৭০% ভাৰতীয় পৰিব বিপদত! শুল্কৰ পাছতে আন এক ডাঙৰ সিদ্ধান্ত গ্ৰহণৰ দিশে ট্ৰাম্প চৰকাৰ…
বিগত সময়চোৱাত আমেৰিকাই ভাৰতৰ বিৰুদ্ধে বিভিন্ন ব্যৱস্থা হাতত লৈছে। আজিৰ পৰা ভাৰতৰ পৰা আমদানি সামগ্ৰীৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছে। এতিয়া আন এক পদক্ষেপৰ বাবে আগবাঢ়িছে আমেৰিকাই।

আমেৰিকাই ভাৰতৰ ওপৰত প্ৰয়োগ কৰিছে ২৫ শতাংশ অতিৰিক্ত শুল্ক। ইয়াৰ পাছতে ভাৰতৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত মুঠ ৫০ শতাংশ শুল্ক আৰোপ হৈছে। এই নতুন শুল্ক আজি অৰ্থা ৎ ২৭ আগষ্টৰ পৰা কাৰ্যকৰী হৈছে। আমেৰিকাৰ এই সিদ্ধান্তৰ ওপৰত দুই দেশৰ সম্পৰ্কৰ ওপৰত ডাঙৰ প্ৰভাৱ পৰিব আৰু বহু ডাঙৰ ডাঙৰ ৰপ্তানিকাৰক উদ্যোগে লোকচানৰ সন্মুখীন হ’ব পাৰে।
ইয়াৰ মাজতে পোহৰলৈ আহিছে আন এক বেয়া খবৰ। দ্যা ইকনমিকছৰ প্ৰতিবেদন অনুসৰি, ট্ৰাম্প চৰকাৰে H-1B ভিছা আৰু গ্ৰীণ কাৰ্ডৰ প্ৰক্ৰিয়াত ডাঙৰ পৰিবৰ্তন কৰিবলৈ সাজু হৈছে। ইয়াৰ ফলত ভাৰতীয় কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীৰ ওপৰত বিশেষ প্ৰভাৱ পৰিব কাৰণ এইচ-১বি ভিছাৰ প্ৰায় ৭০% ভাৰতীয়ৰ হাতত আছে।
শেহতীয়াকৈ আমেৰিকাৰ বাণিজ্য মন্ত্ৰী হাৱাৰ্ড লুটনিকে এই সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে। তেওঁ এই ভিছা ব্যৱস্থাক প্ৰৱঞ্চনা বুলি অভিহিত কৰি কৈছে যে আমেৰিকাত চাকৰিৰ ক্ষেত্ৰত প্ৰথমে আমেৰিকাৰ নাগৰিকহে অগ্ৰাধিকাৰ দিয়া হ’ব। তেওঁ কয়, বৰ্তমানৰ ব্যৱস্থাত বেছি সংখ্যক ভিছা সেইসকল কৰ্মচাৰীক দিয়া হয় যাৰ দৰমহা আমেৰিকাৰ গড়তকৈ কম। এনে অৱস্থাত ভিছা ব্যৱস্থাত নতুন পৰিবৰ্তন হোৱাৰ ফলত দৰমহা বেছি হোৱা কৰ্মচাৰীসকলক অগ্ৰাধিকাৰ দিয়া হ’ব।
H1-B ভিছা
প্ৰতিবৰ্ষত H1-B ভিছাৰ সীমাবদ্ধতা ৮৫,০০০। ইয়াৰ বাবে এক লটাৰী ব্যৱস্থা গ্ৰহণ কৰা হয় যাৰ জৰিয়তে সিদ্ধান্ত গ্ৰহণ কৰা হয় যে কোনটো কোম্পানীৰ কৰ্মচাৰীয়ে ভিছা লাভ কৰিব। কিন্তু আমেৰিকাৰ বাণিজ্যিক মন্ত্ৰীগৰাকীৰ মতে, এই ব্যৱস্থা এতিয়া বাতিল কৰা হ’ব আৰু দৰমহাৰ ওপৰত ভিত্তি কৰি ভিছা দিয়া হ’ব। অৰ্থাৎ যিসকল কৰ্মচাৰীৰ দৰমহা বেছি সেইসকলে ভিছা লাভ কৰাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ পাব। ভিছাৰ ক্ষেত্ৰত হোৱা এই পৰিবৰ্তনৰ খচৰাত এটা বিশেষ বিভাগে অনুমোদন জনাইছে। এই নতুন ব্যৱস্থাৰ উদ্দেশ্য হৈছে বিদেশৰ পৰা অহা লোকসকল অধিক যোগ্য আৰু ভাল উপাৰ্জন কৰিব লাগিব।
ইয়াৰ ফলত সৰু সৰু ব্যৱসায়ী, ছাত্ৰ-ছাত্ৰীৰ ওপৰত প্ৰভাৱ পৰিব। ২০২১ চনতে এই সিদ্ধান্ত প্ৰস্তাৱিত আছিল যদিও জ বাইডেন প্ৰশাসনে ইয়াক কাৰ্যকৰী কৰা নাছিল।
উল্লেখ্য যে, অধিক ভাৰতীয়ই H-1B ভিছাৰ ওপৰত নিৰ্ভৰশীল। নতুন পৰিবৰ্তনৰ ফলত ছাত্ৰ-ছাত্ৰী, ভাৰতীয় কৰ্মচাৰীসকল অধিক প্ৰভাৱিত হ’ব। পৰিসংখ্যা চাবলৈ গ’লে, প্ৰতি বছৰে H-1B ভিছা লাভ কৰা ৭০ শতাংশ ভাৰতীয় হয়। এনে পৰিস্থিতিত এতিয়া ভাৰতীয়ৰ বাবে ভিছা লাভ কৰা ডাঙৰ সমস্যা হৈ পৰিব।
অন্য খবৰ পঢ়কঃ অধিসূচনা জাৰি আমেৰিকাৰ! আজিৰ পৰা ভাৰতে ভৰিব লাগিব ৫০ শতাংশ শুল্ক…