আপোনাৰ অবিহনে এয়া সম্ভৱ নহ’লহেঁতেন… সফলতাৰ বাবে পত্নীক ধন্যবাদ জনালে মহাকাশচাৰী শুভাংশু শুক্লাই
আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ) ভ্ৰমণ কৰা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী হিচাপে ইতিহাস সৃষ্টি কৰাৰ পূৰ্বে শুভাংশু শুক্লাই পত্নী কামনাৰ বাবে আৱেগিক টোকা লিখিছিল, যিটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

অৱশেষত অপেক্ষা অন্ত পৰিল! বুধবাৰে দিনৰ ১২:০১ বজাত ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা আৰু তেওঁৰ তিনিজন সংগীৰ লগত এক্সিয়াম-৪ মিছন (Axiom-4 Mission) ত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (ISS) লৈ ৰাওনা হৈছে। এই অভিযান ভাৰতৰ মহাকাশ ইতিহাসত এক নতুন মাইলৰ খুঁটি হিচাপে প্রমাণিত হ’ব৷ আই এছ এছ ভ্ৰমণ কৰা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী হিচাপে ইতিহাস সৃষ্টি কৰাৰ পূৰ্বে শুভাংশু শুক্লাই পত্নী কামনাৰ বাবে এখন আৱেগিক টোকা লিখিছিল, যিটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
উৎক্ষেপণৰ পূৰ্বে শুভাংশু শুক্লাই ইনষ্টাগ্ৰামত লিখিছিল, ‘২৫ জুনৰ পুৱা আমি এই গ্ৰহ এৰি যোৱাৰ পৰিকল্পনা কৰিছো। এই অভিযানৰ লগত জড়িত সকলোকে তেওঁলোকৰ সহায়ৰ বাবে ধন্যবাদ জনাইছো, লগতে ঘৰত থকা সকলোকে তেওঁলোকৰ আশীৰ্বাদ আৰু মৰমৰ বাবে ধন্যবাদ জনাইছো।
পত্নীলৈ আৱেগিক বাৰ্তা
একে সময়তে পত্নী কামনাক বিশেষ ধন্যবাদ জনাই তেওঁ কয়, আপুনি এজন ভাল সংগী। এই সকলোবোৰ আপোনাৰ অবিহনে সম্ভৱ নাছিল। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এইবোৰৰ কোনোটোৱেই গুৰুত্বপূৰ্ণ নহয়। ইয়াৰ সমান্তৰালকৈ শুভাংশ শুক্লাই পত্নীৰ সৈতে এখন ফটোও শ্বেয়াৰ কৰিছে, য’ত তেওঁলোকে কাঁচৰ বেৰৰ মাজেৰে ইজনে সিজনক বিদায় দিয়া দেখা গৈছে।
View this post on Instagram
শৈশৱৰ বন্ধু হৈ পৰিল জীৱন সংগী
টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি শুভাংশু আৰু কামনাৰ লগ হৈছিল লক্ষ্ণৌৰ এখন প্ৰাথমিক বিদ্যালয়ত। কামনাই কয় যে, দুয়োজনে তৃতীয় শ্ৰেণীৰ পৰা একেলগে পঢ়িছে, আৰু তেওঁ শুভাংশুক গুঞ্জন নামেৰে চিনি পায়। তেওঁ কয়, “গুঞ্জন আমাৰ ক্লাছৰ আটাইতকৈ লাজুক ল’ৰা আছিল, যিয়ে এতিয়া বহু লোকক অনুপ্ৰাণিত কৰিছে।” এই দম্পতীৰ এটা ছবছৰীয়া পুত্ৰও আছে।
একে সময়তে শুভাংশুৰ মাতৃ আশা শুক্লাই এক্সিয়াম-৪ অভিযানৰ পূৰ্বে বোৱাৰীৰ অদম্য সমৰ্থনৰ প্ৰশংসা কৰে। বোৱাৰী কামনাৰ অবিহনে এই কৃতিত্ব সম্ভৱ নহ’লহেঁতেন বুলি উল্লেখ কৰে। তেওঁ আৰু কয়, “এইটো আমাৰ সকলোৰে বাবে এক গৌৰৱৰ মুহূৰ্ত। দেশৰ ত্ৰিবেণী নগৰৰ এজন ল’ৰাই এনে উচ্চতাত উপনীত হ’বলৈ গৈ আছে বুলি সকলোৱে সুখী। আমাৰ বোৱাৰীজনীৰ অবিহনে এইটো সম্ভৱ নহ’লহেঁতেন। ইয়াত তেওঁ আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।”
লগতে পঢ়ক: ইতিহাস ৰচিলে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই, মহাকাশলৈ ৰাওনা মিছন Axiom-4