শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

অধিসূচনা জাৰি আমেৰিকাৰ! আজিৰ পৰা ভাৰতে ভৰিব লাগিব ৫০ শতাংশ শুল্ক…

ভাৰতে ভৰিব লাগিব ৫০ শতাংশ শুল্ক। শেহতীয়াকৈ এই সন্দৰ্ভত আমেৰিকা প্ৰশাসনে এক অধিসূচনা জাৰি কৰিছে। আমেৰিকাই জনাইছিল যে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰা হৈছে।

অধিসূচনা জাৰি আমেৰিকাৰ! আজিৰ পৰা ভাৰতে ভৰিব লাগিব ৫০ শতাংশ শুল্ক…
ট্ৰাম্প-মোদীImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Updated On: 27 Aug 2025 10:24 AM

মন নগলিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। ভাৰতে ভৰিব লাগিব ৫০ শতাংশ শুল্ক। ভাৰতৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত অতিৰিক্ত ২৫ শতাংশ শুল্ক (আমদানি) আৰোপ কৰাৰ সন্দৰ্ভত শেহতীয়াকৈ আমেৰিকা প্ৰশাসনে এক জাননী জাৰি কৰিছে। এই অধিসূচনা অনুসৰি ২৭ আগষ্ট পুৱা ১২.০১ বজাৰ পৰা ২৫ শতাংশ অতিৰিক্ত শুল্ক কাৰ্যকৰী হ’ব। ইতিমধ্যে ভাৰতে ৭ আগষ্টৰ পৰা ২৫ শতাংশ শুল্ক পৰিশোধ কৰি আহিছে। তেনেস্থলত এতিয়া ৫০ শতাংশ শুল্ক ভৰিব লাগিব।

ইয়াৰোপৰি আমেৰিকা আৰু ভাৰতৰ মাজত বাণিজ্যিক চুক্তি চূড়ান্ত নহ’ল। আমেৰিকাই ভাৰতৰ কৃষি আৰু দুগ্ধ ব্যৱসায়ত প্ৰৱেশ কৰিব বিচাৰিছিল যদিও ভাৰতে মানি লোৱা নাছিল। ১৫ আগষ্টত লালকিল্লাৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে দেশৰ কৃষক আৰু পশুপালকৰ সৈতে কেতিয়াও অপোচ কৰা নহ’ব। ইয়াৰ বিপৰীতে ট্ৰাম্পে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ অজুহাতত ভাৰতৰ ওপৰত ২৫ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰা বুলি কৈছিল। গতিকে এতিয়াৰ পৰা ভাৰতে ৫০ শতাংশকৈ শুল্ক দিব লাগিব।

উল্লেখ্য যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে দ্বিতীয়বাৰলৈ শাসনভাৰ গ্ৰহণ কৰাৰ পাছতে ট্ৰাম্পে বিভিন্ন ৰাষ্ট্ৰৰ ওপৰত শুল্ক আৰোপ কৰি আহিছে। এই শুল্ক ভাবুকিৰ পৰা সাৰি যোৱা নাই ভাৰত। প্ৰথম অৱস্থাত ট্ৰাম্পে ভাৰতক ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাত বাধা আৰোপ কৰি ২৫ শতাংশ শুল্ক আৰোপ কৰে। কিন্তু তাৰ পাছতো যেতিয়া ভাৰতে ট্ৰাম্পৰ কথা মানি লোৱা নাছিল তেতিয়া পুনৰ ২৫ শতাংশ শুল্ক আৰোপ কৰে।

ইমানেই নহয়, ট্ৰাম্পে শুল্ক হেঁচাৰ জৰিয়তে ভাৰতৰ কৃষি আৰু দুগ্ধজাত সামগ্ৰীৰ বজাৰত প্ৰৱেশ কৰিব বিচাৰিছিল। কিন্তু ৰাষ্ট্ৰীয় স্বাৰ্থত ভাৰতে  এই ক্ষেত্ৰত অনুমতি নিদিলে। এনে ক্ষেত্ৰত ভাৰতৰ ওপৰত ট্ৰাম্প অধিক ক্ষোভিত হৈ পৰে আৰু নিতৌ ন ন পদক্ষেপ গ্ৰহণ কৰে।

ভাৰতৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰাৰ কাৰণ আমেৰিকাই ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বুলি কৈ আহিছে। আমেৰিকাৰ মতে, ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিব নালাগে। কিয়নো ইয়াৰ দ্বাৰা ইউক্ৰেইনৰ যুদ্ধত প্ৰভাৱ পৰিছে। আমেৰিকাই ৰাছিয়াক আৰ্থিকভাৱে দুৰ্বল কৰিব বিচাৰে। তেনে অৱস্থাত ভাৰতে যদি ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰে তেন্তে এই যুদ্ধ আৰু অধিক দিন চলিব পাৰে।

কিন্তু  আমেৰিকাৰ হেঁচা বা ভাবুকিৰ আগত শিৰনত কৰা নাই ভাৰতে। বিগত সময়চোৱাত ভাৰতে কৈ আহিছে যে, ৰাষ্ট্ৰীয় আৰু বৈশ্বিক স্বাৰ্থত ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিছে। উল্লেখ কৰা প্ৰয়োজন যে, ইউৰোপীয় দেশসমূহে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰাৰ পাছতে ভাৰতে কম মূল্যত এই তেল ক্ৰয় কৰি আহিছে। ভাৰতে কৈছে, ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে বিশ্ব বজাৰত এক সুস্থিৰ পৰিস্থিতিৰ সৃষ্টি হৈ আছে। গতিকে ৰাষ্ট্ৰীয় আৰু বিশ্বব্যাপী উভয় স্বাৰ্থত ভাৰতে এই তেল ক্ৰয় কৰি আহিছে।

 

 

অন্য খবৰ পঢ়কঃ ভাৰতৰ ওপৰত শুল্ক আৰোপৰ কাৰণ ক’লে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিয়ে, জয়শংকৰেও দিলে বিশেষ বাৰ্তা…