শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Shubhunshu shukla: মহাকাশলৈ যোৱা শুভাংশু শুক্লাই লাভ নকৰে ১ টকাও! আঁৰত আছে বিশেষ কাৰণ…

Subhanshu shukla:উত্তৰ প্ৰদেশ লক্ষ্ণৌৰ বাসিন্দা শুভাংশু শুক্লা।২০০৬ চনৰ ১৭ জুনত ভাৰতীয় বায়ুসেনাৰ যুদ্ধ বিমান পাইলট হয়। শুভাংশুৰ ২০০০ ৰো অধিক ঘন্টা সময় ফাইটাৰ জেট চলোৱাৰ অভিজ্ঞতা আছে।

Shubhunshu shukla: মহাকাশলৈ যোৱা শুভাংশু শুক্লাই লাভ নকৰে ১ টকাও! আঁৰত আছে বিশেষ কাৰণ…
শুভাংশু শুক্লাImage Credit source: Axiom_Space/X
barasha-sarma
Barasha Sarma | Published: 25 Jun 2025 17:36 PM

মহাকাশ মানেই যেন আৱিষ্কাৰ। মহাকাশ জগতখন সদায় সপোন আৰু দুঃসাহসিকতাৰে ভৰা। এতিয়া মহাকাশত পুনৰ ভাৰতৰ পতাকা উত্তোলন কৰিবলৈ সাজু হৈছে শুভাংশু শুক্লা। ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লা Axiom-4 মিছনৰ বাবে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (ISS)লৈ ৰাওনা হৈছে। বুধবাৰে দুপৰীয়া ১২:০১ বজাত স্পেচএক্সৰ ড্ৰেগন মহাকাশযানেৰে এই অভিযান আৰম্ভ কৰা হয়। সম্ভৱতঃ কাইলৈ ২৪ ঘন্টাৰ অন্তত মহাকাশচাৰী কেইজন মহাকাশ কেন্দ্ৰত উপস্থিত হ’ব। পিছে প্ৰশ্ন হয়,মহাকাশচাৰীসকলক কিমান দৰমহা লাভ কৰে বা এই মিছনৰ বাবে শুভাংশুৱে কি পাব?

নাছাৰ বৈজ্ঞানিকৰ দৰমহা

নাছা বিশ্বৰ সৰ্ববৃহৎ মহাকাশ সংস্থা। নাছাই নিজৰ অসামৰিক মহাকাশচাৰীসকলক আমেৰিকা চৰকাৰৰ জেনেৰেল চাৰ্ভিচ (জি এছ)ৰ দৰমহা স্কেল অনুসৰি দৰমহা দিয়ে। এই স্কেল জি এছ-১২ৰ পৰা জি এছ-১৪লৈকে। spacecrew  ২০২২ ৰ তথ্য মতে-

  • GS-13 গ্ৰেডঃ বছৰি ৮১,২১৬ ডলাৰৰ পৰা ১০৫,৫৭৯ ডলাৰ। অৰ্থাৎ প্ৰতিমাহে প্ৰায় ৮৭৯৮ ডলাৰ (প্ৰায় ৭.৫ লাখ টকা) আৰু প্ৰতি ঘণ্টাত ৫০.৫৯ ডলাৰ।
  • GS-14 গ্ৰেডঃ : বছৰি ৯৫,৯৭৩ ডলাৰৰ পৰা ১২৪,৭৬৪ ডলাৰ। অৰ্থাৎ প্ৰতিমাহে ১০,৩৯৭ ডলাৰ (প্ৰায় ৮.৮ লাখ টকা) আৰু প্ৰতি ঘণ্টাত ৫৯.৭৮ ডলাৰ।
  • GS-15 গ্ৰেডঃ অতি অভিজ্ঞ মহাকাশচাৰীৰ বাবে, যিসকলে বছৰি ১৪৬,৭৫৭ ডলাৰ (প্ৰায় ১.২৫ কোটি টকা) পৰ্যন্ত উপাৰ্জন কৰিব পাৰে।

নাছাৰ ৱেবছাইট অনুসৰি এজন মহাকাশচাৰীৰ বাৰ্ষিক গড় দৰমহা ১,৫২,২৫৮ ডলাৰ (প্ৰায় ১.৩ কোটি টকা)। কিন্তু মহাকাশচাৰীজন যদি সামৰিক বাহিনীৰ হয়, শুভাংশ শুক্লাৰ দৰে, তেন্তে তেওঁ কৰমুক্ত আয়, গৃহ ভাট্টা, পেঞ্চনৰ দৰে সুবিধা লাভ কৰে। মহাকাশত অভিযানৰ সময়ত বিশেষ বোনাছ নাথাকে।

ESA ৰ বৈজ্ঞানিকৰ দৰমহা

ইউৰোপীয় মহাকাশ সংস্থা (ESA) বিশ্বৰ অন্যতম শীৰ্ষ মহাকাশ সংস্থা। ইয়াৰ মহাকাশচাৰীসকলে A2 পে স্কেল লাভ কৰে। যি দেশ অনুসৰি বেলেগ বেলেগ হয়-

  • ফ্ৰান্স: প্ৰতিমাহে ৫,৮৪৫.২৫ ইউৰো (বছৰত ৭০,১৪৩ ইউৰো, অৰ্থাৎ প্ৰায় ৬০ লাখ টকা)।
  • জাৰ্মানীঃ প্ৰতিমাহে ৫,৫৪৯.৭০ ইউৰো (প্ৰতি বছৰে ৬৬,৫৮৮ ইউৰো, অৰ্থাৎ প্ৰায় ৫৭ লাখ টকা)।
  • ব্ৰিটেইন: প্ৰতিমাহে ৪,৫৩৪.৬৯ পাউণ্ড (বছৰত ৫৪,৪১৬ পাউণ্ড অৰ্থাৎ প্ৰায় ৫৮ লাখ টকা)।

ESA ৰ মহাকাশচাৰীসকলক আয়কৰৰ পৰা ৰেহাই লাভ কৰে।

শুভাংশু শুক্লাই কিমান টকা লাভ কৰিব

শুভাংশু শুক্লা ভাৰতীয় বায়ুসেনাৰ এজন বিষয়া। পদবী অনুসৰি তেওঁ দৰমহা লাভ কৰে। কিন্তু Axiom-4 মিছনৰ বাবে তেওঁ কোনো অতিৰিক্ত দৰমহা লাভ নকৰে।

উল্লেখ কৰা প্ৰয়োজন যে, এই অভিযানৰ সকলো খৰচ বহন কৰিছে ভাৰত চৰকাৰে। শুভাংশুৰ প্ৰশিক্ষণ, বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা, আৰু মিছনৰ লগত জড়িত অন্যান্য খৰচত ভাৰত চৰকাৰে খৰচ কৰিছে প্ৰায় ৫৪৮ কোটি টকা। এই অভিযান ভাৰতৰ বাবে এক ডাঙৰ পদক্ষেপ। ভবিষ্যতে ভাৰতে মানৱ মহাকাশ অভিযান আৰু অধিক শক্তিশালী কৰিব বুলি মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই অভিযানত শুভাংশুৱে ৭টা ভাৰতীয় বৈজ্ঞানিক গৱেষণা চলাব। ইয়াৰ ভিতৰত থাকিব- হাকাশত শস্যৰ খেতি কৰা আৰু মাইক্ৰ’গ্ৰেভিটিত জৈৱিক প্ৰক্ৰিয়াৰ অধ্যয়ন। এই পৰীক্ষাসমূহে ভাৰতৰ মহাকাশ গৱেষণাক নতুন উচ্চতালৈ লৈ যাব।

শুভাংশু শুক্লা কোন

উত্তৰ প্ৰদেশ লক্ষ্ণৌৰ বাসিন্দা শুভাংশু শুক্লা। তেওঁৰ বয়স ৩৯ বছৰ। শুভাংশুৱে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী (এন ডি এ) ৰ পৰা উত্তীৰ্ণ হৈছে। পাছত ২০০৬ চনৰ ১৭ জুনত ভাৰতীয় বায়ুসেনাৰ যুদ্ধ বিমান পাইলট হয়।

শুভাংশুৰ ২০০০ ৰো অধিক ঘন্টা সময় ফাইটাৰ জেট চলোৱাৰ অভিজ্ঞতা আছে। Su-30 MKI, MiG-21, MiG-29, Jaguar, Hawk, Dornier আৰু An-32 উৰুৱাইছে। ২০১৯ চনত ইছৰোৱে তেওঁক গগনযান অভিযানৰ বাবে বাচনি কৰে ।তেতিয়াৰ পৰাই তেওঁ ৰাছিয়াৰ ইউৰি গাগাৰিন কচমনাউট ট্ৰেইনিং চেণ্টাৰ, নাছা, স্পেচএক্স, আৰু জাপানৰ জেক্সাত প্ৰশিক্ষণ লৈ আছে।

 

অন্য খবৰ পঢ়কঃ হত্যা কৰা হৈছিল সংবিধানক! জৰুৰীকালীন অৱস্থাৰ ক’লা দিনবোৰ কেতিয়াও পাহৰিব নালাগেঃ হিমন্ত বিশ্ব শৰ্মা