শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বিজেপিত যোগ দিব অখিল গগৈয়ে! সমুখত ৰাখিলে এটা মাত্ৰ চৰ্ত

মন্দিৰত গো-মাংস পেলোৱাক কেন্দ্ৰ কৰি শেহতীয়াকৈ সৃষ্টি হোৱা সাম্প্ৰদায়িক উত্তেজনাকলৈ শাসকীয় বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে শিৱসাগৰৰ বিধায়কগৰাকীয়ে। লগতে সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত বিৰোধী ঐক্যৰ সন্দৰ্ভত কংগ্ৰেছক উদ্দেশ্যি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে অখিল গগৈয়ে।

বিজেপিত যোগ দিব অখিল গগৈয়ে! সমুখত ৰাখিলে এটা মাত্ৰ চৰ্ত
অখিল গগৈ
manas-borah
Manas Borah | Published: 25 Jun 2025 13:10 PM

বিশেষ চৰ্ত ৰাখি বিজেপিত যোগদানৰ প্ৰস্তাৱ দিলে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে! একে সময়তে মন্দিৰত গো-মাংস পেলোৱাক কেন্দ্ৰ কৰি শেহতীয়াকৈ সৃষ্টি হোৱা সাম্প্ৰদায়িক উত্তেজনাক লৈয়ো শাসকীয় বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে শিৱসাগৰৰ বিধায়কগৰাকীয়ে। লগতে সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত বিৰোধী ঐক্যৰ সন্দৰ্ভত কংগ্ৰেছক উদ্দেশ্যি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে অখিল গগৈয়ে।

শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৰাজ্যৰ বিৰোধী ঐক্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰি কয় যে, কংগ্ৰেছৰ সৈতে প্ৰস্তাৱিত মিত্ৰতা ৰাজনৈতিক লাভালাভৰ বাবে নহয়। ইয়াৰ উদ্দেশ্য হৈছে ৰাজ্য আৰু জনসাধাৰণৰ ভৱিষ্যত ৰক্ষা কৰা। লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ আৰু কংগ্ৰেছ নেতাসকলক এই মিত্ৰতাক নৈতিক আৰু কৌশলগত প্ৰয়োজনীয়তা হিচাপে বিচাৰ কৰিবলৈ আহ্বান জনাই অখিল গগৈয়ে ।

“আমি ৰাইজৰ দলৰ স্বাৰ্থত মিত্ৰতা বিচৰা নাই, আমি নিজাববীয়াকৈ কম আসন লাভ কৰিব পাৰো। এই মিত্ৰতা বৰ্তমানৰ শাসনত থকা বিজেপিক পৰাস্ত কৰিবৰ বাবেহে ।” এইদৰে কয় অখিল গগৈয়ে।

একে সময়তে তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি অভিযোগ উত্থাপন কৰি কয় যে, বৰ্তমানৰ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে আৰক্ষীৰ ভয় দেখুৱাই শাসন চলাই আছে। যেতিয়ালৈকে এই অত্যাচাৰী নেতাজন ৰাজনৈতিকভাৱে বহিষ্কৃত নহয়, তেতিয়ালৈকে অসমৰ ৰাইজে প্ৰকৃত স্বাধীনতা অনুভৱ কৰিব নোৱাৰিব।

দেশৰ সম্পত্তি বিক্ৰী কৰি বিভাজনকাৰী ৰাজনীতিত লিপ্ত হোৱা বুলি বিজেপিক সমালোচনা কৰি গগৈয়ে কয়,”হিন্দু-মুছলমান মাজত ঘৃণা বিয়পাই ৰাজ্য এখন শাসন কৰিব নোৱাৰি।” মুখ্যমন্ত্ৰীক সমালোচনা কৰি অখিল গগৈয়ে কয় যে, “সাম্প্ৰদায়িক উত্তেজনা সৃষ্টিৰ বাবে মুখ্যমন্ত্ৰী শৰ্মা প্ৰত্যক্ষভাৱে দায়ী।

“তেওঁলোকৰ দলৰ কৰ্মীয়ে মন্দিৰত গো-মাংস পোলোৱা বুলি বাৰে বাৰে প্ৰমাণিত হৈছে । হিমন্ত বিশ্ব শৰ্মাই এনে কাৰ্যক উচটনি দিয়াৰ বাবে জেলত থাকিব লাগিছিল। মই যদি মুখ্যমন্ত্ৰী হৈ থকাহেঁতেন ২৭ বাৰ ফাঁচী দিলোঁহেঁতেন।” এইদৰে কটাক্ষ কৰে অখিল গগৈয়ে।

মূল্যবৃদ্ধিৰ সন্দৰ্ভত ক্ষোভ প্রকাশ কৰি বিধায়ক গগৈয়ে কয়,”মই যেতিয়াই মুদ্ৰাস্ফীতিৰ কথা কওঁ, মুখ্যমন্ত্ৰীয়ে মোক হিন্দু বিৰোধী বুলি দাবী কৰে। হিন্দু কৰি যদি বস্তু দাম কমাব পাৰি তেন্তে মইয়ো হিন্দু হ’ম। পেট্ৰ’ল মুছলমানৰ বাবে ১০০ টকা আৰু মোৰ বাবে ২৫ টকা কৰক, মই বিজেপিত যোগদান কৰিম।” এইদৰে কয় অখিল গগৈয়ে।