শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Royal Enfield Bullet: ১৫ বছৰত Royal Enfieldৰ শ্বেয়াৰৰ মূল্য কিমান হ’ল জানেনে?

Royal Enfield Bullet: ১৫ বছৰত Royal Enfieldৰ শ্বেয়াৰৰ মূল্য কিমান হ’ল জানেনে?

manas-borah
Manas Borah | Published: 24 Jun 2025 23:17 PM

১৫ বছৰ আগতে ৯৯ হাজাৰ টকাত বুলেট কিনা ব্যক্তিজনে যদি সেইদিনটো ৰয়েল এনফিল্ডৰ শ্বেয়াৰত বিনিয়োগ কৰা হ’লে কি হ’লহেঁতেন? ১৫ বছৰৰ আগতে ৰয়েল এনফিল্ডৰ মূল কোম্পানী আইচাৰ মটৰ্ছৰ শ্বেয়াৰৰ মূল্য আছিল ৬২ টকা। আৰু এতিয়া কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য প্ৰায় ৮,৮৫০ গুণ বৃদ্ধি পাইছে। আজি আইচাৰ মটৰ্ছৰ ১ টা শ্বেয়াৰৰ মূল্য ৫ হাজাৰ ৫৪৮ টকা।

ৰয়েল এনফিল্ড মানেই এটা বেলেগ অনুভৱ। বহুতৰ বাবে সপোনৰ বাইকখন হৈছে ৰয়েল এনফিল্ড। কেৱল যুৱ প্ৰজন্মৰ মাজতে নহয়, জ্যেষ্ঠসকলৰ বাবেও ৰয়েল এনফিল্ড এটা আবেগ। ৰাইডাৰ সকলেও দুঃসাহসিক যাত্ৰাৰ বাবে ৰয়েল এনফিল্ডৰ বাইক ব্যৱহাৰ কৰে। শেহতীয়াকৈ শ্বেয়াৰ বজাৰতো বিশেষ প্ৰভাৱ পেলাই ৰয়েল এনফিল্ডয়ে।

বৰ্তমান এখন ৰয়েল এনফিল্ড বুলেটৰ মূল্য প্ৰায় ১ লাখ ৩৪ হাজাৰ টকাৰ পৰা আৰম্ভ। প্ৰায় ১৫ বছৰ আগতে এখন বুলেটৰ দাম ৯৯ হাজাৰ টকাৰ পৰা আৰম্ভ হৈছিল। অৰ্থাৎ ১৫ বছৰত ৰয়েল এনফিল্ড বুলেটৰ মূল্য ৩৩ শতাংশ বৃদ্ধি পাইছে।

কিন্তু ১৫ বছৰ আগতে ৯৯ হাজাৰ টকাত বুলেট কিনা ব্যক্তিজনে যদি সেইদিনটো ৰয়েল এনফিল্ডৰ শ্বেয়াৰত বিনিয়োগ কৰা হ’লে কি হ’লহেঁতেন? ১৫ বছৰৰ আগতে ৰয়েল এনফিল্ডৰ মূল কোম্পানী আইচাৰ মটৰ্ছৰ শ্বেয়াৰৰ মূল্য আছিল ৬২ টকা। আৰু এতিয়া কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য প্ৰায় ৮,৮৫০ গুণ বৃদ্ধি পাইছে। আজি আইচাৰ মটৰ্ছৰ ১ টা শ্বেয়াৰৰ মূল্য ৫ হাজাৰ ৫৪৮ টকা।