শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কঠোৰ সিদ্ধান্ত ট্ৰাম্পৰ! ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ আমেৰিকাৰ…

ভাৰতৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ। ভাৰতক কঠোৰ বাৰ্তা দি ট্ৰাম্পে ২৫ শতাংশ শুল্ক আৰোপ কৰিলে। ইয়াৰ লগতে ভাৰতে ভৰিব লাগিব জৰিমণা।

কঠোৰ সিদ্ধান্ত ট্ৰাম্পৰ! ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ আমেৰিকাৰ…
ড'নাল্ড ট্ৰাম্পImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Updated On: 30 Jul 2025 19:53 PM

ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰি ট্ৰাম্পে কয়, জৰিমণাৰ লগতে অহা ১ আগষ্টৰ পৰা ভাৰতে ২৫ শতাংশ শুক্ল ভৰিব লাগিব। এই সময়চোৱাত ট্ৰাম্পে ভাৰতৰ বিৰুদ্ধে কঠোৰ শব্দ ব্যৱহাৰ কৰে আৰু কয় যে ৰাছিয়াৰ সৈতে বন্ধুত্বৰ বাবে তেওঁ এই শুল্ক আৰোপ কৰিছে। কেৱল শুল্কই নহয়, পৃথককৈ ভাৰতৰ ওপৰত ট্ৰাম্পে জৰিমণাও আৰোপ কৰিছে। এসময়ত ভাৰতক বন্ধু বুলি গণ্য কৰা ট্ৰাম্পে এতিয়া দেশৰ প্ৰতি কঠোৰ স্থিতি লোৱা পৰিলক্ষিত হৈছে।

ৰাছিয়া আৰু ভাৰতৰ বন্ধুত্বৰ কথা সকলোৱে জানে। বিগত কেইবাবছ ধৰি ভাৰতে ৰাছিয়াৰ পৰা সৰ্বাধিক খাৰুৱা তেল আমদানি কৰি আহিছে। সামৰিক ক্ষেত্ৰখনতো ৰাছিয়াৰ সৈতে ভাৰতৰ বহু চুক্তি আছে। এনে পৰিস্থিতিত ৰাছিয়া-ভাৰতৰ বন্ধুত্ব সহজভাৱে ল’ব পৰা নাই ট্ৰাম্পে। ইয়াৰ কাৰণ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ বুলি ক’ব পাৰি।

যোৱা ৩ বছৰে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ চলি আছে, যাৰ বাবে ইউৰোপীয় দেশসমূহে ৰাছিয়াৰ ওপৰত বহু নিষেধাজ্ঞা আৰোপ কৰিছে। এনে সময়চোৱাত এই দেশসমূহে ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু গেছ আমদানি কৰা নাই। ইয়াৰ বাবেই ভাৰতে যোৱা কেইবাবছৰ ধৰি ৰাছিয়াৰ পৰা সস্তাত খাৰুৱা তেল ক্ৰয় কৰি আহিছে। কিন্তু এই কথা ভালপোৱা নাছিল আমেৰিকা আৰু ইউৰোপৰ দেশসমূহে। ইয়াৰ পোতক তুলিবলৈ এতিয়া ট্ৰাম্পে ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে।

ডনাল্ড ট্ৰাম্পে কি ক’লে

ট্ৰাম্পে সামাজিক মাধ্যমত লিখে যে- “মনত ৰাখিব। ভাৰত আমাৰ ভাল বন্ধু, কিন্তু তাৰ পাছতো বিগত সময়চোৱাত আমি তেওঁলোকৰ সৈতে খুব কম ব্যৱসায় কৰি আহিছো। কিয়নো তেওঁলোকৰ শুল্ক বহু বেছি। বিশ্বৰ বহু দেশৰ ভিতৰত ইয়াৰ মাত্ৰা অধিক। ইয়াৰোপৰি তেওঁলোকৰ ওচৰত কিছুমান কঠোৰ আৰু বিৰক্তিকৰ অ-অৰ্থনৈতিক বাণিজ্যৰ বাধা আছে যি যিকোনো দেশৰ বাবে সমস্যা হব পাৰে। ইয়াৰোপৰি ভাৰতে সদায় তেওঁলোকৰ বেছিভাগ সামৰিক সঁজুলি ৰাছিয়াৰ পৰা ক্ৰয় কৰি আহিছে।

চীনৰ সৈতে মিলি ৰাছিয়াৰ পৰা সৰ্বাধিক শক্তিৰ অংশ লাভ ৰপি আছে। এই সময়ত সকলোৱে বিচাৰে ৰাছিয়াই ইউক্ৰেইনত হত্যালীলা বন্ধ কৰক। এই সকলো কথা ভাল নহয়। এইবাবে এতিয়া ভাৰতে ১ আগষ্টৰ পৰা ২৫% শুল্ক দিব লাগিব, আৰু তাৰ ওপৰত এইবোৰ কাৰণত জৰিমনা থাকিব। এই কথা লক্ষ্য কৰাৰ বাবে ধন্যবাদ”।

Trump Truth 1024x576

ট্ৰাম্পৰ পোষ্ট

ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত আৰোপ কৰা ২৫ শতাংশ শুল্কৰ প্ৰভাৱ কাইলৈ শ্বেয়াৰ বজাৰত দেখা যাব পাৰে। বিশেষজ্ঞসকলৰ মতে শুল্ক সিদ্ধান্তই ভাৰতীয় শ্বেয়াৰ বজাৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে ইয়াৰোপৰি এই সন্দৰ্ভত ভাৰতে কি প্ৰতিক্ৰিয়া ব্যক্ত কৰে সেয়া পৰৱৰ্তী সময়ত হ’ব লক্ষণীয়।

 

অন্য খবৰ পঢ়কঃ পাকিস্তানৰ সৈতে কিয় যুদ্ধবিৰতি কৰিছিল ভাৰতে? সদনত উত্তৰ দিলে মোদীয়ে…