শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Morning News: পলকতে চাওঁ আহক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ…

দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

Morning News: পলকতে চাওঁ আহক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ…
পুৱাৰ মুখ্য খবৰ
manas-borah
Manas Borah | Updated On: 25 Jun 2025 07:44 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

পুৱাৰ মুখ্য খবৰ

  1. আজি ২৫ জুনৰ দিনটো দেশৰ ৰাজনৈতিক ইতিহাসৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ। ১৯৭৫ চনৰ আজিৰ দিনটোতে দেশত ঘোষণা কৰা হয় জৰুৰীকালীন অৱস্থা। ১৯৭৫ চনৰ ২৫ জুনৰ পৰা ১৯৭৭ চনৰ ২১ মাৰ্চলৈ ২১ মাহৰ বাবে ভাৰতত জৰুৰীকালীন অৱস্থাৰ সৃষ্টি হৈছিল।
  2. অসম পৰ্যটন উন্নয়ন নিগম আৰু Book My Show’ৰ মাজত সম্পন্ন চুক্তি। অসমত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কনচাৰ্ট। এই স্বাক্ষৰ অনুষ্ঠানত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, Book My Showৰ সহ প্ৰতিস্থাপক আশীষ হেমৰাজানী। চুক্তি স্বাক্ষৰৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, মন্ত্ৰী-বিধায়কেও কনচাৰ্টৰ ফ্ৰী পাছ নাপাব, সকলোৱে কিনিব লাগিব টিকট।
  3. তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ কিছুদিন পিছতে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই আনুষ্ঠানিকভাৱে জিম্মাত লৈছিল সংযুক্ত মুক্তিবাহিনী অসম (স্বাধীন)ৰ ব্ৰিগেডিয়াৰ ৰূপম অসমক, যাক কান্ত বৰা বুলিও জনা যায়। সূত্ৰসমূহে নিশ্চিত কৰিছে যে আলফা (স্বাঃ)ৰ জ্যেষ্ঠ কেডাৰগৰাকীক যোৱা তিনিদিন ধৰি গুৱাহাটীৰ সমীপৰ NIAৰ সোণাপুৰ কাৰ্যালয়ত তীব্ৰ জেৰা অব্যাহত ৰাখিছে।
  4. অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে ধুবুৰী জিলাৰ চিৰাকুটা চাৰুৱা বাকৰাত ৩৪০০ মেগাৱাট শক্তিৰ তাপ শক্তি কেন্দ্ৰৰ প্ৰস্তাৱিত স্থান পৰিদৰ্শন কৰে। বিলাসীপাৰা উপ-জিলাৰ অধীনত ৩৩০০ বিঘা মাটিত বিস্তৃত প্ৰকল্পৰ স্থান পৰিদৰ্শন কৰে আৰু ৰাজ্যখনৰ আগন্তুক বিদ্যুৎ উৎপাদন প্ৰকল্পৰ বাবে ইয়াৰ কাৰ্যক্ষমতাৰ মূল্যায়ন কৰে। প্ৰকল্পটো বিদ্যুতৰ চাহিদা পূৰণ আৰু বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা লাভৰ বাবে প্ৰয়োজনীয় বুলি চৰকাৰৰ এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে।
  5. অসমৰ ধুবুৰী জিলাত নিশা শ্বুট এট চাইট আদেশ জাৰি কৰাৰ পিছৰে পৰা ১৫০ জনতকৈ অধিক লোকক আটক কৰাৰ লগতে মন্দিৰত গো-মাংস পেলোৱাৰ আঁৰৰ কথিত মাষ্টাৰমাইণ্ড চিনাক্ত কৰা হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে প্ৰকাশ কৰে। শৰ্মাই কয় যে, ১৩ জুনৰ পৰা ৰাজ্যৰ বাহিৰৰ পৰা অহা ১১ জনকে ধৰি ১৫০ জনতকৈ অধিক লোকক আটক কৰা হৈছে।
  6. উৰণ সেতু নিৰ্মাণৰ নামত আমবাৰীৰ পৰা ইতিমধ্যে স্থানান্তৰ কৰা গছবোৰৰ অৱস্থা সন্দৰ্ভত চৰকাৰক প্ৰতিবেদন দাখিল নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ফটোসহ স্থানান্তৰ কৰাৰ গছবোৰৰ বৰ্তমানৰ অৱস্থা সন্দৰ্ভত উচ্চ ন্যায়ালয়ে প্ৰতিবেদন দাখিল কৰিব লাগিব চৰকাৰে।
  7. লীডছৰ খেলপথাৰত ইংলেণ্ডে আচৰিত কাম কৰিলে। বেন ষ্ট’কছৰ দলটোৱে ভাৰতৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত ৩৭১ ৰানৰ ডাঙৰ লক্ষ্যত উপনীত হৈ জয় পঞ্জীয়ন কৰিছে। আনহাতে, প্ৰথম ইনিংছত ৫টা শতক অৰ্জন কৰি অগ্ৰগতি লাভ কৰিও এই মেচত পৰাস্ত হয় টিম ইণ্ডিয়া।

লগতে পঢ়ক: ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজি দিনটোৰ ঘটনা পৰিঘটনা…

আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? চাওক ৰাশিফল…