শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আপোনাৰ ঋণ ঘূৰাবলৈ বাকী আছে নেকি? ডাঙৰ পদক্ষেপ লৈছে এই বেংকসমূহে…

এই বেংকসমূহে ঋণ পুনৰুদ্ধাৰৰ বাবে এটা ইউনিট গঠন কৰাৰ সিদ্ধান্ত লৈছে। আশা কৰা হৈছে যে, বেংকিং খণ্ডৰ এই পৰিৱৰ্তনৰ পিছত ক্ষুদ্ৰ ঋণ আদায়ৰ দৰে কাম দ্ৰুত আৰু স্বচ্ছভাৱে কৰিব পৰা যাব।

আপোনাৰ ঋণ ঘূৰাবলৈ বাকী আছে নেকি? ডাঙৰ পদক্ষেপ লৈছে এই বেংকসমূহে…
প্ৰতীকী ফটোImage Credit source: GettyImage
manas-borah
Manas Borah | Updated On: 25 Jun 2025 15:28 PM

দেশৰ শীৰ্ষ ৫ টা চৰকাৰী বেংকে ঋণ আদায়ৰ ক্ষেত্ৰত ডাঙৰ পদক্ষেপ লৈছে। ইয়াৰ ভিতৰত আছে ষ্টেট বেংক অৱ ইণ্ডিয়া(SBI), পঞ্জাব নেচনেল বেংক (PNB), বেংক অৱ বৰোদা (BoB) আদি। এই বেংকসমূহে ঋণ পুনৰুদ্ধাৰৰ বাবে এটা ইউনিট গঠন কৰাৰ সিদ্ধান্ত লৈছে। আশা কৰা হৈছে যে, বেংকিং খণ্ডৰ এই পৰিৱৰ্তনৰ পিছত ক্ষুদ্ৰ ঋণ আদায়ৰ দৰে কাম দ্ৰুত আৰু স্বচ্ছভাৱে কৰিব পৰা যাব।

বৰ্তমান ৫টা চৰকাৰী বেংকে এই পদক্ষেপ গ্ৰহণ কৰিছে। ভৱিষ্যতে এই পদক্ষেপত আন বেংকসমূহো অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে। এতিয়ালৈকে জনা গৈছে যে, চৰকাৰী বেংকসমূহে গঠন কৰা সংস্থা পি এছ বি এলায়েন্স প্ৰাইভেট লিমিটেডে এই ইউনিটটো পৰিচালনা কৰিব।

এই সংস্থাৰ লক্ষ্য হ’ব- ৫ কোটিতকৈও কম মূল্যৰ খুচুৰা ঋণ আৰু এমএছএমই(MSME) ঋণ পুনৰুদ্ধাৰ কৰা। এই সংস্থাটোৰ ধাৰণা নেচনেল এচেট ৰিকনষ্ট্ৰাকচন কোম্পানী লিমিটেড বা NARCLৰ পৰাই আহিছে বুলি ধাৰণা কৰা হৈছে।

যদি এই সংস্থাটোৱে কাম কৰে তেন্তে ক্ষুদ্ৰ ঋণ আদায়ৰ জটিলতা দূৰ হ’ব। খৰচ কমি যাব। বেংকসমূহে নিজৰ মাজত সহযোগিতা আৰু তথ্য বিনিময় বৃদ্ধিৰ সুযোগ লাভ কৰিব। PSB Alliance য়ে অহা বিত্তীয় বৰ্ষৰ পৰা নতুন ঋণ আদায় ইউনিট আৰম্ভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। বিশেষজ্ঞসকলে ধাৰণা কৰিছে যদিহে এই পদক্ষেপ সফল হয়, তেন্তে ঋণ আদায়ৰ ক্ষেত্ৰত ই এক টাৰ্নিং পইণ্ট হিচাপে পৰিগণিত হ’ব।