শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Whirlpool ইণ্ডিয়াৰ শ্বেয়াৰ লাভৰ প্ৰতিযোগিতাত নামিছে ৰিলায়েন্স…

ৰিলায়েন্স আৰু হেভেলছে Whirlpool ইণ্ডিয়াৰ ৩১ শতাংশ অংশীদাৰিত্ব লাভৰ দৌৰত নামিছে। তিনিমাহৰ ভিতৰত Whirlpool ইণ্ডিয়াৰ শ্বেয়াৰৰ মূল্য ৪৬ শতাংশতকৈ অধিক বৃদ্ধি পোৱাৰ লগে লগে বিশেষজ্ঞসকলে ৰিলায়েন্স সফল হ’লে আৰু অধিক বৃদ্ধিৰ পাব ধাৰণা কৰিছে।

Whirlpool ইণ্ডিয়াৰ শ্বেয়াৰ লাভৰ প্ৰতিযোগিতাত নামিছে ৰিলায়েন্স…
মুকেশ আম্বানীImage Credit source: PTI
manas-borah
Manas Borah | Published: 25 Jun 2025 10:08 AM

ভাৰতৰ অন্যতম বৃহৎ ফ্ৰীজ নিৰ্মাতা কোম্পানীৰ শ্বেয়াৰ ক্ৰয় কৰাৰ বাবে প্ৰতিযোগিতাত নামিছে মুকেশ আম্বানীৰ ৰিলায়েন্স আৰু ইলেক্ট্ৰনিকছ নিৰ্মাতা কোম্পানী হেভেলছে। বিশেষভাৱে ভাৰতৰ অন্যতম বৃহৎ ফ্ৰীজ নিৰ্মাতা কোম্পানী ক্ৰয় কৰিবলৈ জপিয়াই পৰিছে মুকেশ আম্বানীৰ ৰিলায়েন্স ।

বৰ্তমান ভাৰতৰ Whirlpool ৫১ শতাংশ আমেৰিকান মূল কোম্পানী Whirlpool কৰ্পৰেশ্যনৰ মালিকানাধীন। কিন্তু তেওঁলোকে ভাৰতীয় কোম্পানীটোত ২০ শতাংশ অংশীদাৰিত্ব ৰাখিব বিচাৰিছে আৰু বাকী ৩১ শতাংশ অংশীদাৰিত্ব বিক্ৰী কৰিব বিচাৰে। এই ৩১ শতাংশ ক্ৰয় কৰাৰ বাবে জপিয়াই পৰিছে ৰিলায়েন্স আৰু হেভেলছ।

বৰ্তমান Whirlpool ৰ ৪৯ শতাংশ শ্বেয়াৰৰ ভিতৰত ২৫.৫২ শতাংশ শ্বেয়াৰ বিভিন্ন এচেট মেনেজমেণ্ট কোম্পানীয়ে লাভ কৰিছে। ১০.৭২ শতাংশ বিভিন্ন বিদেশী বিনিয়োগকাৰীৰ হাতত আছে। ১০.১৭ শতাংশ খুচুৰা বিনিয়োগকাৰীৰ হাতত আৰু বাকী ২.৫৯ শতাংশ অন্যান্য ঘৰুৱা প্ৰতিষ্ঠানিক বিনিয়োগকাৰীৰ হাতত।

ভাৰতৰ Whirlpool ৰ শ্বেয়াৰৰ মূল্য ৩ মাৰ্চৰ পৰা ২০ জুনৰ ভিতৰত ৪৬ শতাংশতকৈ অধিক বৃদ্ধি পাইছে। ৩ মাৰ্চত কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য আছিল ৯২১ টকা। আৰু সেই মূল্য যোৱা ৩ মাহত বৃদ্ধি পাই ২০ জুনত বজাৰ বন্ধ হোৱাৰ সময়ত ১,৩৫০ টকা হৈছে। আৰু যদি ৰিলায়েন্সে এই কোম্পানীটোৰ শ্বেয়াৰ ক্ৰয় কৰে, তেন্তে শ্বেয়াৰৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পাব বুলি বিশেষজ্ঞসকলে বিশ্বাস কৰে।