শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ব্যৱসায়তো ৰামদেৱৰ দপদপনি! বিনিয়োগকাৰীয়ে পাব অধিক লাভ, কৰিলে নতুন ঘোষণা…

পতঞ্জলি ফুডছে শ্বেয়াৰ হোল্ডাৰসকলৰ বাবে এক ভাল খবৰ লৈ আহিছে। প্ৰতি শ্বেয়াৰত ১.৭৫ টকা অন্তৱৰ্তীকালীন লভ্যাংশ ঘোষণা কৰিছে, যাৰ ৰেকৰ্ড তাৰিখ ১৩ নৱেম্বৰ, ২০২৫। ইয়াৰ পাছতে এতিয়া কোম্পানীটোৰ লাভ বৃদ্ধি হৈছে।

ব্যৱসায়তো ৰামদেৱৰ দপদপনি! বিনিয়োগকাৰীয়ে পাব অধিক লাভ, কৰিলে নতুন ঘোষণা…
পতঞ্জলি
barasha-sarma
Barasha Sarma | Published: 10 Nov 2025 14:45 PM

দেশৰ আগশাৰীৰ কোম্পানীসমূহৰ ভিতৰত অন্যতম এফএমচিজি কোম্পানী পতঞ্জলি ফুডছ। এই কোম্পানীটোৱে শেহতীয়াকৈ বিনিয়োগকাৰীক এক বিশেষ উপহাৰ দিছে। কোম্পানীটোৰ ব’ৰ্ডে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে অন্তৱৰ্তীকালীন লভ্যাংশৰ অনুমোদন জনাইছে। ইয়াৰ মাজতে কোম্পানীটোৰ ত্ৰিমাসিক ফলাফলৰ ঘোষণা হয় য’ত লাভৰ ক্ষেত্ৰত ৬৭%  বৃদ্ধি দেখা গৈছে।

কিমান লাভ

পতঞ্জলি ফুডছে প্ৰদান কৰা তথ্য অনুসৰি কোম্পানীটোৱে প্ৰতিটো ইকুইটি শ্বেয়াৰত ১.৭৫ টকাৰ অন্তৱৰ্তীকালীন লভ্যাংশ দিব আৰু ইয়াৰ মুদ্ৰা মূল্য ২ টকা। অৰ্থাৎ যদি আপুনি মালিকানাধীন শ্বেয়াৰৰ সংখ্যাক ১.৭৫ ৰে পূৰণ কৰিলে আপোনাৰ মুঠ লভ্যাংশৰ পৰিমাণ পোৱা যাব।

কোম্পানীটোৱে এই লভ্যাংশৰ তাৰিখ ১৩ নৱেম্বৰ নিৰ্ধাৰণ কৰিছে। এক কথাত ১৩ নৱেম্বৰত পতঞ্জলি ফুডছৰ ডিমেট একাউণ্টত পতঞ্জলি ফুডছৰ শ্বেয়াৰ থকা বিনিয়োগকাৰীয়েহে এই লাভ পাব। বিনিয়োগকাৰীয়ে ইয়াত কিছুমান দিশৰ ওপৰত গুৰুত্ব দিব লাগিব। ভাৰতত এতিয়া T+1 চেটেলমেন্ট চাইকেল প্ৰযোজ্য আছে। ইয়াৰ অৰ্থ ১৩ নৱেম্বৰত শ্বেয়াৰ ক্ৰয় কৰা বিনিয়োগকাৰীয়ে লাভ নাপাবও পাৰে। T+1 ব্যৱস্থাৰ অধীনত শ্বেয়াৰ ক্ৰয়ৰ এদিন পিছত শ্বেয়াৰ তেওঁলোকৰ ডিমেট একাউণ্টত জমা কৰা হয়। গতিকে লাভ পাবলৈ এয়া নিশ্চিত কৰিব লাগিব যে, শ্বেয়াৰসমূহ ইতিমধ্যে তেওঁলোকৰ একাউন্টত আছে।

কোম্পানীটোৱে স্পষ্ট কৰি দিছে যে, এই লাভ ৭ ডিচেম্বৰৰ ভিতৰত বিনিয়োগকাৰীৰ বেংক একাউণ্টত দিয়া হ’ব।কোম্পানীটোৰ এই সিদ্ধান্তৰ ফলত মুঠ লভ্যাংশৰ পৰিমাণ ৫৯.৩৬ কোটি টকা হ’ব।

লাভ ৬৭ শতাংশ

কোম্পানীটোৰ ত্ৰিমাসিক ফলাফলৰ পিছত এই লাভ ঘোষণা কৰা হৈছে। ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত সমাপ্ত হোৱা দ্বিতীয় ত্ৰৈমাসিকত (Q2) লাভৰ ক্ষেত্ৰত পতঞ্জলি ফুডছে ভাল প্ৰদৰ্শন কৰিছে। যোৱা বছৰৰ একেটা ত্ৰৈমাসিকৰ তুলনাত কোম্পানীটোৰ একত্ৰিত লাভ ৬৭% বৃদ্ধি পাই ৫১৬.৬৯ কোটি টকা হৈছে। পৰিসংখ্যাৰ পৰা চাবলৈ গ’লে বিগত বিত্তীয় বৰ্ষৰ ছেপ্টেম্বৰ ত্ৰৈমাসিকত কোম্পানীটোৱে ৩০৮.৫৮ কোটি টকা লাভ কৰিছিল।

ইয়াৰোপৰি কোম্পানীটোৰ আয় বৃদ্ধি পোৱাও দেখা গৈছে। ২০২৫ চনৰ ছেপ্টেম্বৰ ত্ৰৈমাসিকত কোম্পানীটোৰ ৰাজহ ২০.৯% বৃদ্ধি পাই ৯,৭৯৮.৮০ কোটি হৈছে।

শ্বেয়াৰ বজাৰত ভাল

কোম্পানীটোৰ এই ঘোষণাৰ প্ৰভাৱ শুকুৰবাৰে শ্বেয়াৰ মাৰ্কেটত দেখা যায়। এই দিনটোত পতঞ্জলি ফুডচৰ শ্বেয়াৰ ১.০৩ শতাংশ বৃদ্ধিৰে ৫৭৮.৯০ টকাত বন্ধ হয়। উল্লেখ্য যে,  ২০২৫ চনৰ আৰম্ভণিৰ পৰা শ্বেয়াৰৰ মূল্য ২.৫৪ শতাংশ হ্ৰাস পাইছে। যোৱা ১২ মাহত এই ষ্টক ৫.৩৬ শতাংশ হ্ৰাস পাইছে। কিন্তু শ্বেয়াৰ মাৰ্কেটত সদায় দীৰ্ঘম্যাদী দৃষ্টিৰে চোৱা হয়।

 

(ওপৰোক্ত লেখাটো সাধাৰণ জ্ঞানৰ বাবে দিয়া হৈছে। TV9 অসমে বিনিয়োগ কৰিবলৈ পৰামৰ্শ নিদিয়ে। গতিকে আপুনি যদি বিনিয়োগ কৰাৰ কথা ভাবিছে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা ভাল।)

 

অন্য খবৰ পঢ়কঃ মাত্ৰ ১০০ টকা! এতিয়াৰ পৰা সুলভ মূল্যত লাভ কৰিব দাইল, চেনি আৰু নিমখ…