25 JUNE 2025
TV9 ASSAM
চুলি বৃদ্ধিৰ বাবে সৰিয়হ আৰু নাৰিকল তেলৰ কোনটো বেছি উপযোগী? এই প্ৰশ্নৰ উত্তৰ নিৰ্ভৰ কৰে আপোনাৰ চুলি আৰু মূৰৰ ছালৰ প্ৰকাৰ আৰু আপোনাৰ নিৰ্দিষ্ট প্ৰয়োজনৰ ওপৰত।
চুলিৰ বাবে দুয়োবিধ তেল উপকাৰী যদিও ইয়াৰ ফলপ্ৰসূতা বেলেগ। কিন্তু আপোনাৰ বাবে কোনবিধ উপযুক্ত? কেনেধৰণৰ চুলিৰ বাবে কোনটো তেল ভাল? এই প্ৰতিবেদনত জানি লওক
অতীজৰে পৰা চুলিৰ যত্নত নাৰিকল তেল ব্যৱহাৰ কৰি আহিছে। ইয়াত ল’ৰিক এচিড, কেপ্ৰিক এচিড আৰু এন্টি-ফাংগেল উপাদান থাকে, যিবোৰে মূৰৰ ছালৰ সংক্ৰমণ প্ৰতিৰোধ কৰাত সহায়ক। ই সহজে চুলিৰ গুৰিলৈ গৈ কৰি গভীৰভাৱে পুষ্টি প্ৰদান কৰে।
নাৰিকল তেলে চুলি মসৃণ কৰে, চুলি ফাটি যোৱাত বাধা দিয়ে আৰু চুলি সৰা কমোৱাত সহায় কৰে। শুকান আৰু ৰুক্ষ চুলিৰ সমস্যা থকাসকলৰ বাবে ভাল। নিয়মিত ব্যৱহাৰ কৰিলে চুলি ঘন আৰু চিকচিকিয়া হয়। ইয়াৰ চৰ্বিযুক্ত উপাদানসমূহেও প্ৰাকৃতিক কণ্ডিচনাৰ হিচাপে কাম কৰে।
উফি আৰু মূৰৰ ছালৰ সংক্ৰমণ দূৰ কৰাত এন্টিবেক্টেৰিয়েল আৰু এন্টিফাংগেল গুণ ফলপ্ৰসূ। যিসকলৰ মূৰৰ ছাল তেলীয়া বা যিসকলৰ চুলি দ্ৰুতভাৱে সৰি পৰাৰ বাবে সৰিয়হৰ তেল উপকাৰী হ’ব পাৰে।
সৰিয়হৰ তেল তুলনামূলকভাৱে ডাঠ আৰু ইয়াৰ গোন্ধ প্ৰবল, গতিকে ই সংবেদনশীল মূৰৰ ছালত বিষৰ সৃষ্টি কৰিব পাৰে। যদি আপোনাৰ চুলি মোটা, শুকান আৰু দুৰ্বল হয় তেন্তে নাৰিকল তেল এটা ভাল পছন্দ।
যদি আপুনি চুলি বৃদ্ধি কৰিব বিচাৰে তেন্তে সৰিয়হৰ তেল ইয়াৰ বাবে বেছি উপকাৰী। বহুতে এই দুটা তেল মিহলাই একেলগে দুয়োটাৰে সুফল লাভ কৰে। আপোনাৰ প্ৰয়োজন অনুসৰি তেল বাছি ল’ব পাৰে।
চাবলৈ ক্লিক কৰক