শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
পাঠশালাত অসম গণ পৰিষদৰ পশ্চিম অসম মাণ্ডলিক সমিতিৰ সভা

পাঠশালাত অসম গণ পৰিষদৰ পশ্চিম অসম মাণ্ডলিক সমিতিৰ সভা

Monjit Dutta
Monjit Dutta | Published: 08 Jan 2026 16:17 PM

অগপ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু বজালী বিধান পৰিষদৰ সহযোগত অনুষ্ঠিত এই সভাত দলটোৰ সভাপতি অতুল বৰা, কেশৱ মহন্ত, ফনীভূষণ চৌধুৰী আৰু ভূপেন ৰায়ৰ দৰে শীৰ্ষ নেতাসকল উপস্থিত থাকে। এই বৈঠকৰ পিছতে অতুল বৰাই আগন্তুক বিধানসভা নিৰ্বাচনত NDA-ৰ সৈতে মিত্ৰতাৰে যুঁজ দিয়াৰ কথা পুনৰ দোহাৰে।

আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈছে অসম গণ পৰিষদ (অগপ)। বজালীৰ পাঠশালাত আজি অগপৰ পশ্চিম অসম মাণ্ডলিক সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। অগপ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু বজালী বিধান পৰিষদৰ সহযোগত অনুষ্ঠিত এই সভাত দলটোৰ সভাপতি অতুল বৰা, কেশৱ মহন্ত, ফনীভূষণ চৌধুৰী আৰু ভূপেন ৰায়ৰ দৰে শীৰ্ষ নেতাসকল উপস্থিত থাকে। এই বৈঠকৰ পিছতে অতুল বৰাই আগন্তুক বিধানসভা নিৰ্বাচনত NDA-ৰ সৈতে মিত্ৰতাৰে যুঁজ দিয়াৰ কথা পুনৰ দোহাৰে।

অৱশ্যে অগপই কোনকেইটা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব, সেই বিষয়ে তেওঁ স্পষ্টকৈ একো নকৈ নিৰ্বাচনৰ প্ৰাক-মুহূৰ্ততহে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰা হ’ব বুলি ইংগিত দিয়ে। উল্লেখযোগ্য যে, এইবাৰ নতুন মুখ আৰু মহিলা প্ৰাৰ্থীক সুযোগ দিয়াৰো আশ্বাস প্ৰদান কৰে সভাপতিগৰাকীয়ে।