শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মই মাটিৰ নিচাত আসক্ত, অসমৰ প্ৰতি ইঞ্চি ভূমি বেদখলমুক্ত কৰা হ’বঃ হিমন্ত বিশ্ব শৰ্মা

খিলঞ্জীয়াৰ প্ৰতি ইঞ্চি ভূমি বেদখলমুক্ত কৰা হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে কয় যে, আগন্তুত সময়ত আৰু বিভিন্ন স্থানত উচ্ছেদ হ'ব।

মই মাটিৰ নিচাত আসক্ত, অসমৰ প্ৰতি ইঞ্চি ভূমি বেদখলমুক্ত কৰা হ’বঃ হিমন্ত বিশ্ব শৰ্মা
হিমন্ত বিশ্ব শৰ্মাImage Credit source: Facebook (himanta biswa sarma)
barasha-sarma
Barasha Sarma | Published: 25 Jun 2025 20:23 PM

খিলঞ্জীয়াৰ ভূমি বেদখলমুক্ত কৰাৰ অৰ্থে অসমৰ চৰকাৰে ৰাজ্যৰ বিভিন্ন ঠাইত উচ্ছেদ অভিযান চলাই গৈছে। অবৈধ ভূমি দখল কৰা সন্দৰ্ভত চৰকাৰী স্থিতি পুনৰ প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, “খিলঞ্জীয়াৰ পৰা বেদখল কৰা প্ৰতিটো ইঞ্চি মাটি পুনৰ উদ্ধাৰ কৰা হ’ব”। ইয়াৰোপৰি তেওঁ কয় যে,খিলঞ্জীয়াৰ মাটি-বাৰী সুৰক্ষা কৰাৰ বাবে তেওঁ আসক্ত। কেতিয়াও উচ্ছেদৰ ক্ষেত্ৰত আপোচ কৰা নহয়।

বুধবাৰে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শৰ্মাই কয় যে, “মই মাটিৰ নিচাত আসক্ত হৈ আছো। অসমীয়াৰ প্ৰতি টুকুৰা মাটি পুনৰ উদ্ধাৰ কৰিব লাগে। বনাঞ্চল আৰু জলাশয়ৰ মাটি দখল কৰি ৰাখিছে। সেইসমূহ মাটি উদ্ধাৰ কৰি অসমীয়াক ঘূৰাই দিয়াৰ নিচাত মই আসক্ত। সেই নিচা মোৰ লাগি আছে। গতিকে অহা এমাহত আৰু কেইবাটাও উচ্ছেদ হ’ব। ইয়াক লৈ কোনো কম্প্ৰমাইজ নহয়। অসমৰ ইতিহাসত বিষ্ণুৰাম মেধিৰ পাছত আটাইতকৈ ডাঙৰ মাটি উদ্ধাৰ কৰা মইয়ে একমাত্ৰ মুখ্যমন্ত্ৰী”।

উল্লেখ্য যে, বিগত সময়চোৱাত অসমৰ বিভিন্ন ঠাইত চৰকাৰে উচ্ছেদ অভিযান চলায়। শেহতীয়াকৈ গোৱলপাৰাৰ হাচিলা বিলত উচ্ছেদ চলাই অসম চৰকাৰে বহু মাটি বেদখলমুক্ত কৰে। তাৰ পাছতে হাচিলা বিল পৰিদৰ্শন কৰি শৰ্মাই কয় যে,  গোৱালপাৰাত চিকিৎসা মহাবিদ্যালয় স্থাপন হ’ব আৰু বহু ডাঙৰ প্ৰজেক্ট আহিব। ইয়াৰোপৰি বেদখলকাৰীসকলক শৰ্মাই নিজৰ নিজৰ ঠাইলৈ ঘূৰি যাবলৈ আহ্বান জনায়।

সমান্তৰালকৈ ৰাজ্যত অব্যাহত আছে অনুপ্ৰৱেশকাৰী চিনাক্তকৰণৰ প্ৰক্ৰিয়া।  তথ্য় অনুসৰি, যোৱা এমাহত কেৱল কাছাৰ জিলাত ৮৮ বাংলাদেশী আৰু ৰোহিংগিয়াত আটক কৰি বাংলাদেশলৈ ঘূৰাই পঠিওৱা হৈছে।

এই সন্দৰ্ভত শৰ্মাই সামাজিক মাধ্যমত লিখে যে- “অসমত অনুপ্ৰৱেশকাৰীৰ সমস্যা অতি জটিল। আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে অনুপ্ৰৱেশকাৰীয়ে আমাৰ ৰাজ্যত সোমাই ভাৰত ভূমিক লক্ষ্য কৰে। ইয়াক ৰোধিবলৈ ইতিমধ্যে আমি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছোঁ। অসমভূমিত অনুপ্ৰৱেশকাৰীৰ উপস্থিতি কোনো কাৰণতে সহ্য কৰা নহ’ব। আমি সেইসকলৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ কৰিছোঁ আৰু যোৱা ১ মাহত কেৱল কাছাৰ জিলাতে ৮৮ বাংলাদেশী আৰু ৰোহিংগ্যাক আটক কৰি বাংলাদেশলৈ ওভতাই পঠিওৱা হৈছে”।

উল্লেখ্য় যে, অসমে বছৰ বছৰ ধৰি অনুপ্ৰৱেশকাৰী আৰু ভূমি বেদখলকাৰীৰ সমস্যাত ভুগি আহিছে। বিগত সময়চোৱাত অসম চৰকাৰে বহু সংখ্যক ভূমি বেদখলমুক্ত কৰাৰ লগতে বহু অনুপ্ৰৱেশকাৰীক ঘূৰাই পঠিয়ায়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাবে কৈছে যে কেতিয়াও উচ্ছেদৰ ক্ষেত্ৰত অপোচ কৰা নহ’ব। খিলঞ্জীয়াৰ প্ৰতি ইঞ্চি ভূমি বেদখল মুক্ত কৰা হ’ব।