শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

শক্তিপীঠ কামাখ্যাত দেশৰ সদ্যপ্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, আশিস ল’লে মা কামাখ্যাৰ

সপৰিয়ালে কামাখ্যাত উপস্থিত হৈ তেওঁ আধ্যাত্মিক পৰিৱেশৰ মাজত মাৰ শ্ৰীচৰণত বিশেষ পূজা-অৰ্চনা আগবঢ়ায়। উপ-ৰাষ্ট্ৰপতি পদৰ পৰা অব্যাহতি লোৱাৰ পিছত প্ৰথমবাৰৰ বাবে তেওঁ অসম ভ্ৰমণলৈ আহিছে।

Monjit Dutta
Monjit Dutta | Updated On: 08 Jan 2026 17:13 PM
আজি হঠাতে শক্তিপীঠ মা কামাখ্যা মন্দিৰত উপস্থিত হয় দেশৰ সদ্যপ্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়। সপৰিয়ালে কামাখ্যাত উপস্থিত হৈ তেওঁ আধ্যাত্মিক পৰিৱেশৰ মাজত মাৰ শ্ৰীচৰণত বিশেষ পূজা-অৰ্চনা আগবঢ়ায়।

1 / 5
আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে মন্দিৰত উপস্থিত হয় প্ৰাক্তন উপ-ৰাষ্ট্ৰপতিগৰাকী। মন্দিৰত সেৱা আগবঢ়োৱাৰ পিছতে তেওঁ সংবাদ মাধ্যমক সম্বোধন কৰে আৰু পুনৰবাৰ মা কামাখ্যাৰ আশিস গ্ৰহণ কৰি নিজকে ধন্য মানিছে বুলি প্ৰকাশ কৰে।

2 / 5
উল্লেখ্য যে, যোৱা কেইটামান মাহত ভাৰতীয় ৰাজনীতিত জগদীপ ধনখড়ক লৈ তীব্ৰ চৰ্চা চলি আছিল। তেওঁৰ আকস্মিক পদত্যাগৰ সিদ্ধান্তই ৰাজনৈতিক মহলত জোকাৰণিৰ তীব্ৰ সৃষ্টি কৰিছিল। ব্যক্তিগত কাৰণৰ দোহাই দি তেওঁ পদত্যাগ কৰা বুলি উল্লেখ কৰিছিল।

3 / 5
অৱশ্যে তেওঁৰ এই সিদ্ধান্তৰ আঁৰত গভীৰ ৰাজনৈতিক সমীকৰণ থকাৰ সন্দেহ প্ৰকাশ কৰিছিল বিৰোধীয়ে। সংসদতো শাসনাধিষ্ঠ চৰকাৰক এই বিষয়ত বিৰোধীয়ে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। পদত্যাগৰ পাছত দীৰ্ঘদিন ধৰি ৰাজহুৱা আত্মপ্ৰকাশৰ পৰা বিৰত আছিল জগদীপ ধনখড়।

4 / 5
পিছে আজি হঠাতে মা কামাখ্যা মন্দিৰত উপস্থিত হয় ধনখড়। উপ-ৰাষ্ট্ৰপতি পদৰ পৰা অব্যাহতি লোৱাৰ পিছত প্ৰথমবাৰৰ বাবে তেওঁ অসম ভ্ৰমণলৈ আহিছে। মা কামাখ্যাৰ দৰ্শনে নতুন উদ্যমৰ সঞ্চাৰ কৰে বুলি মন্তব্য কৰে প্ৰাক্তন উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে।

5 / 5