শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল বোকাখাতৰ CRPF কেম্প! গুৰুতৰভাৱে আহত ৩ আৰক্ষী জোৱান

মটৰ চাইকেলত অহা দুষ্কৃতিকাৰীয়ে গ্ৰেনেড দলিয়াই যোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। তদন্ত অব্যাহত থকাৰ সময়ত সমগ্ৰ বোকাখাত আৰু দাঁতিকাষৰীয়া অঞ্চলত হাই এলাৰ্ট জাৰি কৰা হৈছে। অৱশ্যে এতিয়াও আক্ৰমণকাৰী দুৰ্বৃত্তক বিচাৰি উলিয়াবলৈ সক্ষম  হোৱা আৰক্ষী। লগতে এই আক্ৰমণৰ উদ্দেশ্যও এতিয়ালৈ  জানিব পৰা হোৱা নাই। তদন্তৰ লগে লগে অধিক তথ্য লাভৰ সম্ভাৱনা আছে।

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল বোকাখাতৰ CRPF কেম্প! গুৰুতৰভাৱে আহত ৩ আৰক্ষী জোৱান
বোকাখাতৰ CRPF কেম্পত বিস্ফোৰণ
trishna-kalita
Trishna Kalita | Updated On: 25 Jun 2025 13:15 PM

বোকাখাতৰ পাণবাৰী CRPF কেম্পত অঘটন। মঙলবাৰে সন্ধিয়া বোকাখাতৰ সাপজুৰি পাণবাৰীস্থিত CRPFৰ শিবিৰত সন্দেহযুক্ত গ্ৰেনেড বিস্ফোৰণত গুৰুতৰভাৱে আহত হয় আৰক্ষীৰ তিনিজন জোৱান। আহত জোৱানকেইজনক বোকাখাত মহকুমা চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে । খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় বোকাখাত মহকুমা আৰক্ষী।

প্ৰাৰম্ভিক খবৰ অনুসৰি, বাইকেৰে অহা অচিনাকি লোকে শিবিৰটোলৈ গ্ৰেনেড নিক্ষেপ কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। যিয়ে CRPF কেম্পটোৰ পৰিচালিত আৰু লক্ষ্য নিৰ্ধাৰিত আক্ৰমণৰ ইংগিত বহন কৰিছি। ইফালে হঠাৎ সংঘটিত হোৱা বিস্ফোৰণৰ ফলত অঞ্চলটোত আতংকৰ সৃষ্টি কৰে।  নিৰাপত্তাৰক্ষীয়ে তাৎক্ষণিকভাৱে ঘটনাৰ তদন্ত আৰম্ভ কৰে। বিস্ফোৰণত আহত আৰক্ষী জোৱানকেইজন সিদ্ধাৰ্থ বৰবৰা, সুশীল ভূমিজ আৰু মিন্টু হাজৰিকা।

বিস্ফোৰণৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৩ জন আৰক্ষী জোৱানক ততাতৈয়াকৈ বোকাখাত অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। য’ত  বৰ্তমান তেওঁলোক চিকিৎসাধীন হৈ আছে। ইফালে বিস্ফোৰণৰ পিছত দোষীক গ্ৰেপ্তাৰ কৰিবলৈ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত ব্যাপক অভিযান আৰম্ভ কৰে নিৰাপত্তা বাহিনীয়ে ।

মটৰ চাইকেলত অহা দুষ্কৃতিকাৰীয়ে গ্ৰেনেড দলিয়াই যোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। তদন্ত অব্যাহত থকাৰ সময়ত সমগ্ৰ বোকাখাত আৰু দাঁতিকাষৰীয়া অঞ্চলত হাই এলাৰ্ট জাৰি কৰা হৈছে। অৱশ্যে এতিয়াও আক্ৰমণকাৰী দুৰ্বৃত্তক বিচাৰি উলিয়াবলৈ সক্ষম  হোৱা আৰক্ষী। লগতে এই আক্ৰমণৰ উদ্দেশ্যও এতিয়ালৈ  জানিব পৰা হোৱা নাই। তদন্তৰ লগে লগে অধিক তথ্য লাভৰ সম্ভাৱনা আছে।

ইয়াৰ মাজতে চিকিৎসালয়ত উপস্থিত হৈ আহত জোৱানৰ স্বাস্থ্যৰ খবৰ ল’লে মন্ত্ৰী অতুল বৰাই। তেওঁ কয়,  ‘ঘটনাটো অত্যন্ত দুৰ্ভাগ্যজনক। ঘটনাৰ অনুসন্ধান দ্ৰুতগতিত হ’ব,আগতে এনে ঘটনা বোকাখাতত হোৱা নাই কেতিয়াও।” উল্লেখ্য  যে, বিস্ফোৰণ হোৱা ঘৰটোত চি আৰ পি এফৰ কেম্প আছিল যদিও তাত এতিয়া অসম আৰক্ষীৰ জোৱানহে থাকে। সমগ্ৰ ঘটনা বৰ্তমান ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে।