শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে সোণাপুৰত বস্ত্ৰমন্ত্ৰীসকলৰ ৰাষ্ট্ৰীয় সন্মিলন

হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে সোণাপুৰত বস্ত্ৰমন্ত্ৰীসকলৰ ৰাষ্ট্ৰীয় সন্মিলন

Barasha Misra
Barasha Misra | Edited By: Raj Saikia | Updated On: 08 Jan 2026 18:33 PM

এই অনুষ্ঠানত অতিথিৰূপে উপস্থিত থাকে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱ, হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ লগতে আন কেইবাগৰাকীও উচ্চপদস্থ বিষয়া আৰু বিভাগীয় প্ৰতিনিধিয়ে। অসম চৰকাৰৰ সহযোগত বস্ত্ৰ মন্ত্ৰালয়ৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে এই সন্মিলন।

সোণাপুৰত বস্ত্ৰ বিভাগৰ ৰাষ্ট্ৰীয় সন্মিলন। মে’ফেয়াৰ ৰিজ’ৰ্টত অনুষ্ঠিত সন্মিলনত দেশৰ বিভিন্ন ৰাজ্যৰ বস্ত্ৰ বিভাগৰ মন্ত্ৰীসকলে অংশগ্ৰহণ কৰিছে। দুদিনীয়াকৈ অনুষ্ঠিত এই ৰাষ্ট্ৰীয় সন্মিলনত  হস্ততাঁত আৰু বস্ত্ৰশিল্প প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে কেন্দ্ৰীয় হস্ততাঁত আৰু বস্ত্ৰশিল্প মন্ত্ৰী গিৰিৰাজ সিঙে।

এই অনুষ্ঠানত অতিথিৰূপে উপস্থিত থাকে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱ, হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ লগতে আন কেইবাগৰাকীও উচ্চপদস্থ বিষয়া আৰু বিভাগীয় প্ৰতিনিধিয়ে। অসম চৰকাৰৰ সহযোগত বস্ত্ৰ মন্ত্ৰালয়ৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে এই সন্মিলন। ৮ আৰু ৯ জানুৱাৰীত দুদিনীয়াকৈ অনুষ্ঠিত ৰাষ্ট্ৰীয় সন্মিলন। দেশৰ ২৮ খন ৰাজ্য আৰু ৮ খন কেন্দ্ৰীয় শাসিত প্ৰদেশৰ বস্ত্ৰমন্ত্ৰীসকলে অংশগ্ৰহণ কৰি হস্ততাঁত আৰু বস্ত্ৰশিল্প উদ্যোগৰ উত্তৰণ সন্দৰ্ভত মত বিনিময় কৰে।