শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আজি প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ দ্বিতীয় দিন, ৰাজ্যবাসীয়ে লাভ কৰিব নতুন উপহাৰ

আজি দিনটোত প্ৰধানমন্ত্ৰী মোদীৰ আটাইতকৈ উল্লেখযোগ্য কাৰ্যসূচী হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ হ’বলগীয়া প্ৰায় ৩৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিড’ৰ প্ৰকল্পৰ ভূমি পূজন। প্ৰায় ৬,৯৫৭ কোটি টকাৰ এই প্ৰকল্পটোৱে কাজিৰঙাৰ বন্যপ্ৰাণীৰ বাবে এক সুৰক্ষিত ক’ৰিডৰ নিশ্চিত কৰিব।

আজি প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ দ্বিতীয় দিন, ৰাজ্যবাসীয়ে লাভ কৰিব নতুন উপহাৰ
আজি প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ দ্বিতীয় দিন
Monjit Dutta
Monjit Dutta | Published: 18 Jan 2026 07:08 AM

দুদিনীয়া ভ্ৰমণসূচীৰে সম্প্ৰতি অসমত উপস্থিত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। শনিবাৰে সন্ধিয়া অসমত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীগৰাকীৰ আজি এই ভ্ৰমণসূচীৰ দ্বিতীয় তথা অন্তিমটো দিন। কালি প্ৰধানমন্ত্ৰী মোদীয়ে সৰুসজাই ষ্টেডিয়ামত এক বিশাল সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰে। কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত বাগৰুম্বা নৃত্যৰ এক ঐতিহাসিক ক্ষণৰ সাক্ষী হয় প্ৰধানমন্ত্ৰী মোদী। আজি তেওঁ ৰাজ্যবাসীক কেইবা হাজাৰ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উপহাৰ আগবঢ়াব।

কাজিৰঙা এলিভেটেড কৰিড’ৰৰ ভূমি পূজন

আজি দিনটোত প্ৰধানমন্ত্ৰী মোদীৰ আটাইতকৈ উল্লেখযোগ্য কাৰ্যসূচী হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ হ’বলগীয়া প্ৰায় ৩৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিড’ৰ প্ৰকল্পৰ ভূমি পূজন। প্ৰায় ৬,৯৫৭ কোটি টকাৰ এই প্ৰকল্পটোৱে কাজিৰঙাৰ বন্যপ্ৰাণীৰ বাবে এক সুৰক্ষিত ক’ৰিডৰ নিশ্চিত কৰিব।

এই উৰণীয়া সেতু নিৰ্মাণৰ ফলত কাজিৰঙাত যান-বাহনৰ খুন্দাত বন্যপ্ৰাণীৰ মৃত্যুৰ যি সমস্যা আছিল, সেই শংকা চিৰদিনৰ বাবে দূৰ হ’ব বুলি আশা কৰা হৈছে। ইয়াৰ জৰিয়তে পৰিৱেশ সংৰক্ষণ আৰু আন্তঃগাঁথনি উন্নয়নৰ এক বিৰল সমন্বয় দেখা পোৱা যাব বুলি আলোচিত হৈছে। লগতে এই প্ৰকল্পই উজনি অসমৰ লগত সংযোগ অধিক দ্ৰুত আৰু সহজ কৰি তুলিব।

অমৃত ভাৰত এক্সপ্ৰেছ ৰে’লৰ শুভাৰম্ভ

যোগাযোগ ব্যৱস্থাক অধিক গতিশীল কৰি তোলাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী মোদীয়ে আজি অসমবাসীৰ বাবে উপহাৰ দিব দুখনকৈ ‘অমৃত ভাৰত এক্সপ্ৰেছ’। অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত এই ৰে’লে উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে দেশৰ অন্যান্য প্ৰান্তৰ সংযোগ ব্যৱস্থা অধিক সুচল আৰু আৰামদায়ক কৰি তুলিব। এই ৰে’লে যাত্ৰীৰ বাবে বিশ্বমানৰ সুবিধা থাকিব, যি অসমৰ ৰে’ল যাতায়াতক এক নতুন মাত্ৰা প্ৰদান কৰিব।

১৭ জানুৱাৰীৰ কাৰ্যসূচী

উল্লেখ্য যে ভ্ৰমণৰ প্ৰথম দিনা শনিবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত বিশাল সাংস্কৃতিক অনুষ্ঠান বাগুৰুম্বা দ’হৌত অংশগ্ৰহণ কৰে। হাজাৰ হাজাৰ লোকৰ উপস্থিতিত বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত বাগৰুম্বা নৃত্য প্ৰত্যক্ষ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। অসমৰ সংস্কৃতি, বড়ো পৰম্পৰাক ওচৰৰ পৰা দেখিবলৈ পাই সৌভাগ্যৱান হোৱা বুলি তেওঁ মন্তব্য কৰে।