্য খবৰ পঢ়কঃ Khorramshahr-4: ৮০ টাতকৈ অধিক স্থানত একেলগে আক্ৰমণ! জানক ইৰাণৰ খোৰামশ্বহৰ-৪ মিছাইলৰ বিষয়ে…