অসম পৰ্যটন উন্নয়ন নিগম আৰু Book My Show’ৰ মাজত সম্পন্ন চুক্তি
অসম পৰ্যটন উন্নয়ন নিগম আৰু Book My Show’ৰ মাজত সম্পন্ন চুক্তি। অসমত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কনচাৰ্ট। এই স্বাক্ষৰ অনুষ্ঠানত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, Book My Showৰ সহ প্ৰতিস্থাপক আশীষ হেমৰাজানী। চুক্তি স্বাক্ষৰৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, মন্ত্ৰী-বিধায়কেও কনচাৰ্টৰ ফ্ৰী পাছ নাপাব, সকলোৱে কিনিব লাগিব টিকট।

অসমবাসীৰ বাবে সুখবৰ। আজি অসম পর্যটন উন্নয়ন নিগম আৰু বিগ ট্রী এণ্টাৰটেইনণ্ট প্রাইভেট লিমিটেডৰ মাজত আন্তঃৰাষ্ট্ৰীয় কনচাৰ্ট আয়োজনৰ উদ্দেশ্যে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এই স্বাক্ষৰ কৰা হয়।ভাৰতবৰ্ষৰ বিনোদনৰ ক্ষেত্ৰখনত বুক মাইশ্ব’নামেৰে পৰিচিত বিগ ট্ৰী এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডে ইতিমধ্যে এক অগ্রণী প্রতিষ্ঠান হিচাপে নিজৰ সুকীয়া পৰিচয় গঢ়ি তুলিছে। দেশৰ ভিন্ন প্ৰান্তত বৃহৎ সংগীতৰ অনুষ্ঠানসমূহ সফলতাৰে আয়োজন কৰি বিগ ট্ৰী এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডে নিজৰ সামৰ্থৰ স্পষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। এই চুক্তিয়ে বিশ্বমানৰ কনচাৰ্ট আয়োজন কৰাৰ ক্ষেত্ৰত অসমৰ সক্ষমতা বৃদ্ধি কৰিব।
এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয় যে, অসমত আন্তঃৰাষ্ট্ৰীয় কনচাৰ্ট আয়োজনৰ উদ্দেশ্যে আজি স্বাক্ষৰিত বুজাবুজিৰ চুক্তিয়ে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত এক নতুন যাত্ৰাৰ সূচনা কৰিলে আৰু বিশ্বমানৰ বিনোদনৰ কেন্দ্ৰ হিচাপে অসমৰ পৰিচয় গঢ়াৰ দিশতো এই চুক্তিখন নিঃসন্দেহে এক শক্তিশালী পদক্ষেপ। তেওঁ কয় যে এই চুক্তি স্বাক্ষৰ কেবল এক সহযোগিতাৰ আৰম্ভণিয়ে নহয়, বিশ্ব মানৰ কনচাৰ্ট আয়োজন কৰাৰ ক্ষেত্ৰত অসমৰ সক্ষমতাৰ প্ৰতি তেওঁলোকে প্ৰদৰ্শন কৰা বিশ্বাসৰো এক স্পষ্ট প্রমাণ। এই সহযোগিতাৰ সমগ্ৰ বিশ্বৰ কনচাৰ্ট প্ৰেমীসকলৰ বাবে অসমে অবিস্মৰণীয় অভিজ্ঞতাৰ গন্তব্য স্থল হিচাপে গঢ়ি তোলাত গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াব বুলি মন্তব্য কৰে। প’প, ৰক, ইডিএম আৰু হিপ-হ’পৰ দৰে আধুনিক সংগীত ধাৰাৰ প্ৰতি অনুৰাগ থকা আমাৰ ৰাজ্যৰ যুৱ প্ৰজন্মৰ বাবে এই চুক্তিখনে আশাৰ এক নতুন বতৰা কঢ়িয়াই আনিছে। ভাষণ প্ৰসংগত তেওঁ কয়, এই চুক্তিখনে এনে এখন ভৱিষ্যতৰ দুৱাৰ মুকলি কৰিলে যাৰ জৰিয়তে আমাৰ ৰাজ্যখনে নিয়মিতভাৱে আন্তঃৰাষ্ট্ৰীয় কনচাৰ্ট আয়োজন কৰি বিশ্বপৰ্যায়ৰ সংগীতানুষ্ঠানৰ বিশ্ব মিউজিক চাৰ্কিটৰ এক গুৰুত্বপূৰ্ণ অংগত পৰিণতি হ’ব।
সম্প্রীতি লাইভ কনচাৰ্টসমূহে আমাৰ দেশত এক শক্তিশালী সাংস্কৃতিক আন্দোলনৰ সূচনা কৰিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই কনচাৰ্টসমূহে বৃহৎ জনসমাগমৰ লগতে শৈল্পিক অভিব্যক্তিৰ বাট প্রশস্ত কৰি নগৰ-মহানগৰসমূহক উত্তম আৰু বিশ্বজনীন সৃষ্টিশীলতাৰ কেন্দ্ৰস্থললৈ ৰূপান্তৰি কৰিছে। তেওঁ কয় যে অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ে এই ক্ষেত্ৰত সকলোৰে বাবে আদর্শ স্থাপন কৰিছে। তেওঁ লগতে কয় যে প্ৰকৃতিৰ নৈসৰ্গিক সৌন্দৰ্যৰ কোলাত অন্তৰস্পৰ্শী সংগীত উপভোগ কৰাৰ সুযোগ প্ৰদান কৰি সম্প্ৰীতি সংগীত প্ৰেমীসকলৰ বাবে উত্তৰ পূৰ্বাঞ্চল এক অনন্য গন্তব্যস্থলত পৰিণত হৈছে। ভাষণ প্ৰসংগত তেওঁ কয় যে এনে এক অনুকূল সাংগীতিক পৰিৱেশক আধাৰ হিচাপে লৈ অসমেও এই যাত্ৰাত আগবাঢ়িব বিচাৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ সাংস্কৃতিক ঐশ্বৰ্য, যুৱ শক্তিৰ উদ্যমিতা আৰু আগ্ৰহ তথা প্রাকৃতিক সৌন্দৰ্যৰ অনন্য মিশ্ৰণেৰে লাইভ কনচাৰ্ট সংস্কৃতি গঢ়ি তোলাৰ পথত অসমে খোজে দিছে আৰু এই পদক্ষেপে বিশ্ব সংগীতপ্রেমীৰ স্বচ্ছন্দৰ সৈতে ৰজিতা খুৱাই ৰাজ্যখনৰ স্বকীয় সাংস্কৃতিক পৰিচয়ো অধিক উজ্জ্বল ৰূপত উদ্ভাসিত কৰিব ।
মুখ্যমন্ত্রীয়ে কয় যে এক সমৃদ্ধ সংস্কৃতি আৰু গভীৰ আধ্যাত্মিক পৰম্পৰাৰ ভূমি হিচাপে আমাৰ ৰাজ্যখনে নিজস্ব ঐতিহ্য বহন কৰি আহিছে। তেওঁ কয় যে বিহু, বাগৰুম্বা আদিৰ দৰে অসমৰ লোকসংগীতৰ মাধ্যমসমূহ সুকীয়া বৈশিষ্ট্য আৰু আকর্ষণেৰে চহকী। আমাৰ যুৱপ্ৰজন্মৰ মাজত আধুনিক সংগীতৰ প্রতি আগ্রহ ক্রমান্বয়ে বৃদ্ধি পাইছে। এই দুয়োটা ধাৰাৰ সমন্বয়ে অসমত এক জীৱন্ত কনচাৰ্ট সংস্কৃতি গঢ়ি তোলাৰ এক উৎকৃষ্ট পৰিৱেশৰ সৃষ্টি কৰিছে। ৰাজ্যখনৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু ঐতিহাসিক সমলৰ লগতে নৈপৰীয়া পৰিৱেশ, সেউজীয়ে আৱৰি থকা চাহ বাগিচা আদিয়ে ৰাজ্যখনক মিউজিকেল কনচাৰ্টৰ উৰ্ধলৈ নি পৰ্যটনৰ এক পূৰ্ণাংগ গন্তব্যস্থলত পৰিণত কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে আধুনিক কনচাৰ্টপ্রেমীসকলে সংগীতৰ সমান্তৰালভাৱে এনে এক পৰিৱেশৰ সন্ধান কৰে, য’ত তেওঁলোকে নিজকে সমাহিত কৰিব পাৰে। এনে দিশৰ পৰা বিবেচনা কৰিলে অসমে নিঃসন্দেহে বৃহৎ কনচাৰ্টৰ আদৰ্শ গন্তব্যস্থল হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰে।
মুখ্যমন্ত্ৰীয়ে কয় যে, যোৱা সময়ছোৱাত যাতায়াত আৰু আতিথ্য খণ্ডত অসমত যি এক যুগান্তকাৰী পৰিৱৰ্তন হৈছে তাৰ ফলত অসমৰ সৈতে এতিয়া দেশৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সুচল যোগাযোগ স্থাপিত হৈছে। লগে লগে অসমখন ভ্ৰমণৰ বাবে অধিক সুগম হৈ পৰিছে। এনে এক পৰিৱৰ্তিত প্ৰেক্ষাপটত অসম এতিয়া পৰ্যটনৰ এক আকর্ষণীয় গন্তব্যস্থলীলৈ ৰূপান্তৰ হৈছে।
মুখ্যমন্ত্ৰীয়ে কয় যে গুৱাহাটী আজি দক্ষিণ পূৱ এছিয়াৰ দুৱাৰমুখ হিচাপে পৰিগণিত হৈছে। ৰাজ্য চৰকাৰে কনচাৰ্ট পর্যটন আৰু অৰ্থনীতি গঢ়ি তোলাৰ দিশত পদক্ষেপ লৈছে বুলি মন্তব্য কৰি কয় যে আজি গুৱাহাটী মহানগৰীত আতিথ্য খণ্ডৰ বিকাশৰ লগতে আকাশী যোগাযোগ ব্যৱস্থা শক্তিশালী হৈ উঠিছে। ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতি এতিয়া স্বাভাৱিক। তেওঁ লগতে কয় যে এই বুজাবুজিৰ চুক্তিয়ে অকল গুৱাহাটী মহানগৰীতে নহয়, ডিব্ৰুগড়, যোৰহাট, শিলচৰ আদিৰ দৰে মহানগৰ-নগৰসমূহত কনচাৰ্ট অনুষ্ঠিত কৰিব পৰা যাব। মুখ্যমন্ত্রীয়ে আশা প্রকাশ কৰি কয় যে, চলিত বৰ্ষত ৩-৪ টা কনচাৰ্ট আয়োজন কৰিব পৰা যাব। অসমৰ কামাখ্যা, বটদ্ৰৱা আদিৰ দৰে ধৰ্মীয় পৰ্যটনে আৰু কাজিৰঙা, মানস আদিৰ দৰে প্ৰাকৃতিক পৰ্যটনে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যিদৰে আগ্রহ সৃষ্টি কৰিছে তেনেদৰে সাংস্কৃতিক পৰ্যটনৰ ক্ষেত্ৰটো অসম আকৰ্ষণৰ এক অন্যতম কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিব আৰু সংগীতপ্রেমী তথা সাংস্কৃতিক অনুৰাগীসকলৰ বাবে অসমক এখন নিতান্তই ভ্রমণযোগ্য গন্তব্যস্থান হিচাপে প্ৰতিষ্ঠা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশাপ্রকাশ কৰে । কনচাৰ্ট পৰ্যটনে ৰাজ্যৰ অৰ্থনৈতিক দিশ সবলীকৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি তেওঁ কয় ।
এই চুক্তি সন্দৰ্ভত সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখিছে, ‘অসমত আন্তঃৰাষ্ট্ৰীয় সংগীত সমাৰোহ আয়োজনৰ উদ্দেশ্যে অসম পৰ্যটন উন্নয়ন নিগম আৰু বিগট্ৰি এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰিত কৰাৰ গুৰুত্বপূৰ্ণ অনুষ্ঠানটিত উপস্থিত থাকিবলৈ পাই আনন্দিত হৈছোঁ। বিশ্বমানৰ বিনোদনৰ কেন্দ্ৰ হিচাপে অসমৰ পৰিচয় গঢ়াৰ দিশত এই চুক্তি নিঃসন্দেহে শক্তিশালী পদক্ষেপ হ’ব। বিনোদন জগতত বুকমাইশ্ব’ নামেৰে পৰিচিত বিগট্ৰি এণ্টাৰটেইনমেণ্টৰ অসমত উপস্থিতি আৰু এই চুক্তি স্বাক্ষৰ কেৱল এক সহযোগিতাৰ আৰম্ভণিয়ে নহয়, বিশ্বমানৰ সংগীত সমাৰোহ আয়োজন অসমৰ সক্ষমতাৰ প্ৰতি তেওঁলোকে প্ৰদৰ্শন কৰা বিশ্বাসৰো এক স্পষ্ট প্ৰমাণ।
আজি স্বাক্ষৰিত চুক্তিখন কেৱল সংগীত সমাৰোহ আয়োজনৰ বাবে এক অনুকূল পৰিৱেশ সৃষ্টি কৰাতে সীমাবদ্ধ নহয়; বৰঞ্চ এই চুক্তিৰ দৃষ্টিভংগী অধিক গভীৰ আৰু সম্ভাৱনাপূৰ্ণ। এই পদক্ষেপে আমাৰ ৰাজ্যৰ উজ্জীৱিত ৰূপ, অসমবাসীৰ প্ৰতিভা আৰু উদ্যম প্ৰতিফলিত কৰাৰ লগতে সংগীতৰ বিশ্বজনীন ভাষাৰ জৰিয়তে আমাৰ সমৃদ্ধ সংস্কৃতিক বিশ্বৰ সৈতে সংযোগ কৰাৰ এক দৃঢ় প্ৰতিশ্ৰুতি বহন কৰিছে।’
আজিৰ এই অনুষ্ঠানত পৰ্যটন আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, মুখ্য সচিব ড° ৰবি কোটা, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব ড° কে কে দ্বিৱেদী, পৰ্যটন বিভাগৰ আয়ুক্ত সচিব দিগন্ত বৰা, পৰ্যটন বিভাগৰ আয়ুক্ত সচিব তথা অসম পর্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক কুমাৰ পদ্মপানি বৰা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, উপাধ্যক্ষ দিলীপ দাস, বিগ ট্ৰী এণ্টাৰটেইনণ্ট প্রাইভেট লিমিটেড (বুকমাইশ্ব’)ৰ চি ই অ’ আশীষ হেমৰাজানী প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।