শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সুস্থ জীৱন-যাপনৰ বাবে ৰাতিপুৱা খালী পেটত কি খাব লাগে ? কি খাব নালাগে ? জানক

বিশেষকৈ খালী পেটত কি খায় সেইটোৱেই নিৰ্ণয় কৰে হজম শক্তি, বিপাকীয় ক্ৰিয়া, ছাল, মানসিক স্বাস্থ্য কেনেকুৱা হ’ব। জানোঁ আহক ৰাতিপুৱা খালী পেটত কি খালে আটাইতকৈ উপকাৰী।

সুস্থ জীৱন-যাপনৰ বাবে ৰাতিপুৱা খালী পেটত কি খাব লাগে ? কি খাব নালাগে ? জানক
প্ৰতীকী ফটোImage Credit source: GettyImage
manas-borah
Manas Borah | Updated On: 07 Jul 2025 20:19 PM

সুস্বাস্থ্যৰ বাবে ৰাতিপুৱা খোৱাৰ ওপৰত সদায় গুৰুত্ব দিব লাগে। বিশেষকৈ খালী পেটত কি খায় সেইটোৱেই নিৰ্ণয় কৰে হজম শক্তি, বিপাকীয় ক্ৰিয়া, ছাল, মানসিক স্বাস্থ্য কেনেকুৱা হ’ব। আয়ুৰ্বেদ আৰু পুষ্টি দুয়োটাই এই কথাত গুৰুত্ব আৰোপ কৰে যে, ৰাতিপুৱাৰ প্ৰথম আহাৰ লঘু, পুষ্টিকৰ হ’ব লাগে আৰু শৰীৰক কাৰ্যক্ষম কৰিব পৰা হ’ব লাগে। জানোঁ আহক ৰাতিপুৱা খালী পেটত কি খালে আটাইতকৈ উপকাৰী।

ৰাতিপুৱা খালী পেটত কি খাব?

কুহুমীয়া পানী

আয়ুৰ্বেদৰ মতে, দিনটো এগিলাচ বা দুগিলাচ কুহুমীয়া পানীৰে আৰম্ভ কৰাটো বাঞ্ছনীয়। নেমুৰ ৰস আৰু অলপ মৌ দি খালে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে। ই বিপাকীয় ক্ৰিয়া সক্ৰিয় কৰাৰ লগতে কোষ্ঠকাঠিন্যৰ পৰাও সকাহ দিয়ে।

তিয়াই থোৱা ত্ৰিফলা বা জিৰা পানী

ৰাতি তিয়াই ত্ৰিফলা গুড়িৰ পানী বা ৰাতিপুৱা জিৰাৰ পানী খালে শৰীৰৰ বিষমুক্ত হোৱাত সহায় কৰে। ই যকৃত পৰিষ্কাৰ কৰাৰ লগতে গেছ আৰু এচিডিটিৰ পৰাও সকাহ দিয়ে।

তিয়াই লোৱা বাদাম আৰু কিচমিচ

বাদাম আৰু কিছু কিচমিচ ৰাতি তিয়াই ৰাতিপুৱা খোৱাটো আয়ুৰ্বেদত অতি পুষ্টিকৰ বুলি গণ্য কৰা হয়। বাদাম মগজুৰ বাবে উপকাৰী আৰু কিচমিচে শৰীৰত আইৰণ আৰু শক্তিৰ মাত্ৰা বৃদ্ধি কৰে।

নেমুৰ পানী বা ডিটক্স পানীয়

নেমুৰ ৰস আৰু নিমখ মিহলাই কুহুমীয়া পানী খোৱাটো ৰাতিপুৱাৰ আৰম্ভণিৰ বাবে সৰ্বোত্তম বুলি গণ্য কৰা হয়। ই শৰীৰক পুনৰ হাইড্ৰেট কৰে, ইলেক্ট্ৰলাইটৰ ভাৰসাম্য ৰক্ষা কৰে আৰু যকৃতক সহায় কৰে।

তিয়াই থোৱা চিয়া বীজৰ পানী

চিয়া গুটিত আঁহ আৰু ওমেগা-৩ ফেটি এচিড থাকে যিয়ে পেট পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে। মেথিৰ পানী হজমৰ বাবে ভাল বুলি বিবেচিত হোৱাৰ লগতে তেজৰ চুগাৰৰ মাত্ৰাও নিয়ন্ত্ৰণ কৰে।

ফল-মূল

কিছুমান পুষ্টিবিদে বতৰৰ ফল (যেনে অমিতা, আপেল, কল) বা শুকান ফল ৰাতিপুৱা খালী পেটত খাবলৈ পৰামৰ্শ দিয়ে। ই শৰীৰক প্ৰাকৃতিক চুগাৰ, আঁহ আৰু পুষ্টি প্ৰদান কৰে যিয়ে গোটেই দিনটো সক্ৰিয় হৈ থকাত সহায় কৰে।

লগতে পঢ়ক : প্র’টিনৰ বাবে ভাৰতীয়সকলে বেছিকৈ কি খায়? সমীক্ষাত প্ৰকাশ

খালী পেটত এইবোৰ খাব নালাগে

চাহ বা কফিঃ খালী পেটত চাহ খালে এচিডিটি আৰু গেছৰ সমস্যা হ’ব পাৰে। ইয়াৰ উপৰিও ই ভোক কম কৰি পাচনতন্ত্ৰত প্ৰভাৱ পেলায়।

ফ্ৰীজৰ ঠাণ্ডা পানী বা ঠাণ্ডা পানীয়ঃ ৰাতিপুৱা সোনকালে ঠাণ্ডা বস্তু খালে হজম শক্তি লেহেমীয়া হয় আৰু শৰীৰৰ প্ৰাকৃতিক তাপত প্ৰভাৱ পৰে।

অতি গধুৰ বা ভজা খাদ্য খোৱাঃ খালী পেটত গধুৰ খাদ্য খোৱাৰ ফলত পাচনতন্ত্ৰৰ ওপৰত চাপ পৰে আৰু ভাগৰুৱা অনুভৱ হয়।

লগতে পঢ়ক : বগা চাউল কিয় খাব নালাগে ? এই ৫ প্ৰকাৰৰ চাউল পুষ্টিকৰ উপাদানৰ এক ভঁৰাল…