শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

লীডছ টেষ্টত অধিনায়কৰ ৰূপত দেখা গ’ল কে এল ৰাহুলক

লীডছ টেষ্টৰ পঞ্চম দিনা ইংলেণ্ডে কোনো উইকেট নেহেৰুৱাকৈ ২১ ৰান আগুৱাই দ্বিতীয় ইনিংছ আৰম্ভ কৰে। অ’পেনিং পেয়াৰ ডাকেট আৰু জেক ক্ৰ’লিয়ে দ্ৰুতগতিত ৰান সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰে। এই সময়ছোৱাত খেলপথাৰত এক অদ্ভুত ঘটনা সংঘটিত হয়। খেলপথাৰত ফিল্ডাৰ সজোৱা দেখা গ’ল টিম ইণ্ডিয়াৰ অভিজ্ঞ খেলুৱৈ কে এল ৰাহুলে।

লীডছ টেষ্টত অধিনায়কৰ ৰূপত দেখা গ’ল কে এল ৰাহুলক
ভাৰত বনাম ইংলেণ্ড টেষ্ট মেচImage Credit source: BCCI
raj-saikia
Raj Saikia | Published: 25 Jun 2025 17:23 PM

ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট মেচত ৫ উইকেটত শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছে ভাৰতীয় দলটো। ইংৰাজ দলটোৱে ৩৭১ ৰানৰ লক্ষ্যত উপনীত হৈ এক নতুন ইতিহাসৰ ৰচনা কৰে। এই মেচখনৰ অন্তিম দিনটোত ইংৰাজ বেটছমেনে ভাৰতীয় বলাৰসকলক বিস্ফোৰক বেটিঙেৰে দিশহাৰা কৰে। বিশেষকৈ অ’পেনাৰদ্বয়ৰ বেটিং কৰাৰ ধৰণত এনে লাগিছিল যে ইংলেণ্ডে হয়তো এই মেচখন ১০ উইকেটত জয়ী হ’ব পাৰে, কিন্তু এই সময়ছোৱাত খেলপথাৰত এনে কিবা এটা ঘটিল, যিটোৱে সকলোকে স্তম্ভিত কৰি তুলিলে। ভাৰতীয় দলৰ আটাইতকৈ অভিজ্ঞ খেলুৱৈ কে এল ৰাহুলে দলৰ কমাণ্ড নিজৰ হাতত লৈ খেলপথাৰ সজাবলৈ আৰম্ভ কৰে। দ্বিতীয় ছেচনত ইয়াৰ প্ৰভাৱ দেখা গৈছিল।

লীডছ টেষ্টৰ পঞ্চম দিনা ইংলেণ্ডে কোনো উইকেট নেহেৰুৱাকৈ ২১ ৰান আগুৱাই দ্বিতীয় ইনিংছ আৰম্ভ কৰে। অ’পেনিং পেয়াৰ ডাকেট আৰু জেক ক্ৰ’লিয়ে দ্ৰুতগতিত ৰান সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰে। এই সময়ছোৱাত খেলপথাৰত এক অদ্ভুত ঘটনা সংঘটিত হয়। খেলপথাৰত ফিল্ডাৰ সজোৱা দেখা গ’ল টিম ইণ্ডিয়াৰ অভিজ্ঞ খেলুৱৈ কে এল ৰাহুলে। যদিও প্ৰথম ছেচনত বেটছমেনৰ ওপৰত ইয়াৰ কোনো প্ৰভাৱ পৰা নাছিল, কিন্তু দ্বিতীয় ছেচনত বৰষুণ বন্ধ হোৱাৰ পিছত খেল আৰম্ভ হোৱাৰ লগে লগে কে এল ৰাহুলে পুনৰ ফিল্ডাৰ সজায়।

লীডছ টেষ্ট মেচত ধাৰাভাষ্য প্ৰদান কৰা ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক নাছেৰ হুছেইনে এই সন্দৰ্ভত কয় যে, “এতিয়া যদি আপুনি খেলপথাৰখন চায় আৰু কোনে অধিনায়কত্ব কৰিছে বুলি সুধিব, তেন্তে সেয়া হ’ব কে এল ৰাহুল। এই সময়ত তেওঁ ফিল্ডিং ছেট কৰি আছে। ইয়াৰ প্ৰভাৱো দেখা গৈছে।” গিল আৰু ঋষভ পন্ততকৈ কে এল ৰাহুলৰ অধিনায়কত্বৰ অভিজ্ঞতা বেছি। তেওঁ ভাৰতৰ সকলো ফৰ্মেটতে অধিনায়কত্ব কৰিছে। ৰবীন্দ্ৰ জাদেজাৰ পিছত তেওঁ দলৰ আটাইতকৈ অভিজ্ঞ খেলুৱৈ।

কে এল ৰাহুলে ছিৰিজ আৰম্ভ হোৱাৰ আগতেই কৈছিল যে সহায় কৰিবলৈ তেওঁ সদায় গিলৰ লগত থাকিব। চ’নী স্প’ৰ্টছ নেটৱৰ্কৰ সৈতে হোৱা কথা-বতৰাত ৰাহুলে কয়, “দল ঘোষণাৰ লগে লগে শুভমনৰ সৈতে কথা পাতিলোঁ ৷ মই তেওঁক ক’লোঁ যে তুমি মোক সদায় তোমাৰ ওচৰত বিচাৰি পাবা।”

লীডছ টেষ্ট মেচখনত যশস্বী জয়ছৱালৰ সৈতে কে এল ৰাহুলে ইনিংছ আৰম্ভ কৰে। প্ৰথম ইনিংছত তেওঁ ৪২ ৰান সংগ্ৰহ কৰিছিল যদিও দ্বিতীয় ইনিংছত তেওঁ এক দৰ্শনীয় শতক অৰ্জন কৰিছিল। ১৮টা চাৰিৰ সহায়ত ২৪৭টা বলত ১৩৭ ৰান সংগ্ৰহ কৰে ৰাহুলে।