শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মাত্ৰ ১০০ টকা! এতিয়াৰ পৰা সুলভ মূল্যত লাভ কৰিব দাইল, চেনি আৰু নিমখ…

ৰেচন কাৰ্ড হিতাধিকাৰীসকলৰ বাবে সুখবৰ! এতিয়াৰ পৰা সুলভ মূল্যতে লাভ কৰিব দাইল, চেনি আৰু নিমখ। আজি কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত এই আঁচনিৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মাত্ৰ ১০০ টকা! এতিয়াৰ পৰা সুলভ মূল্যত লাভ কৰিব দাইল, চেনি আৰু নিমখ…
মুখ্যমন্ত্ৰীImage Credit source: Facebook (himanta biswa sarma)
barasha-sarma
Barasha Sarma | Published: 10 Nov 2025 14:13 PM

সোমবাৰ (১০নৱেম্বৰ)ৰ পৰা আৰম্ভ হয় খাদ্য সুৰক্ষা আঁচনি। খাদ্য সুৰক্ষাৰ পৰা পৰিপুষ্টি নিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰে। এই আঁচনিৰ অধীনত চৰকাৰে এতিয়া সুলভ মূল্যতে ৰেচনকাৰ্ড হিতাধিকাৰীসকলক প্ৰদান কৰিব দাইল, চেনি আৰু নিমখ। আজি কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাইল, চেনি আৰু নিমখ যোগান আঁচনিৰ শুভাৰম্ভ কৰে।

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনস্থ পৰিয়ালসমূহে এতিয়াৰ পৰা মচুৰ দাইল প্ৰতিকিলো ৬৯ টকা, চেনি প্ৰতিকিলো ৩৮ টকা আৰু নিমখ প্ৰতিকিলো ১০ টকাত লাভ কৰিব। ইয়াৰোপৰি জানুৱাৰী মাহৰ পৰা যোগ্য পৰিয়ালসমূহে এক কিলো মচুৰ দাইল, এক কিলো চেনি আৰু এক কিলো নিমখ ১০০ টকাতে লাভ কৰিব। শৰ্মাই কয় যে, এই আঁচনিৰ অধীনত ৭০ লাখ পৰিয়ালে সুবিধা লাভ কৰিব। যাৰ দ্বাৰা প্ৰায় ২ কোটি ৪৫ লাখ হিতাধিকাৰী উপকৃত হ’ব।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, “জানুৱাৰী মাহৰ পৰা ১০০ টকাতে এইখিনি সামগ্ৰী লাভ কৰিব। ৰাজ্যৰ সকলো সুলভ মূল্যৰ দোকানত এই সামগ্ৰীসমূহ উপলব্ধ হ’ব। যদি অহাবাৰ বিজেপি চৰকাৰ আহে তেন্তে ১ লিটাৰকৈ মিঠাতেলো লাভ কৰিব ৰেচন কাৰ্ড হিতাধিকাৰীয়ে। ইয়াৰোপৰি সুলভ মূল্যৰ দোকানীয়ে ২ টকালৈ লাভ পাব”।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত লিখে যে- “মচুৰ দাইল প্ৰতি কিলোত ৬৯ টকা, চেনি প্ৰতি কিলোত ৩৮ টকা, নিমখ প্ৰতি কিলোত ১০ টকা। এয়া সম্ভৱনে? হয়, এয়া এতিয়াৰ পৰা অসমত সম্ভৱ! তাতোকৈ ভাল লগা কথাটো হ’ল যে আগন্তুক জানুৱাৰী মাহৰ পৰা এক কিলো মচুৰ দাইল, এক কিলো চেনি আৰু এক কিলো নিমখ প্ৰতিটো যোগ্য পৰিয়ালে মুঠ ১০০ টকাতে লাভ কৰিব।

আজিৰ পৰাই প্ৰথমবাৰৰ বাবে সকলো সুলভ মূল্যৰ দোকানত আমি এই অত্যাৱশ্যকীয় সামগ্ৰীসমূহ ৰাজসাহায্যযুক্ত দৰত আগবঢ়াইছোঁ। আজি গুৱাহাটীত আয়োজিত এক অনুষ্ঠানত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনস্থ পৰিয়াললৈ ৰাজসাহায্যযুক্ত মচুৰ দাইল, চেনি আৰু নিমখ যোগান আঁচনিৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰোঁ৷ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত বৰ্তমান ৰাজ্যখনত থকা প্ৰায় ৭০ লাখ পৰিয়ালে এই আঁচনিৰ সুবিধা লাভ কৰিব৷ ইয়াৰ জৰিয়তে প্ৰায় ২ কোটি ৪৫ লাখ হিতাধিকাৰী উপকৃত হ’ব৷ শুভাৰম্ভণীৰ জিলিঙনি”।

 

অন্য খবৰ পঢ়কঃ চৰাইদেউত গ্রীণফিল্ড বিশ্ববিদ্যালয় স্থাপনৰ পৰা ষ্টাৰ্টআপ পলিচিলৈ, কেবিনেটৰ সিদ্ধান্তসমূহ…