Make in India Weapons: দেশ-বিদেশত সমাদৰ লাভ কৰিছে ভাৰতত নিৰ্মিত অস্ত্ৰই!
হায়দৰাবাদ, পুনে, জবলপুৰ, বেংগালুৰু, নাগপুৰ, কোচিৰ দৰে চহৰসমূহ কেৱল তথ্য প্রযুক্তি কেন্দ্র হিচাপেই নহয়, অস্ত্ৰ নিৰ্মাণৰ হাব হিচাপেও গঢ়ি উঠিছে। ডি আৰ ডি অ’, Hindustan Aeronautics Limited আৰু Bharat Electronics Limited ৰ দৰে সংস্থাই দেশৰ বিভিন্ন ব্যক্তিগত খণ্ডৰ সংস্থাৰ সৈতে অস্ত্ৰ নিৰ্মাণৰ কাম কৰি আছে।
বিদেশৰ পৰা আমদানিকৃত অস্ত্ৰ-শস্ত্ৰৰ ওপৰত পূৰ্বে যথেষ্ট নিৰ্ভৰশীল আছিল ভাৰত। AK-47, AK-74, AK-203 বন্দুকৰ বাবে ৰাছিয়া, SIG Sauer 716 বন্দুকৰ বাবে আমেৰিকা আৰু Tavor বন্দুকৰ বাবে ইজৰাইলৰ ওপৰত নিৰ্ভৰ কৰিছিল ভাৰতে। কিন্তু এতিয়া ভাৰতীয় সেনাই বহু ক্ষেত্ৰত ভাৰতত নিৰ্মিত ৰাইফল ব্যৱহাৰ কৰে।
ইয়াৰ বাহিৰেও ভাৰতে আমেৰিকা আৰু ফ্ৰান্সৰ দৰে দেশৰ পৰা বিভিন্ন অস্ত্ৰ-শস্ত্ৰ আমদানি কৰে। ইয়াৰ ভিতৰত বন্দুকৰ লগতে যুঁজাৰু বিমানো আছে। কিন্তু ‘আত্মনিৰ্ভৰ ভাৰত’ আৰু ‘মেক ইন ইণ্ডিয়া’ৰ অধীনত ভাৰতে বৰ্তমান যুদ্ধ টেংক, মিছাইল, আৰ্টিলাৰী গান, যুঁজাৰু বিমান আৰু চাবমেৰিন দেশতেই নিৰ্মাণ কৰি আছে।
সবিশেষ তথ্য ভিডিঅ’টোত উপলব্ধ….