শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
যুদ্ধবিৰতিত সন্মত ইৰাণ-ইজৰাইল! প্ৰত্যাঘাতত সুৰ সলনি কৰি দাবী ট্ৰাম্পৰ

যুদ্ধবিৰতিত সন্মত ইৰাণ-ইজৰাইল! প্ৰত্যাঘাতত সুৰ সলনি কৰি দাবী ট্ৰাম্পৰ

Monjit Dutta
Monjit Dutta | Published: 24 Jun 2025 22:48 PM

যুদ্ধৰ পৰিৱৰ্তে এতিয়া মধ্য প্ৰাচ্যলৈ শান্তি ঘূৰি অহাৰ সম্ভাৱনা প্ৰকাশ পাইছে। যুদ্ধৰ পৰিস্থিতি ক্ৰমাৎ বৃদ্ধি হোৱাৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক গুৰুত্বপূৰ্ণ দাবী কৰিছে। ট্ৰাম্পৰ দাবী, যুদ্ধৰ অৱসান ঘটাই ইজৰাইল আৰু ইৰাণে যুদ্ধবিৰতিৰ সিদ্ধান্তত সন্মতি জনাইছে।

ইৰাণ আৰু ইজৰাইলৰ মাজত সংঘাতৰ পৰিপ্ৰেক্ষিতত মধ্য প্ৰাচ্যত বৃদ্ধি পাইছিল এক ভয়াৱহ যুদ্ধৰ সম্ভাৱনীয়তা। পিছে যুদ্ধৰ পৰিৱৰ্তে এতিয়া মধ্য প্ৰাচ্যলৈ শান্তি ঘূৰি অহাৰ সম্ভাৱনা প্ৰকাশ পাইছে। যুদ্ধৰ পৰিস্থিতি ক্ৰমাৎ বৃদ্ধি হোৱাৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক গুৰুত্বপূৰ্ণ দাবী কৰিছে। ট্ৰাম্পৰ দাবী, যুদ্ধৰ অৱসান ঘটাই ইজৰাইল আৰু ইৰাণে যুদ্ধবিৰতিৰ সিদ্ধান্তত সন্মতি জনাইছে। লক্ষণীয়ভাৱে ইৰাণ আৰু ইজৰাইলৰ সংঘৰ্ষৰ মাজতে যোৱা শনিবাৰে ইৰাণত আক্ৰমণ কৰিছিল আমেৰিকাই।

শনিবাৰে নিশা ইৰাণৰ তিনিটা পাৰমাণৱিক ঘাটিত আমেৰিকাই আক্ৰমণ চলাইছিল। ইয়াৰ পিছতে ইৰাণেও যোৱা নিশা কাটাৰসহ মধ্য এছিয়াৰ চাৰিখন দেশত থকা আমেৰিকাৰ সামৰিক ঘাটিত আক্ৰমণ কৰে। এনে পৰিস্থিতিত যুদ্ধৰ ভয়াৱহতা অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছিল যদিও আজি পুৱা মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে এনে দাবী কৰিছে।