শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

অসমত অংকুৰিত হৈছে ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যৎ! ৰানৰ লহৰ তুলি অমনে দেখুৱাইছে আশা

বিজয় মাৰ্চেণ্ট ট্ৰফীত অংশ লৈছে মুঠ ৩০ টা দলে। এই ৩০টা দলৰ খেলুৱৈৰ ভিতৰত প্ৰতিযোগিতাত উজ্জীৱিত প্ৰদৰ্শনেৰে জিলিকি উঠিছে অমন যাদৱ। প্ৰতিযোগিতাখনত এতিয়ালৈকে তেওঁ সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটছমেন হিচাপে পৰিগণিত হৈছে।

অসমত অংকুৰিত হৈছে ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যৎ! ৰানৰ লহৰ তুলি অমনে দেখুৱাইছে আশা
অমন যাদৱImage Credit source: Assam Cricket Association
Monjit Dutta
Monjit Dutta | Updated On: 08 Jan 2026 18:17 PM

ক্ৰিকেট বিশ্বত সম্প্ৰতি অন্যতম মহাশক্তিধৰ ভাৰতীয় ক্ৰিকেট। প্ৰায় নিয়মিতভাৱে ভাৰতীয় ক্ৰিকেটত উত্থান ঘটে নতুন নতুন প্ৰতিভাৰ। নিজ চমকেৰে তেওঁলোকে ক্ৰিকেট বিশ্বত গঢ়ি তুলিছে নিজা পৰিচয়। এনে এক প্ৰতিভা হিচাপেই এতিয়া ভাৰতীয় ক্ৰিকেটত চৰ্চিত হৈ পৰিছে অসমৰ এগৰাকী তৰুণ। নাম তেওঁৰ অমন যাদৱ। বিজয় মাৰ্চেণ্ট ট্ৰফীত অসমৰ অনুৰ্ধ-১৬ দলক নেতৃত্ব প্ৰদান কৰা অমনে নিজৰ বেটিং আৰু নেতৃত্বৰে বৰ্তমান সমগ্ৰ দেশৰ ক্ৰিকেট মহলৰ দৃষ্টি আকৰ্ষণ কৰিছে।

অমন যাদৱৰ বিস্ময়কৰ প্ৰদৰ্শন

বিজয় মাৰ্চেণ্ট ট্ৰফীত অংশ লৈছে মুঠ ৩০ টা দলে। এই ৩০টা দলৰ খেলুৱৈৰ ভিতৰত প্ৰতিযোগিতাত উজ্জীৱিত প্ৰদৰ্শনেৰে জিলিকি উঠিছে অমন যাদৱ। প্ৰতিযোগিতাখনত এতিয়ালৈকে তেওঁ সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটছমেন হিচাপে পৰিগণিত হৈছে। মাত্ৰ ৬খন মেচত ৫টা শতকেৰে অমনে একপ্ৰকাৰে অভিলেখ গঢ়িছে অসমৰ এই কিশোৰ তাৰকাগৰাকীয়ে।

প্ৰতিযোগিতাৰ সৰ্বাধিক ৰান

বিজয় মাৰ্চেণ্ট ট্ৰফীৰ ৬খন মেচত ৫ শতকসহ ৮ ইনিংছত ৭৪৯ ৰান সংগ্ৰহ কৰিছে অমন যাদৱে। এই সময়ছোৱাত তেওঁৰ সৰ্বোচ্চ স্ক’ৰ হৈছে ১৭৩।বৰ্তমানৰ বিজয় মাৰ্চেণ্ট ট্ৰফীৰ প্ৰথম ছয়খন মেচত ৭০০ৰো অধিক ৰান সংগ্ৰহ কৰা একমাত্ৰ বেটছমেন অমন যাদৱ। এইদৰে অমনে প্ৰতিযোগিতাখনত অসমক সবল নেতৃত্ব দি ৰানৰো লহৰ তুলিছে।

শতকৰ তুলিছে লহৰ

এইপৰ্যন্ত অমনে সংগ্ৰহ কৰিছে ৫টাকৈ শতক। বংগৰ বিৰুদ্ধে ১০০ ৰানৰ ইনিংছ খেলাৰ পিছত ঝাড়খণ্ডৰ বিৰুদ্ধে ১১৪ ৰান, কেৰালাৰ বিৰুদ্ধে ১৭৩ ৰান, মুম্বাইৰ বিৰুদ্ধে ১৬৬ ৰান (অপৰাজিত) আৰু ছত্তীশগড়ৰ ১০৮ ৰান (অপৰাজিত) ৰান সংগ্ৰহ কৰিছে অমনে। তদুপৰি পঞ্জাৱৰ বিৰুদ্ধে খেলা প্ৰি-কোৱালিফিকেচন মেচখনতো তেওঁ ১০৮ ৰানৰ ইনিংছ খেলিছিল।

ৰিয়ান পৰাগৰ প্ৰশংসা

অমনৰ এনে অনন্য কৃতিত্বক ভূয়সী প্ৰশংসা কৰিছে ৰাজ্যৰ তাৰকা ক্ৰিকেটাৰ ৰিয়ান পৰাগে। ৰিয়ানে তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত অমন যাদৱক ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যৎ বুলি অভিহিত কৰিছে। সমগ্ৰ দেশে বৈভৱ সূৰ্যবংশীক লৈ চৰ্চা চলাই থকাৰ সময়তে ৰিয়ানে অসমৰ এই তৰুণ প্ৰতিভাক বিশ্বৰ সন্মুখত পৰিচয় কৰাই দিছে।