শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কল পচলা আপোনাৰ প্ৰিয় নেকি? কিদৰে ৰান্ধি খাব পাৰি পচলা? জানক ইয়াৰ উপকাৰী গুণৰ বিষয়ে

Banana Stem Assamese Recipe: অসমীয়াৰ এক অন্যতম খাদ্য হ’ল কল পচলাৰ ব্যঞ্জন। কল পচলা ঔষধী গুণেৰে ভৰপূৰ। আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। আজি জানো আহক কল পচলাৰ ব্যঞ্জনাৰ বিষয়ে।

কল পচলা আপোনাৰ প্ৰিয় নেকি? কিদৰে ৰান্ধি খাব পাৰি পচলা? জানক ইয়াৰ উপকাৰী গুণৰ বিষয়ে
কল পচলা আপোনাৰ প্ৰিয় নেকি? কিদৰে ৰান্ধি খাব পাৰি পচলা?
barasha-misra
Barasha Misra | Published: 25 Jun 2025 16:54 PM

Assamese recipe: অসমীয়া সমাজ যেনেকৈ কলা-সংস্কৃতিত চহকী ঠিক তেনেকৈয়ে অসমীয়া সমাজৰ আছে চহকী খাদ্য-সম্ভাৰ। কল পচলা আপুনি খাই ভাল পায়নে? কেৱল গ্ৰাম্যাঞ্চলতে নহয়, নগৰ–চহৰৰ বজাৰতো যথেষ্ট জনপ্রিয়। কল পচলা কেৱল সাধাৰণ পাচলি নহয়, কল পচলা খালে দেহত জমা হোৱা ইউৰিক এছিড কমি থাকে। ইয়াৰোপৰি কল পচলাই আমাৰ দেহৰ প্রয়োজনীয় বহুতো উপাদানৰ পৰিপূৰক।

পচলাত প্ৰচুৰ পৰিমাণে আঁহ আছে। ইয়াৰ উপৰিও ভিটামিন B6, পতাচিয়াম, আইৰণ আদি পোৱা যায়। ভীমকলৰ পচলা আইৰণ কমি যোৱা ৰোগীক খাবলৈ পৰামর্শ দিয়ে। ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থকাৰ বাবে কোষ্ঠকাঠিন্যত সুফল পোৱা যায়। আইৰণ, ভিটামিন B6 আদি থকাৰ বাবে ৰক্তহীনতা বা এনিমিয়া ৰোগত উপকাৰী। লগতে ই উচ্চ ৰক্তচাপত পচলা উপকাৰী। ই ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

পচলা কলেষ্টৰলৰ সমস্যাত খালে সুফল পোৱা যায়। ইয়াৰোপৰি পচলাই পেটৰ চৰ্বি কমোৱা, ডায়েবেটিচ, ইউৰিক এচিড, শৰীৰৰ শোধন কৰাত, লিভাৰৰ বিভিন্ন সমস্যাত আৰু জণ্ডিচত সহায় কৰে। সেয়েহে মাজে মাজে পচলা খাব লাগে। মূত্ৰনলীৰ সংক্ৰমণ (urinary tract infection)ত পচলা খালে সুফল পোৱা যায়। পচলাই কিডনী স্টোন হোৱাতো বাধা দিয়ে।

আজি জানো আহক পচলাৰ সহজ ব্যঞ্জনৰ বিষয়ে,

উপকৰণ:

কল পচলা – ১ টা অংশ
সৰিয়হ তেল – ২ চামুচ
সৰিয়হ – ১ চামুচ
নহৰু – ৬-৭ টুকুৰা
পিঁয়াজ – ১ টা
জিৰা – ১ চামুচ
জালুক – ১/২ চামুচ
শুকান জলকীয়া – ২-৩ টা
নিমখ – সোৱাদ অনুসৰি
হালধি – ১/২ চামুচ

প্ৰস্তুত প্ৰণালী:

  • প্ৰথমে কল পচলাডাল লৈ খোলাবোৰ আঁতৰাই ভিতৰৰ অংশ উলিয়াই লওঁক।
  • তাৰপিছত কল পচলাডাল সৰু সৰুকৈ কাটি পানীৰে ধুই লওঁক।
  • এতিয়া তেল গৰম কৰি সৰিয়হ, নহৰু, শুকান জলকীয়া, পিঁয়াজ, জিৰা, জালুক দি ভালদৰে ভাজক।
  • তাৰ পিছত কল পচলা, হালধি আৰু নিমখ,জলকীয়া দি কিছু সময় ভাজক।
  • পানী দি ঢাকি ৫-৭ মিনিট সিজিবলৈ এৰি দিয়ক।
  • গৰম গৰম কল পচলা ভাতৰ লগত পৰিৱেশন কৰক।
  • এইদৰে আপুনি সহজে সুস্বাদু কল পচলাৰ তৰকাৰী বনাব পাৰে।